হস্তশিল্পৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন

লিডুঃ সৎ উদ্দেশ্য আগত ৰাখি নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে কৰা সৰু-বৰ যিকোনো কামত সফল হ’ব পাৰি। আৰু ইয়েই জন্ম দিয়ে এজন সফল ব্যক্তিক৷

হয়, তেনে কামৰেই সূচনা কৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত নিজৰাপাৰা অঞ্চলত৷ যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ আশাত হাবাথুৰি খাই ফুৰিছে, তেনে সময়তে মাৰ্ঘেৰিটাৰ অনিমা সন্দিকৈয়ে হস্তশিল্পত জড়িত হৈয়ো যে চহকী হ’ব পাৰি তাৰেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷

শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত অনিমাই আজৰি সময়ত অযথা সময় নষ্ট নকৰি অলপ ব্যতিক্ৰমী পদক্ষেপেৰে ঘৰৰ পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বহু কেইপদ মূল্যৱান সামগ্ৰী৷
পেলনীয়া সামগ্ৰীসমূহক লিৰিকি-বিদাৰি চাই এইগৰাকী মহিলাই ইতিমধ্যে পেলনীয়া গছৰ ডাল, বটলৰ লগতে নাৰিকল আৰু তামোলৰ বাকলিৰপৰা ফুল, চৰাই, মাছ, বেগ, জীৱ-জন্তু ইত্যাদি নিৰ্মাণ কৰি সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷

ইপিনে অতি কম দিনৰ ভিতৰতে উদ্ভাৱনী চিন্তাৰে পেলনীয়া সামগ্ৰীসমূহক এনে নতুনত্ব দিয়া মাৰ্ঘেৰিটাৰ অনিমা সন্দিকৈয়ে উল্লিখিত সামগ্ৰীসমূহৰ উপৰিও কেইবাপ্ৰকাৰৰো আটকধুনীয়া চিত্ৰকলা নিৰ্মাণ কৰি নতুন প্ৰজন্মক ইয়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰিছে৷

শিক্ষকতাৰ দৰে বৃত্তিত জড়িত থাকিও আজৰি সময়ত অযথা সময় নষ্ট নকৰি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা অনিমা সন্দিকৈ এতিয়া অঞ্চলটোৰ বহু নিৱনুৱা যুৱক-যুৱতীৰ বাবে হৈ পৰিছে স্বাৱলম্বিতাৰ দিশ নিৰ্দেশক৷

বৰ্তমান মহিলাগৰাকীয়ে নিৰ্মাণ কৰা সামগ্ৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰত বিপুল সমাদৰ লাভ কৰিছে৷ লগতে অসমৰ বিভিন্ন প্ৰান্তৰত বৰ্তমান মহিলাগৰাকীয়ে হস্তশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি অঞ্চলটোলৈ যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷