প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট
প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট

চামুগুৰিঃ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ননৈ চাহ বাগিছাত ১৯ মে'ৰ পৰা বিচৰণ কৰি আছে এটা আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘে৷ নগাঁও জিলাৰ চামগুৰিত তাকে লৈ প্ৰাণৰ সংশয়ত ভুগিছে স্থানীয় লোক।

তথাপি কোনো বিশেষ ব্যৱস্থা কৰা নাই শালনা আঞ্চলিক বন বিভাগে৷ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে ননৈ চাহ বাগিছা কৰ্তৃপক্ষই৷

শালনা আঞ্চলিক বন বিষয়া গৰাকীয়ে কেইজন বনকৰ্মীৰ দ্বাৰা পহৰা দিয়াৰ ব্যৱস্থা কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে৷

বাগিছাখনৰ শ্ৰমিক সকলৰ কাম ক্ষতি হোৱাৰ উপৰিও বনৰজাৰ আতংকত বিনীদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে অঞ্চলৰ ৰাইজে।

ইফালে ৰাজ্যত এটা বিয়াগোম বন বিভাগ তথা বহু সংখ্যক বনকৰ্মী থকাৰ পিছতো আহত বন ৰজাকলৈ বন বিভাগে ল'ৰা-ধেমালি খেলি থকাৰ সময়ত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই দেখুৱালে উচিত নিদৰ্শন।

চাহ বাগিছা খনত উপস্থিতহৈ দুলুৱে বাঘৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা দেখা পোৱা গ'ল। বন্যপ্ৰণী আৰু মানুহৰ সংঘাতৰ মূল কাৰণ সমূহ ফঁহিয়াই দেখুৱাৰ উপৰিও বন বিভাগে কোনো বিশেষ ধাৰণা নকৰাকৈয়ে পিঞ্জৰা পতাৰ কাণ্ডত হতভম্ব হয় প্ৰকৃতিপ্ৰেমী যুৱকজন। স্থানীয় ৰাইজে বন বিভাগক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷