লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৃহত্তৰ মাকুমকিল্লাবাসী ৰাইজৰ সৌজন্যত ৪ দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক  কাৰ্যসূচীৰে উদযাপন কৰিছে অবিভক্ত ডিব্ৰুগড় জিলা ভিত্তিত ৰঙালী বিহু উৎসৱ৷

সগৌৰৱে ৰূপালী জয়ন্তীবৰ্ষত ভৰি দিয়া বিহু মেলাখনিত ১৪ এপ্ৰিলত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক ৰঙালী বিহুৰ ওলগ আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

২৫ এপ্ৰিলৰপৰা ২৭ এপ্ৰিলৰ লৈকে অনুষ্ঠিত হ’ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী৷ ২৫ এপ্ৰিলৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব প্ৰতিষ্ঠাপক সভাপতি অজিত বৰাই৷ য’ত বিহুমেলাখনিৰ ২৫ বৰ্ষ পূৰ্তি উপলক্ষে সন্মানীয় ব্যক্তি আৰু প্ৰাক্তন বিষয়ববীয়াসকলৰদ্বাৰা থিতাতে ২৪ খন পতাকা উত্তোলন কৰা হ’ব৷

শ্বহীদ তৰ্পণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অদিত গগৈয়ে৷ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা৷ উদ্ধোধন কৰিব মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই।

বিয়লি ৩ বজাৰ লগে লগেই অনুষ্ঠিত হ’ব বিহুগীত, দলীয় বিহুনৃত্য, গগনা বাদন, ঢোলবাদন, পেঁপা বাদন, বাঁহী বাদন প্ৰতিযোগিতা। সমান্তৰালকৈ অনুষ্ঠিত হ’ব নিম্ন শাখাৰ জেং বিহু আৰু মৌকুঁৱৰী প্ৰতিযোগিতা৷

২৬ এপ্ৰিলৰ সাংস্কৃতিক প্ৰতিযোগিতা উদ্ধোধন কৰিব লক্ষ্য কোঁৱৰে (সদস্য সচিব, ছাত্ৰ আৰু যুৱ কল্যান বিভাগ, ৰাজ্যিক উপদেষ্টা সমিতি, অসম চৰকাৰ)৷

উক্ত দিনা নিম্ন শাখাৰ হুঁচৰি প্ৰতিযোগিতাৰ সমান্তৰালকৈ অনুষ্ঠিত হ’ব বিহুৱতী, বৰ বিহুৱতী, আৰু অসম ভিত্তিত বিহু হুঁচৰি প্ৰতিযোগিতা৷

শেষৰ দিনা ২৭ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া বঁ‌টা বিতৰণি আৰু মুকলি সভাত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই। নিশা সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গ, ভৃগু কাশ্যপৰ লগতে কেইবাগৰাকীও সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰিব। সেয়ে সমূহ মাৰ্ঘেৰিটা বাসী ৰাইজৰ একান্ত উপস্থিতি কামনা কৰি নিমন্ত্ৰনী শৰাই আগবঢ়াইছে উদ্-যাপন সমিতিৰ হৈ সম্পাদক সুনীল গুৰুং আৰু সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়াই৷