উজ্জ্বল চৌধুৰী, লিডুঃ অসমীয়া গীতি সাহিত্যত নৱতম সংযোজন 'সুৰ এটি দিয়ানা’ শীৰ্ষক এখনি গীতৰ পুথি অলপতে মাৰ্ঘেৰিটাত উন্মোচিত কৰা হয়৷

বিশিষ্ট লিখক, কবি তথা উপন্যাসিক ডঃ ৰঞ্জিত দত্তৰদ্বাৰা বিৰচিত গীতৰ পুথিখনি উন্মোচন কৰে অসমীয়া সংগীত জগতৰ মহীৰুহ স্বৰূপ প্ৰশান্ত বৰদলৈয়ে৷ বৰ্তমান অসমীয়া গীতি সাহিত্য জগতখন এক পুতৌ লগা অৱস্থাৰ মাজেৰে গতি কৰিছে৷

সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ প্ৰতিযোগিতাত নিমজ্জিত আমাৰ যুৱ-প্ৰজন্মই সাহিত্য জগতৰ অতি মধুৰ অংশ গীতি সাহিত্যৰ গৰিমাক অৱনমিত কৰাৰ সন্ধিক্ষণতে ('সুৰ এটি দিয়ানা’) সংকলনখনিয়ে এক নতুন যুগৰ সূচনা কৰিলে বুলি উন্মোচনী অনুষ্ঠানটিত উপস্থিত প্ৰতিগৰাকী শিল্পীয়ে প্ৰকাশ কৰে৷

সুন্দৰ শব্দৰ গাঁথনি, নব্য চিন্তাৰ উদ্ৰেক ঘটোৱা সংকলনখনি ডঃ ৰঞ্জিত দত্তই ৰঙালীৰ উপলক্ষে ৰাইজলৈ আগবঢ়োৱা এক নতুন উপহাৰ বুলি সকলোৱে গণ্য কৰিছে৷ এক সময়ত উত্তৰ পূব কয়লাক্ষেত্ৰৰ দক্ষ বিষয়া, উপন্যাসিক তথা বৰ্তমান গীতি সাহিত্য জগতত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা ডঃ ৰঞ্জিত দত্তৰ গীতৰ সংকলনখনি উন্মোচন কৰা হয় 'সুৰৰ দেউল’ নামৰ সাংস্কৃতিক গোষ্ঠী এটিৰ উদ্যোগত৷ 

মন কৰিবলগীয়া যে লিডু আৰু মাৰ্ঘেৰিটাত নব্য চেতনাৰ উন্মেষ ঘটোৱা এই গৰাকী প্ৰথিকৃত প্ৰচেষ্টাত ইয়াৰ পূৰ্বেও কেইবাখনো গ্ৰন্থ পঢ়োৱৈ সমাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ কৰিব পাৰি যে অনুষ্ঠানটিত কেইবাগৰাকীও কবি, শিল্পীয়ে তেওঁলোকৰ সুমধুৰ কন্ঠস্বৰেৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলে৷

বিশেষকৈ পথাৰ শিল্পী লুহিত গগৈ, কামিনী গোহাঁই, দিপা বৰপূজাৰী প্ৰভৃতি শিল্পী উপৰিও জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদৰদ্বাৰা আবৃত্তি কৰা কবিতাই অনুষ্ঠানটিক অধিক ৰসাল কৰি তুলে।