বিশেষ প্ৰতিবেদনঃ কেইদিনমানৰ আগতে অসম চৰকাৰে সুৰা বিণীসমূহ লকডাউনৰ মাজতে খুলিবলৈ হঠাৎ সিদ্ধান্ত লয়। কথা মতেই কাম। গৰু বিহুৰ দিনা সুৰাৰ বিপণী খোলাৰ লগে লগে অসমত সেই দিনটোত প্ৰায় ৫৫ কোটি টকাৰ সুৰা বিক্ৰী হয়। অৱশ্যে সুৰাৰ বিক্ৰী আশা কৰাতকৈও ভাল হ’লেও তাৰ পৰা চৰকাৰে নতুনকৈ লাভ নকৰিলে কোনো ৰাজহ। বিক্ৰী হোৱা সুৰাৰ সকলোখিনিয়েই পুৰণি ষ্টকৰ বাবে চৰকাৰে সেই দিনটোত নতুনকৈ কৰ সংগ্ৰহ কৰিব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।

অৱশ্য নতুন-পুৰণি হিচাপ নকৰিল লকডাউনৰ মাজত সুৰাৰ বিপনী খোলাৰ ফলত হোৱা বিক্ৰীৰ পৰা আবকাৰী বিভাগে লাভ কৰা ৰাজহৰ পৰিমাণ দহ কোটিতকৈও অধিক বুলি ২৮ এপ্ৰিলৰ এক সংবাদমেলত সদৰী কৰিছিল বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কোম্পানীৰ বাণিজ্যিক লক্ষ্য থকাৰ দৰে অসম চৰকাৰৰো সুৰা বিক্ৰীৰ পৰা লাভ কৰা কৰেৰে ৰাজকোষ টনকিয়াল কৰাৰ লক্ষ্য থাকে। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দৰেকৈ সৰ্বানন্দ সোণোৱাল নেতৃতাধীন বিজেপি চৰকাৰখনেও বিগত চাৰি বছৰত ৰাজকোষ টনকিয়াল কৰিবৰ বাবে সুৰাকে ৰাজহৰ প্ৰধান উৎস হিচাপে গণ্য কৰি অহা পৰিলক্ষিত হৈছে।

সহজ ভাষাত ক’বলৈ হ’লে আমাৰ ৰাজ্যখন পৰিচালনাত হোৱা ব্যয়ৰ সিংহভাগ ধনেই আহে সুৰা বিক্ৰীৰ পৰা। অসমৰ প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ মাজতে নিজা নিজা পানীয় (সুৰা)ৰ প্ৰচলন আছে। এনে পৰাম্পৰাগত পানীয় গ্ৰাম্যাঞ্চলত বহুলভাৱে উপলব্ধ। তাৰোপৰি চৰকাৰী অনুজ্ঞা-পত্ৰপ্ৰাপ্ত দেশীয় সুৰাৰ মহল, বিদেশী সুৰাৰ অন চপ, অফ চপৰ  লগতে অনুজ্ঞাপত্ৰবিহীন চুলাইৰো এখন বিশেষ বজাৰ আছে।

কেইদিনমানৰ আগতে গোলাঘাটত হৈ যোৱা সুৰাৰ ট্ৰেজেদী সকলোৰে জ্ঞাত। সুৰাৰ ৰাগীত দৈনিক বহুজনে প্ৰাণ হেৰুৱাই আহিছে। কিমানৰ সংসাৰ দুৰ্বিসহ হৈছে সেয়াও দৈনিক সংবাদ মাধ্যমত প্ৰকাশ হৈয়ে আছে। ইমানৰ পিছতো ভাৰতৰ ভিন্ন ৰাজ্যৰ দৰেকৈ অসম চৰকাৰেও কৰ সংগ্ৰহৰ মূল হিচাপে লৈছে সুৰাক। উল্লেখ্য যে অগপ শাসন কালত অসমত সুৰাৰ প্ৰচলন অধিকভাৱে আৰম্ভ হৈছিল। বৰ্তমানৰ চৰকাৰেও অগপৰ দিনৰ সেই একে নীতিকেই অনুসৰণ কৰা দেখা গৈছে। এই নীতিৰ বাবেই উল্লিখিত সংবাদমেলখনত এতিয়ালৈকে বিপণীসমূহ খোলা থাকিলে এই ৰাজহৰ পৰিমাণ ১০০ কোটিতকৈও অধিক হ’লহেতেনে বুলিও মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে। কিন্তু মন্ত্ৰীগৰাকীয়ে আশা কৰা ধৰণেই অনাগত দিনত সুৰা বিক্ৰীৰ পৰা আবকাৰী বিভাগৰ ৰাজহৰ পৰিমাণ বৃদ্ধি হ’বনে?

সঁচাকৈয়ে বৃদ্ধি পাবনে সুৰা বিক্ৰীৰ পৰা সংগ্ৰহ কৰা ৰাজহ?

সুৰা বিক্ৰীৰ পৰা ৰাজহ সংগ্ৰহৰ লক্ষ্যৰেই ইতিমধ্যে খুলি দিয়া হৈছে ৰাজ্যৰ সুৰা বিপণীসমূহ। কিন্তু চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এই আশা বাস্তৱায়িত হ’বনে? চৰকাৰে ৰাজহ সংগ্ৰহ বৃদ্ধি পাব বুলি কৰি থকা দাবীৰ মাজতে বজাৰ বিশেষজ্ঞসকলে কৰা মন্তব্যত স্পষ্ট হৈ পৰিছে ইয়াৰ এখন সম্পূৰ্ণ বিপৰীত ছবি। বজাৰ বিশেষজ্ঞসকলে কৈছে যে কৰ’না শাম কটাৰ পিছতে সমগ্ৰ বিশ্বতে অভাৱনীয়ভাৱে হ্ৰাস পাব সুৰাৰ বিক্ৰী।

'কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশে দেশে লকডাউন অব্যাহত থকাৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈ পৰিছে। উন্নয়নশীল দেশসমূহ বাদেই উন্নত দেশসমূহতো মানুহৰ হাতত এতিয়া ধনৰ অভাৱ ঘটিছে। যি দুই-এপইছা আছে সেয়া সকলোৱে কেৱল অত্যাৱশ্যাকীয় সামগ্ৰী ক্ৰয় কৰিবলৈহে ৰাখি থৈছে। আনহাতে লকডাউন খোলাৰ পিছতো পৰিৱেশ স্বাভাৱিক হৈ পৰিবলৈ অতি কমেও এবছৰৰ অধিক সময়ৰ প্ৰয়োজন হ’ব। গতিকে প্ৰায় প্ৰতিখন দেশতে মদ খোৱাতকৈ মানুহে ভোক দূৰ কৰা খাদ্য কেনেকৈ খাব পাৰি তাৰ চিন্তাহে কৰিবলৈ বাধ্য হৈ পৰিব।’-এইদৰে কয় আমেৰিকাৰ এগৰাকী বজাৰ বিশেষজ্ঞ ৰেবেকা জেনিংছে। 

চেন্নাইৰ বিশেষজ্ঞ চিকিৎসক ডাঃ নীল মেঘানৰ মতে ভাৰতৰ সুৰা সেৱনকাৰীসকল ৩ প্ৰকাৰৰ। এই প্ৰকাৰ কেইটা হৈছে, 'সামাজিক সেৱনকাৰী (যি সকলে কেতিয়াবা কেতিয়াবা সুৰা সেৱন কৰে), নিৰ্ভৰশীল সেৱনকাৰী (যিসকলে পৰিমিতভাৱে সদায় সুৰা সেৱন কৰে) আৰু সুৰাসক্ত (যিসকলে এদিনো সুৰা অবিহনে জীয়াই থাকিব নোৱাৰে)৷’ চিকিৎসকগৰাকীৰ মতে প্ৰথম দুটা ভাগৰ সুৰাপায়ীসকলে লকডাউনৰ সময়ত সুৰাপান নকৰাকৈ থকাত কোনো অসুবিধা পোৱা নাই। তেওঁৰ মতে এই দুই প্ৰকাৰৰ সুৰাপায়ীসকলে দীৰ্ঘদিন একেৰাহে সুৰা সেৱন নকৰাৰ ফলত লকডাউন শেষ হোৱাৰ পিছতো সুৰা পান কৰাৰ আগ্ৰহ আগতকৈ কমি যোৱাৰ সম্ভাৱনা আছে।

অৰ্থাৎ এয়া স্পষ্ট যে লকডাউন খোলাৰ পিছত বা কৰ’না কালৰ অন্তত সুৰাপায়ীসকলৰ সংখ্যা সমগ্ৰ দেশতে পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাব। এই সন্দৰ্ভত ইকনমিক টাইমছত প্ৰকাশিত এটি বাতৰিত কোৱা হৈছে যে বাকী উদ্যোগসমূহৰ দৰেকৈ কৰ’নাৰ বিৰূপ প্ৰভাৱ সুৰা উদ্যোগতো স্পষ্ট হৈ পৰিব।

'ৱাইন শ্বপ খুলিলেও বন্ধ হৈ আছে বাৰসমূহ। কৰ’নাৰ বাবে সুৰাৰ সৈতে সম্পৰ্ক থকা পাৰ্টি বা তেনে অনুষ্ঠানসমূহো বন্ধ হৈ আছে। আনহাতে কেৱল চৰকাৰৰ দৰমহাৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল মানুহখিনিৰ বাহিৰে আন সকলোৰে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। দুই-এক প্ৰফেশ্যন বা ব্যৱসায়ৰ ক্ষেত্ৰত উপাৰ্জন হৈ আছে যদিও সেয়া আগৰ দৰে নহয়। অৰ্থাৎ এয়া স্পষ্ট যে লক্ষ লক্ষ লোকে এতিয়া এসাজ ভাতৰ বাবেই যুঁজিবলগীয়া হৈছে।’-সুৰাৰ বিক্ৰী অনাগত দিনত যথেষ্ট হ্ৰাস পাব বুলি উল্লেখ কৰি এইদৰে কোৱা হৈছে বাতৰিটোত।

'নিলছন’ৰ এক সমীক্ষাত কোৱা হৈছে যে কেৱল সুৰাই নহয়, চিগাৰেট তথা ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰীও কৰ’না কালৰ পিছত যথেষ্ট হ্ৰাস পাব। সমীক্ষাটোৰ মতে অহা কৰ’নাৰ প্ৰভাৱত অতিকমেও অহা ৮-৯ মাহলৈকে ভাৰতত এলকহ’ল আৰু ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰী ৪২ শতাংশ হ্ৰাস পাব। 'ইউৰোমনিটৰ ইণ্টাৰনেশ্যনেল’ নামৰ সংস্থাটোৱেও কৈছে যে ২০২০ চনত সমগ্ৰ বিশ্বতে চিগাৰেটৰ বিক্ৰী ১০ শতাংশতকৈয়ো নিম্নগামী হ’ব।

কনফেডাৰেশ্যন অব ইণ্ডিয়ান এলক’হলিক বিভাৰেজ কম্পানিজ চমুকৈ (চিআইএবিচি)-ৰ তৰফৰ পৰাও আশংকা কৰা হৈছে যে যিহেতু অনাগত সময়ছোৱাত কৰ’নাৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰততো উৎসৱ-পাৰ্বণ, বাৰ্থডে পাৰ্টী আদিত মানুহৰ সমাগম কম হ’ব সেয়ে মদৰ বিক্ৰীও কম হৈ পৰিব। সংস্থাটোৱে এই দিশসমূহলৈ চাই অনাগত সময়ত দেশত সুৰা বিক্ৰীৰ হাৰ ১২-১৫ শতাংশ অৱনমিত হ’ব বুলি মন্তব্য কৰিছে। 

অসমত আজি ৱাইন শ্বপৰ সমুখত দেখা নগ’ল ভিৰ

কৰ’নাৰ বিৰূপ প্ৰভাৱ যে সুৰা উদ্যোগতো পৰিব তাৰ এক আগতীয়া উমান পোৱা গৈছে দেওবাৰে। গৰু বিহুৰ দিনটোত ৰাজ্যত ৱাইন শ্বপ খোলাৰ লগে লগে গ্ৰাহকৰ দীঘলীয়া লানি দেখা গৈছিল যদিও আজি কিন্তু ক’তো তেনে দৃশ্য পৰিলক্ষিত নহ’ল। গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ ৱাইন শ্বপতে বিক্ৰী তেনেই সামান্য বুলি খবৰ পোৱা গৈছে। 

উল্লেখ্য যে আবকাৰী বিভাগৰ দৰেকৈ সুৰা বিপণীৰ মালিক-কৰ্মচাৰী তথা আন বহুতেই ধাৰণা কৰিছিল যে লকডাউনৰ ফলত বন্ধ হৈ থকা বিলাতী সুৰাৰ দোকানবোৰ খুলি দিয়াৰ পিছত সুৰাৰ বিপণীৰ সমুখত আজি দীঘলীয়া শাৰী হ’ব। কিন্তু সেই আশংকা অমূলক প্ৰমাণিত কৰি ৰাজ্যৰ প্ৰায় সকলোতে দেখা গ’ল বিপৰীত দৃশ্য।

লকডাউনৰ বাবে সুৰাৰ বিপণীসমূহ বন্ধ হৈ থকাৰ সময়ছোৱাত নিয়মিত সুৰাপায়ীসকলৰ বাবে যেন নামি আহিছিল দুৰ্যোগৰ ক’লীয়া ডাৱৰ। বিলাতী সুৰা বিচাৰি ঘুৰ্মুটিয়াই ফুৰা সুৰাপায়ীসকলৰ বিপৰীতে অবৈধভাৱে সুৰাৰ বটল মজুত ৰখাসকলৰ বাবে টকা ঘটাৰ সোণালী সুযোগ। আৰক্ষী, প্ৰশাসনৰ চকুত ধূলি দি এনেদৰে অবৈধ ব্যৱসায়ীসকলে ৬০ টকাৰ সুৰাৰ বটল ১৫০ টকাত, ৪০৫০ টকা ব্ৰেণ্ডৰ মদ ১৫০০ টকালৈকে উঠিছিল।

এনেদৰে অধিক দামত বিলাতী সুৰা ক্ৰয় কৰি খোৱা সুৰাপায়ীসকলৰ বাবে সুৰাৰ বিপণী মুকলি কৰি দিয়াতো নিঃসন্দেহে আছিল আশাৰ খবৰ। সেই অনুসৰি আজি ৰাজ্যৰ ৩খনক বাদ দি গ্ৰীণ জ’নৰ ৩০খন জিলাতে ৱাইন শ্বপসমূহ খুলি দিয়াৰ পিছত ভবা হৈছিল সুৰাৰ বিপণীৰ সমুখত গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যাব। কিন্তু কাৰ্যক্ষেত্ৰত তাৰ কোনো উমঘাম দেখিবলৈ পোৱা নগ’ল। 

NNOৰ তিনিচুকীয়া জিলাৰ ব্যুৰ’ বিকাশজ্যোতি শইকীয়াই জনাইছে যে ৰাজ্যৰ বাকী চহৰসমূহৰ লগতে তিনিচুকীয়া চহৰতো আজি সুৰা বিপণীৰ মালিক-কৰ্মচাৰীসকল আশাহত হৈ পৰিছে। 'চহৰখনৰ সুৰাৰ বিপণীসমূহত গ্ৰাহকৰ ভিৰ তেনেই নগণ্য। স্বাভাৱিক দিনবোৰত সুৰাৰ বিপণীৰ সমুখত যি ভিৰ দেখা যায় তেনে ভিৰো আজি পৰিলক্ষিত নহ’ল।’-সাংবাদিকগৰাকীয়ে কয়।

কেবাজনো সাধাৰণ ব্যক্তিৰ সৈতে হোৱা কথা-বতৰাৰ অন্তত সাংবাদিক শইকীয়া কয়, 'লকডাউনৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকটেই ইয়াৰ মুখ্য কাৰণ বুলি বিবেচনা কৰাৰ থল আছে। কাৰণ লকডাউনৰ সময় বৃদ্ধিক লৈ এতিয়াও শংকিত জনসাধাৰণ। এনে অৱস্থাত যেন অদৰকাৰী প্ৰয়োজনত ধন ব্যয় কৰিবলৈ সাজু নহয় ৰাইজ। লকডাউনৰ ফলত যি তীব্ৰ আৰ্থিক সংকটে দেখা দিছে তাৰ বাবে এই সময়ত যেন মদতকৈ চাউল, শাক-পাচলিহে বেছি প্ৰয়োজনীয় বিষয় হৈ উঠিছে। কাৰণ জীৱনতকৈ মদ ডাঙৰ নহয়।’

একেদৰে NNOৰ ষ্টাফ ৰিপ'ৰ্টাৰ বিনেখা সিনহাৰ আগত কেবাজনো সামাজিক সেৱনকাৰী আৰু নিৰ্ভৰশীল সেৱনকাৰীয়ে কয় যে লকডাউনৰ সময়ছোৱাত  তেওঁলোকে সুৰাপান আৰু চিগাৰেট সেৱনৰ অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা চলাইছিল আৰু সফলো হৈছে। 'মই মদটো বাদ দিম বুলি আগৰে পৰা ভাবিয়েই আছিলো। গৰু বিহুত কিন্তু কিনিলো। পুলিচৰ কোবো খালো বাইক লৈ যোৱা বাবে। আজি ৱাইন শ্বপ খুলিছে। কিন্তু আমি নগ'লো। হাতত পইছাই নাই। গুৱাহাটীত একো কাম-বন নকৰাকৈ দুমাহ থাকিলো। আৰু বা কিমান দিন থাকিবলগীয়া হয়! কোনে জানে? সেয়ে এইবোৰ অভ্যাস এৰি দিছো। চেষ্টা কৰিলে পাৰিম। পাৰিছো যেন লাগিছেই। নোৱাৰিলেও পইছা নাথাকিলে এনেই বাদ পৰিব এইবোৰ।'-এইদৰে কয় এজন যুৱকে।