মুম্বাইঃ লকডাউন আৰু বৃদ্ধি কৰাৰ বিৰোধিতা কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে ইনফ’ছিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণমূৰ্তি। উদ্যোগপতিসকলৰ এক অনলাইন সভাত তেওঁ কয় যে কৰ’না সংক্ৰমণক বাধা দিবলৈ লকডাউন আৰু বৃদ্ধি কৰিলে কৰ’নাত যিমান মানুহ মৰিছে, তাতকৈ অধিক লোকৰ ভোকত মৃত্যু হ’ব।

ৰাহুল বাজাজৰ দৰেকৈ নাৰায়ণমূৰ্তিয়েও কয় যে বয়োজ্যেষ্ঠ আৰু শিশুসকলক ঘৰতে থাকিবলৈ দি সক্ষম যুৱক-যুৱতীসকলক কাম কৰিবলৈ দিব লাগে আৰু সামাজিক দূৰত্বৰ বিধিসমূহ মানি চলাৰ ব্যৱস্থা কৰিব লাগে। তেওঁ কয়, 'আমাৰ বাবে আটাইতকৈ যিটো বিষয় গুৰুত্বপূৰ্ণ সেয়া হৈছে সমগ্ৰ দেশ এনেদৰে অধিককাল লকডাউনত থাকিব নোৱাৰে। এনেকৈ থাকিলে কৰ’নাতকৈ খাবলৈ নাপাই বেছি মানুহৰ অকাল মৃত্যু হ’ব।'

'ভাৰতত কৰ’নাৰ মৃৃত্যুৰ হাৰ উন্নত দেশসমূহৰ তুলনাত কম। ইয়াৰ লগতে আমাৰ দেশত আন বিভিন্ন ৰোগত প্ৰতিবছৰে ৯০ লাখ মানুহৰ মৃত্যু হয়। ইয়াৰ ২৫ শতাংশৰে মৃত্যু হয় পৰিৱেশ প্ৰদূষণৰ ফলত। গতিকে আমি কৰ’নাত এনেয়ে জোখতকৈ বেছিকৈ আতংকিত হৈ পৰিছো।’-ভাৰতত আক্ৰান্তসকলৰ মাত্ৰ ০.২৫-০.৫০ শতাংশ লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি এইদৰে কয় উদ্যোগপতিগৰাকীয়ে।

তেওঁ আৰু কয় যে লকডাউনৰ ফলত বৰ্তমান অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰেই আয় অনাগত সময়ত ১৫-২০ শতাংশ পৰ্যন্ত হ্ৰাস পাব। ইয়াৰ প্ৰভাৱ জিএছটিৰ ওপৰত পৰিব বুলিও মন্তব্য কৰে নাৰায়ণমূৰ্তিয়ে। এনে কাৰণতে চৰকাৰক বিকল্প ব্যৱস্থা গ্ৰহণ কৰি লকডাউন আৰু দীঘলীয়া নকৰিবলৈ আহ্বান জনাই দেশৰ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে।