নতুন দিল্লীঃ মহামাৰী ৰূপ ধাৰণ কৰি বিশ্বৰ এখনৰ পৰা আন এখন দেশলৈ ক্ৰমাৎ আৰু অধিক অতি দ্ৰুত গতিত বিয়পি পৰিছে কৰ’না ভাইৰাছ৷ কৰ’নাৰ এনে ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিখন দেশেই হাতত লৈছে একাধিক পদক্ষেপ। বেছিভাগ দেশেই এই সংক্ৰমণক বাধা দিবলৈ অতি ফলপ্ৰসূ হিচাপে ধৰি লৈ ‘লকডাউন’ ব্যৱস্থাকেই গ্ৰহণ কৰা দেখা গৈছে। ভাৰততো যোৱা ২৫ মাৰ্চৰ পৰা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰে।

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধান টেডৰছ এ গেব্ৰিয়েছাছে এইবুলি সকীয়াই দিছে যে কৰ’না ভাইৰাছ(COVID-19)ৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশ্বৰ সৰহভাগ দেশে গ্ৰহণ কৰা লকডাউন ব্যৱস্থা ভবা ধৰণে ফলপ্ৰসূ নহয়৷ তেওঁ কয় যে কেৱল লকডাউনেই এই সমস্যাৰ পৰা মুক্ত কৰিব বুলি হাতসাবতি বহি থাকিলে পৰিণাম অধিক ভয়াৱহ হৈ পৰাৰহে থল আছে।

'কৰ’নাভাইৰাছৰ সংক্ৰমণ লেহেমীয়া কৰিবলৈ বহুতো দেশে ‘লকডাউন’ পদ্ধতি গ্ৰহণ কৰিছে। কিন্তু এইটো পদ্ধতিৰে এই মহামাৰীটোক শেষ কৰিব পৰা নাযায়৷ আমি বিশ্বৰ সকলো দেশকেই কৰ’না ভাইৰাছক আক্ৰমণ কৰি ধংস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। এতিয়ালৈকে কিন্তু প্ৰায়বোৰ দেশেই ভাইৰাছবিধক ধংস কৰাৰ সলনি ইয়াৰ সংক্ৰমণ ৰোধ কৰাতহে বেছি গুৰুত্ব দিয়া দেখা গৈছে৷ যিটো ব্যৱস্থা এনেকুৱা মহামাৰীৰ ক্ষেত্ৰত দ্বিতীয় স্তৰতহে লোৱা উচিত৷’-WHOৰ সচিব প্ৰধানগৰাকীয়ে কয়।

WHOৰ ৱেবছাইটত এইকেইদিন কৰ'নাক লৈ দি অহা নিয়মিত আপডেটত তেওঁ আৰু কয়, ‘মানুহক নিজৰ নিজৰ ঘৰত আৱদ্ধ কৰি ৰাখি তেঁওলোকৰ চলন-ফুৰনত বাধা প্ৰদান কৰি এই ভাইৰাছ বিধৰ সংক্ৰমণৰ গতি অলপ মন্থৰহে কৰিব পৰা যাব আৰু তাৰ ফলত এই দেশসমূহৰ চিকিৎসালয়বোৰত ৰোগীৰ হেঁচা অলপ কম হ’ব৷ কিন্তু লকডাউন কৰিলেই নিজে নিজে এই মহামাৰীবিধ কেতিয়াও সমাপ্ত নহ’ব৷ এই সময়খিনিক কোনখন দেশে কেনেধৰণে সঠিকভাৱে ব্যৱহাৰ কৰে তাৰ ওপৰত হে নিৰ্ভৰ কৰিব সফলতা।’

যিসমূহ দেশে তথাকথিত ‘লকডাউন’ পদ্ধতি অৱলম্বন কৰিছে সেই দেশসমূহে অবিলম্বে ভয়াৱহ ভাইৰাছবিধক ধংস কৰিবলৈ ‘লকডাউন’ৰ সময়খিনিক ভালদৰে ব্যৱহাৰ কৰা উচিত বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে WHOৰ সচিব প্ৰধানগৰাকীয়ে। 'লকডাউনৰ সময়খিনিক দেশসমূহে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। এই লকডাউনৰ সময়তে ভাইৰাছবিধৰ ওপৰত আক্ৰমণ চলাব লাগিব। ইয়াৰ বাবে সকলোৱে আন লকডাউনৰ বাদেও আন পন্থা গ্ৰহণ কৰিব লাগিব।’-টেডৰছে কয়।

সচিৱ প্ৰধান গৰাকীয়ে এই ক্ষেত্ৰত কয়, 'আইছ’লেশ্যনত থোৱা ৰোগীসকলৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰা, তেওঁলোকৰ পৰীক্ষা কৰা আৰু আক্ৰান্তসকলক যিমান সম্ভৱ সিমান উন্নত চিকিৎসা প্ৰদান কৰাই হৈছে এই ‘লকডাউন’ৰ সময়ত দেশসমূহে কৰিবলগীয়া আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা৷’’ ইয়াৰ লগতে প্ৰতিখন দেশতে সামাজিক আৰু আৰ্থিক দিশতো বিভিন্ন ব্যৱস্থা কৰিবলৈকো আহ্বান জনাই বিশ্ব স্বাস্থ্য সংস্থাৰ সচিৱ প্ৰধানগৰাকীয়ে।

উল্লেখ্য যে এই ভয়াৱহ ভাইৰাছবিধ ইতিমধ্যে পৃথিৱীৰ ১৮০খন দেশলৈ বিয়পি পৰাৰ লগতে ২০ হাজাৰৰো অধিক লোকৰ মৃত্যুৰ কাৰণ হৈ উঠিছে৷ ইটালী আৰু চীন দেশতেই ই প্ৰায় ১০ হাজাৰৰো অধিক লোকৰ প্ৰাণ লৈছে৷ সমগ্ৰ বিশ্বত এই মহামাৰীবিধ প্ৰায় চাৰে চাৰি লাখ মানুহৰ গালৈ সংক্ৰমিত হৈছে৷ এই সময়ছোৱাত সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত প্ৰায় তিনি কোটিৰো অধিক লোক ‘লকডাউন’ ব্যৱস্থাত গৃহবন্দী হৈ থাকিবলৈ বাধ্য হৈছে।