গুৱাহাটীঃ ৰাজ্য পাঁচ লোকসভাৰ সমষ্টিত সাধাৰণ নাগৰিকৰ সমান্তৰালকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ওলাই আহিছে ৰাজ্যৰ হাইপ্ৰ’ফাইল ৰাজনৈতিক নেতাসকলো। 

সেই অনুসৰি পুৱাই গোলাঘাটৰ ফেচুৱালা গাঁৱৰ ১২২ নং ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগে। তাৰ বিপৰীতে পত্নী দলি গগৈ, পুত্ৰ গৌৰৱ গগৈ তথা কলিয়াবৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে পুৱাই তিতাবৰত ভোটদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। 

ইফালে পত্নীসহ যোৰহাট লোকসভাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে ভোটদান সাব্যস্ত কৰে সাপেখাটি বিমলাপুৰত। তেজপুৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৱে পুৱাই ভোটাৰ শাৰীত শাৰী পাতি ভোটদান দিয়ে। একেদৰে কলিয়াবৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই তেতেলীয়া গাঁৱৰ ৪৪ নং ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিলে ভোটদান। 

উক্ত কেন্দ্রটোতে অগপ মন্ত্ৰী কেশৱ মহন্তয়ো প্ৰদান কৰিলে ভোট।

আনহাতে, ব্যক্তিক্ৰমী ৰূপত চুৰিয়া-চেলেং আৰু গামোচা লৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মৰিয়নী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। ৬৯ নং কথালগুৰি বাগিচা ষ্টাফ ক্লাব ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিলে নিজৰ ভোট।