Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

বিশেষ প্ৰতিবেদনঃ লকডাউনৰ পিছত ৰুটি নাখাব। ৰুটি খালে নিৰোগী হৈ থাকিব পাৰি বুলি ভবা ধাৰণাটো শুদ্ধ নহয়। কেৱল ৰুটিয়েই নহয়, ঘেঁহুজাতীয় সকলোধৰণ খাদ্যসামগ্ৰী পাৰিলে আজিয়েই বাদ দিয়ক। ৰাজ্যবাসীক এই আহ্বান জনাইছে বিশিষ্ট সাংবাদিক তথা বৰ্তমান থলুৱা সম্পদৰ জৰিয়তে অসমৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা থলগিৰিৰ প্ৰতিষ্ঠাপক মনোৰম গগৈয়ে। 

বিশ্বৰ কেবাগৰাকী আগশাৰীৰ চিকিৎসা বিশেষজ্ঞ আৰু খাদ্য বিশেষজ্ঞৰ উধৃতিৰে গগৈয়ে কয় যে কৰ’নাক লৈ অব্যাহত থকা এই জটিল পৰিস্থিতিত অসমীয়া জাতিয়ে খাদ্যভ্যাস সলনি নকৰিলে স্বাস্থ্যৰ লগতে আৰ্থিক দিশতো যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাতো নিশ্চিত। কৰ’না কালত নতুনকৈ মুকলি কৰা নিজৰ ইউটিউব চেনেলত আপলোড কৰা এটি ভিডিঅ’ত সাংবাদিক তথা উদ্যোগীগৰাকীয়ে স্পষ্টকৈ কৈছে যে বৰ্তমান পৃথিৱীত যিমান লাইফষ্টাইল ডিজিছ আছে সেই আটাইবোৰৰেই মূল হৈছে ঘেঁহুজাতীয় খাদ্য।


• অসমীয়াৰ মাজত জনপ্ৰিয় হৈ পৰা ঘেঁহুজাতীয় খাদ্য


'আমেৰিকাৰ এগৰাকী প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডাঃ উইলিয়াম ডেভিছ। তেওঁ এখন গ্ৰন্থ লিখিছে। গ্ৰন্থখনৰ নাম হৈছে Wheat Belly। কিতাপখনত থকা মূল কথাটো হ’ল, আজি পৃথিৱীত যিমানবোৰ লাইফষ্টাইল ডিজিছ আছে, অৰ্থাৎ জীৱনশৈলীৰ কাৰণে হোৱা অসুখ, সেই আটাইবোৰৰেই মূল কাৰণ হৈছে Wheat প্ৰডাক্ট। আমি যিমানবোৰ Wheat প্ৰডাক্ট খাও, সেয়া হৈছে আমাৰ শৰীৰৰ বাবে অতি বিপদজনক খাদ্য।’-ভিডিঅ’টোত মাৰ্কিন বিশেষজ্ঞ চিকিৎসকগৰাকীৰ উধৃতিৰে এইদৰে কৈছে মনোৰম গগৈয়ে।  

আমেৰিকানসকলে কিয় Wheat প্ৰডাক্ট ভাল পায়?

গগৈয়ে ডাঃ ডেভিছৰ কিতাপখনৰ প্ৰসংগ উল্লেখ কৰি কৈছে যে পশ্চিমৰ দেশসমূহৰ অধিকাংশ লোকেই নিজকে দেখনিয়াৰ কৰি ৰাখিবলৈ শ্লিম হৈ থাকিব বিচাৰে। কিন্তু তেওঁলোকে সেয়া কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে একমাত্ৰ ঘেঁহুজাতীয় খাদ্য সামগ্ৰীৰ বাবে। 'ডাঃ ডেভিছে কৈছে যে আমেৰিকাৰ অধিকাংশ লোকেই বৰ্তমান মেদবহুলতাৰ চিকাৰ হৈছে কেৱল ঘেঁহুজাতীয় খাদ্য খোৱা বাবে। আপোনালোকে যদি নিজেও আমেৰিকাত থকা আপোনালোকৰ বন্ধুবৰ্গ বা চিনাকিসকলক সোধে তেন্তে সকলোৱে ক’ব যে আমেৰিকানসকলে Wheat প্ৰডাক্টৰ বাদে বেলেগ একো খাব নিবিচাৰে। ইয়াৰ ফলত তেওঁলোকে আজি শ্লিম হ’বলৈ চেষ্টা কৰিও সেয়া কৰিব পৰা নাই।’-ভিডিঅ’টোত গগৈৰ মন্তব্য।

কি কাৰণত আমেৰিকানসকলে ঘেঁহুজাতীয় খাদ্য ইমান ভাল পায় সেয়াও জানিবলৈ দিছে গগৈয়ে। তেওঁ কয়, 'আমেৰিকাৰ চৰকাৰে এটা সময়ত ঘেঁহুৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা কৰা বুলি প্ৰচাৰ চলাইছিল। গৱেষণাৰ ফলাফলত ঘেঁহু খোৱাতো স্বাস্থ্যৰ বাবে ভাল বুলিও দাবী কৰিছিল মাৰ্কিন চৰকাৰী সংস্থাসমূহে। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ বিভিন্ন দেশত খাদ্য সংকটে দেখা দিয়াত এনেধৰণৰ প্ৰচাৰ চলিছিল। তেনে প্ৰচাৰৰ আঁত ধৰিয়েই বৰ্ণসংকৰ পদ্ধতিৰে উন্নত প্ৰজাতিৰ অধিক উৎপাদন ক্ষমতা থকা ঘেঁহুৰ খেতি পশ্চিমীয়া বিশ্বৰ প্ৰায়বোৰ দেশতে আৰম্ভ হৈছিল। এনেকৈয়ে আমেৰিকাত Wheat প্ৰডাক্ট জনপ্ৰিয় হৈ পৰিছিল।’

কিন্তু আমেৰিকানসকলৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা এই ধাৰণা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ডাঃ ডেভিছে। 'Wheat Belly’ গ্ৰন্থখনত ডাঃ ডেভিছে স্পষ্ট কৈছে, 'Lose the Wheat, Lose the Weight, and Find Your Path Back to Health’। ইয়াৰ অৰ্থ এনেধৰণৰ, 'ঘেঁহু বাদ দিয়ক, ওজন কমাওক আৰু নিজকে নিৰোগী কৰি ৰাখিব পৰা পথলৈ আকৌ প্ৰত্যাৱৰ্তন কৰক।’


• ডাঃ উইলিয়াম ডেভিছৰ কিতাপখন


'বৰ্তমান আমি যি আটা-ময়দা আদি খাও সেই আটাইবোৰেই হাইব্ৰিড জাতৰ। উৎপাদন বঢ়াবৰ বাবে কৃত্ৰিভাৱে জিন সলনি কৰি উন্নত জাতৰ সৃষ্টি কৰা হৈছিল। সেয়া আমাৰ স্বাস্থ্যৰ বাবে উপযোগী নহয়। কিন্তু আমি বৰ্তমান তেনে খাদ্যকেই গ্ৰহণ কৰাতো অভ্যাসত পৰিণত কৰিছো। বিস্কুটৰ পৰা আৰম্ভ কৰি একেবাৰে মিঠাই, ছিংৰা, নিমকি, মেগী, ৰুটী, ব্ৰেড, ফাষ্টফুড সকলোতে কেৱল ঘেঁহু আৰু ঘেঁহু। ফলত ভাৰতীয়সকল আৰু আমি অসমীয়াসকলো এতিয়া বিভিন্ন লাইফষ্টাইল ৰোগৰ চিকাৰ হ’বলৈ আৰম্ভ কৰিছো।’-ঘেঁহুজাতীয় খাদ্য কিয় স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সেয়া উল্লেখ কৰি NNOৰ আগত এইদৰে কয় সম্প্ৰতি ৰাজ্যৰ থলুৱা অৰ্থনীতিক এক নতুন মাত্ৰা দিবলৈ চেষ্টা অব্যাহত ৰখা বিশিষ্ট সাংবাদিকগৰাকীয়ে।

ঘেঁহুজাতীয় খাদ্যৰ পৰা কি কি ৰোগ হ'ব পাৰে?

ঘেঁহু বা আটা-ময়দাৰ পৰা প্ৰস্তুত কৰা খাদ্য খালে আমাৰ কি কি অসুখ হ’ব পাৰে সেয়াও ভিডিঅ’টোত উল্লেখ কৰিছে গগৈয়ে। ডাঃ ডেভিছৰ উধৃতিৰে তেওঁ কৈছে যে ঘেঁহু বা আটা-ময়দাৰ পৰা প্ৰস্তুত কৰা খাদ্য নিয়মীয়াকৈ খালে শকত হোৱাতো ১০০ শতাংশ নিশ্চিত। 'Wheat প্ৰডাক্ট  খালে পুৰুষ, মহিলা, শিশু, ডেকা, গাভৰু বুলি কোনো কথা নাই। আপোনাৰ পেট বাঢ়িবই। প্ৰয়োজনতকৈ ওজন বাঢ়িব। ইয়াৰ লগতে যিমানবোৰ লাফষ্টাইল ডিজিছ আছে সেই সকলোবোৰেই দেখা দিব পাৰে।’-গগৈৰ মন্তব্য।

গগৈয়ে আৰু কয়, 'ডাঃ ডেভিছে ২০০০ লোকৰ ওপৰত কৰা গৱেষণাৰ ওপৰত ভিত্তি কৰি কৈছে যে যেতিয়াই মানুহে খাদ্য তালিকাৰ পৰা হাইব্ৰিড ঘেঁহুজাতীয় খাদ্য বাদ দিব তেতিয়া প্ৰথমেই মেদবহুলতাৰ পৰা মুক্ত হৈ পৰিব। দ্বিতীয়তে কলেষ্টৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত যিসমূহ ৰোগ হয় সেই ৰোগৰ পৰাও ঘেঁহুজাতীয় খাদ্য খাবলৈ বাদ দিলে মুক্তি পাবলৈ আৰম্ভ কৰিব। তৃতীয়তে আৰ্থাৰাইটিছৰ পৰাও লাহে লাহে আৰোগ্য লাভ কৰিব। চতুৰ্থতে মুড ছুয়িং অৰ্থাৎ মানসিক অস্থিৰতাৰ পৰাও ঘেঁহু খাবলৈ বাদ দিলে ৰক্ষা পৰিব।’

ঘেঁহুজাতীয় খাদ্যই কেৱল শৰীৰৰ ওপৰতে যে প্ৰভাৱ পেলায় তেনে নহয়, ই মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতো যে প্ৰভাৱ বিস্তাৰ কৰে সেয়াও ডাঃ ডেভিছৰ গৱেষণাত পোহৰলৈ অহাৰ কথা সদৰী কৰে মনৰোম গগৈয়ে। 'ডাঃ ডেভিছে কৈছে, ঘেঁহুজাতীয় খাদ্যই মানুহৰ মগজুতো প্ৰভাৱ পেলায়। মগজুত পেলোৱা প্ৰভাৱৰ ফলত মানুহৰ অস্থিৰতা বৃদ্ধি পায়। গতিকে ঘেঁহুজাতীয় খাদ্য বাদ দিলেই এই মুড ছুয়িঙৰ সমস্যা নাইকিয়া হৈ পৰিব।’-গগৈৰ মন্তব্য।


• নিজা প্ৰতিষ্ঠান 'থলগিৰি'ত বিশিষ্ট সাংবাদিক তথা উদ্যোগী মনোৰম গগৈ


ডাঃ ডেভিছৰ কিতাপখনত ঘেঁহুজাতীয় খাদ্য খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় বুলিও উল্লেখ আছে। 'যদিহে আপোনাৰ হৃদৰোগ হ’বলৈ ধৰা বুলি গম পাইছে তেন্তে প্ৰথমেই ঘেঁহুজাতীয় খাদ্য খাবলৈ বাদ দিয়ক। এয়া গৱেষণাত প্ৰকাশ পাইছে। এজন গৱেষকে নহয়, বিশ্বৰ বিভিন্ন দেশত বহু গৱেষকে কৰা গৱেষণাত একেটা ফলাফলেই পোহৰলৈ আহিছে। গতিকে ঘেঁহুজাতীয় খাদ্য খোৱাতো বন্ধ কৰিলে লাহে লাহে হৃদৰোগ নাইকিয়া হৈ পৰিব। একেদৰে ভৱিষ্যতে তেনে ৰোগ হোৱাৰ সম্ভাৱনাও বহু পৰিমাণে কমি যাব।’-গগৈয়ে কয়।

ঘেঁহু খোৱা পঞ্জাৱীসকল স্বাস্থ্যৱান হয় নে?

ঘেঁহুজাতীয় খাদ্যৰ যদি ইমানেই বিৰূপ প্ৰভাৱ আছে তেন্তে ভাৰতৰ কেবাখনো ৰাজ্য বিশেষকৈ পঞ্জাৱৰ লোকসকলে ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাৰ ৰুটী খায়ো কিদৰে স্বাস্থ্যৱান হৈ থাকিব পাৰিছে বুলি সোধাত গগৈয়ে কয় যে অসমৰ মানুহে ভবাৰ দৰে পঞ্জাৱৰ লোকসকল ইমান নিৰোগী নহয়। তেওঁ কৈছে, 'কিতাপখনৰ শেষত ডাঃ ডেভিছে কেৱল আমেৰিকানসকলকে নহয়, সমগ্ৰ বিশ্ববাসীকে কৈছে যে আপোনালোকে আন বেলেগ খাদ্য খাওক, কিন্তু ঘেঁহুজাতীয় (হাইব্ৰিড!) খাদ্য নাখাব। গতিকে পঞ্জাৱতো সেয়া দেখা গৈছে। পঞ্জাৱতেই সৰ্বাধিক এনে হাইব্ৰিড ঘেঁহুৰ খেতি হয়। ফলত তাৰ লোকসকল এতিয়া লাহে লাহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।’

'খাদ্য বিশেষজ্ঞসকলে কৈছে যে স্থানভিত্তিক শস্যজাত খাদ্য খোৱাতো স্বাস্থ্যৰ পক্ষে উপকাৰী। সেই হিচাপত পঞ্জাৱ আৰু উত্তৰ ভাৰতত ঘেঁহু স্থানীয় শস্য। কিন্তু পঞ্জাৱত এতিয়া যিধৰণৰ ঘেঁহুৰ খেতি কৰা হয় সেয়া প্ৰাকৃতিক নহয়। বিহাৰ আৰু উত্তৰ প্ৰদেশত অৱশ্যে মানুহে এতিয়াও নিজে খাবৰ বাবে থলুৱা ঘেঁহুৰ খেতিয়েই কৰে তেনেকৈ আটা প্ৰস্তুত কৰি লয়। কিন্তু পঞ্জাৱত বাণিজ্যিকভাৱে হাইব্ৰিড খেতি কৰাৰ ফলত সেয়া আৰু স্থানীয় হৈ নাথাকিল।’-ইউৰোপ আৰু আমেৰিকাত এনে হাইব্ৰিড ঘেঁহুজাতীয় খাদ্য খোৱা বাবেই সেই দেশসমূহৰ লোকসকলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা যে কমি গৈছে সেয়া কৰ’না মহামাৰীত স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰি গগৈয়ে জানিবলৈ দিয়ে।


• প্ৰাকৃতিক ঘেঁহু আৰু হাইব্ৰিড ঘেঁহুৰ পাৰ্থক্য ছবিতো স্পষ্ট


'পঞ্জাৱত এতিয়া সৰ্বাধিক কৰ্কট ৰোগী আছে। ইয়াৰ সৈতে এই হাইব্ৰিড ঘেঁহুৰ সম্পৰ্ক আছে বুলিও বহুতে সময়ে সময়ে দাবী কৰা দেখা গৈছে। পঞ্জাৱৰ পৰা এখন ৰেল চলে মুম্বাইলৈ। সেইখন ট্ৰেইনৰ নামেই কেন্সাৰ ট্ৰেইন। তাত কেৱল কৰ্কট ৰোগীয়েই চিকিৎসাৰ বাবে মুম্বাইলৈ অহা-যোৱা কৰে। কৰ্কট বুলিয়েই নহয় ঘেঁহুজাতীয় খাদ্যৰ পৰা হোৱা বহু ৰোগত এতিয়া পঞ্জাৱৰ লোকসকল আক্ৰান্ত হৈ পৰিছে। গতিকে আমি ধাৰণা কৰাৰ দৰেকৈ বজাৰত কিনিবলৈ পোৱা এই হাইব্ৰিড আটাৰ ৰুটী খালে স্বাস্থ্যৱান হৈ থাকিব নোৱাৰি। ফেটছো কমাব নোৱাৰি, বৰং ফেটছ বাঢ়িবহে।’-অসমৰ বহুতেই মেদবহুলতাৰ পৰা বাছি থাকিবলৈ ৰাতিৰ আহাৰত ৰুটি খাবলৈ লোৱাৰ দৰে এক ভুল খাদ্যভ্যাস গঢ়ি তুলিছে বুলি উল্লেখ কৰি গগৈয়ে কয়।

ঘেঁহুৱে কিদৰে ধ্বংস কৰিছে অসমৰ অৰ্থনীতি?

স্বাস্থ্যগত দিশটোৰ লগতে 'থলগিৰি’ৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্য হাতত লোৱা লেখক তথা সাংবাদিকগৰাকীয়ে ঘেঁঁহুজাতীয় খাদ্যই অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনক কিদৰে ক্ষতিগ্ৰস্ত কৰিছে সেয়াও বৰ্ণনা কৰিছে। গগৈয়ে কৈছে যে অসমীয়া লোকসকলে স্থানীয় শস্য ধানৰ পৰা প্ৰস্তুত কৰা নিজৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী খাদ্য তালিকাৰ পৰা বাদ দিয়াৰ ফলত বছৰে বছৰে পথাৰসমূহ এফালৰ পৰা উদং হৈ পৰিছে আৰু খাদ্যৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে।

'পৰম্পৰাগত খাদ্যৰ প্ৰতি অনীহা বাঢ়ি অহাৰ লগে লগে পথাৰ উদং হৈছে, ধানৰ চাহিদা কমিছে। গাঁৱৰ ভিতৰৰ ঘৰতো এতিয়া মেগী পোৱা যায়, বিস্কুট পোৱা যায়, কেক পোৱা যায়। ৰাতিপুৱাৰ আহাৰত বহুতেই এতিয়া ব্ৰেড-বাটাৰ খায়। পৰঠা, লুচি-পুৰী খায়। ৰুটিৰ কথা নকওৱেই।  আমাৰ শৰীৰৰ বাবে এই অপকাৰী খাদ্যভ্যাস গঢ়ি তোলাৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰিছে সেয়া লাহে লাহে স্পষ্ট হ’বলৈ ধৰিছে। এনেকৈ খাদ্যভ্যাস সলনি হোৱাৰ ফলত আমাৰ গ্ৰাম্য অৰ্থনীতি ভাবিব নোৱৰা ধৰণে সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।’-গগৈয়ে আক্ষেপেৰ মন্তব্য কৰে।

তেওঁ আৰু কয়, 'ধানৰ দাম কমি গৈছে। ধান খেতি কৰিবলৈ মানুহে বাদ দিছে। থলুৱা ধানবোৰ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। এটা সময়ত বৰ অসমত ৩০ হাজাৰতকৈয়ো অধিক ধান আছিল বুলি তথ্য পোৱা গৈছে। এতিয়া কিন্তু আমাৰ যি থলুৱা ধান অৰ্থাৎ যিবোৰৰ সঁচ খেতিয়কসকলে নিজে সংৰক্ষণ কৰিছিল সেইবোৰ মাত্ৰ ৩০০ মানহে ৰৈছেগৈ। এনেদৰে আমি আমাৰ ধানৰ জাতবোৰ হেৰুৱাই পেলাইছো, জৈৱ-বৈচিত্ৰ্যৰ ক্ষতিসাধন কৰিছো আৰু ধ্বংস কৰি পেলাইছো গ্ৰাম্য অৰ্থনীতি। ধানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব পৰা বিভিন্ন ব্যৱসায় আৰু উদ্যোগৰ সম্ভাৱনাক নস্যাৎ কৰি আমি বহিঃৰাজ্যলৈ গৈ কামৰ সন্ধান কৰিছো।’


• ধানজাতীয় খাদ্য সামগ্ৰীক ব্যৱসায় ৰূপ দিয়াতো সহজতেই সম্ভৱ


এনে পৰিপ্ৰেক্ষিতত অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে সমগ্ৰ ৰাজ্যখনৰেই অৰ্থনৈতিক ভেটি মজবুত কৰি তুলিবৰ বাবে অসমবাসীয়ে ঘেঁহুজাতীয় খাদ্য পৰিহাৰ কৰি ধানজাতীয় খাদ্য সামগ্ৰী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে গগৈয়ে। তেওঁ দাবীসহকাৰে কয় যে কৰ’না মহামাৰীয়ে সৃষ্টি কৰা অভাৱনীয় সংকটৰ মাজতে যদিহে সমগ্ৰ বিষয়টো হৃদয়ংগম কৰি ঘেঁহুজাতীয় খাদ্য সামগ্ৰীক খাদ্য তালিকাৰ পৰা বাদ দিব নোৱাৰে তেন্তে অসমীয়া জাতিয়ে স্বাস্থ্যজনিত সমস্যাত ভোগাৰ লগতে অৰ্থনৈতিকভাৱে সদায় পৰনিৰ্ভৰশীল হৈয়েই থাকিবলৈ বাধ্য হ’ব।

লকডাউনত বিধ্বস্ত হৈ পৰা ৰাজ্যৰ অৰ্থনীতিক নতুন ৰূপ দিবলৈ খাদ্যভ্যাস সলনি কৰাৰ বাদে অসমীয়া জাতিৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰি শেষত তেওঁ কৈছে, 'ধানৰ পৰা প্ৰস্তুত কৰা আমাৰ অনেক থলুৱা পৰম্পৰাগত খাদ্য আছে। খাদ্য বিশেষজ্ঞসকলেও এই খাদ্যসমূহ শৰীৰৰ বাবে কিমান উপকাৰী সেয়া বিভিন্ন গৱেষণাৰ পৰা পোৱা ফলাফলৰ অন্তত সদৰী কৰিছে। গতিকে আমি লকডাউনৰ পিছতে Wheat প্ৰডাক্ট খাবলৈ বন্ধ কৰি হৰেক-ৰকমৰ Rice প্ৰডাক্ট আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তেতিয়া ধান আৰু ধানৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ এখন বজাৰ গঢ়ি উঠিব আৰু লকডাউনৰ ফলত সংস্থাপন হেৰুৱাই দিক-বিদিক হেৰুৱাই পেলোৱা লক্ষজনে নতুন সংস্থাপন লাভ কৰিবলৈ সমৰ্থ হ’ব। ধান খেতিত মনোনিৱেশ কৰাৰ ফলত বাহিৰৰ পৰা ধানৰ আমদানি বন্ধ হ’ব আৰু আমি ৰপ্তানি কৰি ধন অৰ্জন কৰিব পাৰিম, লগতে আমাৰ স্বাস্থ্যও ভালে থাকিব।’