newsnextone.com | মঙলদৈঃ যোৱা ৬ দিন ধৰি ৰহস্যজনক ভাবে নিৰুদ্দেশ হৈ আছে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড° ৰুবুল হাজৰিকা । পৰিয়ালৰ লোকে জনোৱা মতে, ছিপাঝাৰ হাজৰিকাপাৰাৰ বাসগৃহলৈ আহি ২২ ছেপ্তেম্বৰৰ সন্ধিয়া গাড়ীত তেল ভৰাবলৈ ওলাই যোৱাৰ পিছৰে পৰাই এই পৰ্যন্ত সন্ধানহীন  হৈ আছে অধ্যাপক গৰাকী ৷  

এএছ০১-ডিই-৪১৬৬ নম্বৰৰ নিজা চাৰিচকীয়া বাহন খনত তেল ভৰোৱাৰ উদ্দেশ্যৰে ঘৰৰ পৰা ওলাই গৈছিল ৷ ঘটনাৰ সন্দৰ্ভত  ছিপাঝাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে যদিও এইপৰ্যন্ত আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ অধ্যাপক গৰাকীৰ ।

ইফালে, নিৰুদ্দিষ্ট হোৱা ড০ ৰুবুল হাজৰিকাৰ ঘটনা সন্ধৰ্ভত দৰং জিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।