দৰঙৰ বুঢ়া আৰক্ষীৰ কাণ্ডক লৈ এতিয়া উত্তাল হৈ পৰিছে সৰ্বত্ৰ। ছ’চিয়েল মিডিয়াত ঘটনাটোক লৈ ভিন্ন মহলে নিজৰ নিজৰ ধৰণে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কোনোৱে যদি অভিযুক্তৰ ভগ্নীক প্ৰহাৰক লৈ আৰক্ষীক জগৰীয়া কৰিছে আন কোনোৱে আকৌ ভগ্নীকেইগৰাকীকে জগৰীয়া কৰা দেখা গৈছে। বহুতে আকৌ ঘটনাটোক 'লাভ জেহাদ’ বুলিও দাবী কৰিছে। যুৱতীগৰাকীয়ে দুটা দিনত দিয়া পৃথক পৃথক ভাষ্যয়ো বিভ্ৰান্ত কৰি তুলিছে ৰাজ্যবাসীক। এনে পৰিপ্ৰেক্ষিততে ঘটনাৰ সবিশেষ জনাতো অতিশয় জৰুৰী হৈ পৰিছে। 

 

ঘটনাটোনো কি?

 

ঘটনাৰ আৰম্ভণি ৩ ছেপ্টেম্বৰ। সেইদিনা দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত তিতকুছি গাঁৱৰ হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতী সন্ধানহীন হয়। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি জানিব পাৰে যে একেখন থানাৰ অন্তৰ্গত বৰিগাঁৱৰ ৰফুল আলী নামৰ এজন বিবাহিত যুৱকে যুৱতীগৰাকীক পলুৱাই লৈ গৈছে। লগে লগে পৰিয়ালৰ লোকে বুঢ়া আৰক্ষী চকীত ৰফুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছিপাঝাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাত ৭১৮/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰে। এই গোচৰৰ তদন্ত আৰম্ভ কৰে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই। 

 

তদন্ত আৰম্ভ কৰি আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই জানিব পাৰে যে ৰফুলে গাঁৱৰ পৰা ছোৱালীজনীক লৈ গুৱাহাটীত থকা ভনীয়েকৰ ঘৰত আশ্ৰয় লৈছে। ঘটনাটোৰ ৫ দিন পিছত অৰ্থাৎ ৮ ছেপ্টেম্বৰত নিশাৰ ভাগত শৰ্মা গুৱাহাটীলৈ ৰাওনা হয়। গুৱাহাটীত উপস্থিত হৈ প্ৰথমে সাতগাঁৱৰ ৰফিকুলৰ জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ যায়। জ্যেষ্ঠ ভগ্নীক দিব্যাংগ কনিষ্ঠ ভগ্নীৰ সৈতে নিশা ডেৰ বজাত ঘৰৰ পৰা উঠাই আনি  পাঞ্জাবাৰীত থকা আন এগৰাকী ভগ্নীৰ ওচৰলৈ যায়। পাঞ্জাবাৰীত থকা ভগ্নীগৰাকীকো স্বামীসহ উঠাই আনি পুৱতি নিশা বুঢ়া আৰক্ষী চকীত উপস্থিত হয় শৰ্মা। 

 

আৰক্ষী চকী পায়েই আটাইকে ৰফুল সন্দৰ্ভত সোধ-পোছ কৰে। সোধ-পোছৰ নামত আৰক্ষী বিষয়াজনে আটাইকেইগৰাকী ভনীয়েককে ভয়ংকৰভাৱে নিৰ্যাতন চলায়। ভনীয়েককেইগৰাকীয়ে অভিযোগ পত্ৰত উল্লেখ কৰা মতে সোধ-পোছৰ সময়ত অচি শৰ্মাৰ লগতে বিনীতা বড়ো নামৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলো আছিল। নিৰ্যাতন চলাই কৰা সোধ-পোচৰ অন্তত এগৰাকী ভনীয়েকে ভাতৃৰ সৈতে সম্পৰ্ক স্থাপনত সফল হয় আৰু ভায়েকক থানালৈ মাতে।ভায়েক থানা পোৱাত আৰক্ষীয়ে নিজৰ জিম্মাত লয় আৰু পলুৱাই নিয়া ছোৱালীজনীক ঘৰলৈ পঠিয়াই দিয়ে। আনহাতে, ভনীয়েককেইগৰাকীকো চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত যাবলৈ দিয়ে।

 

৯ ছেপ্টেম্বৰৰ দিনটো আৰক্ষীয়ে সোধ-পোচৰ নামত কৰা প্ৰহাৰৰ যন্ত্ৰণা লৈ কটোৱাৰ অন্তত ১০ ছেপ্টেম্বৰৰ দিনা ৩ ভগ্নীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত দৰং জিলা আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰে। কিন্তু জিলা আৰক্ষী অধীক্ষকে কোনো ব্যৱস্থা নোলোৱাত তেওঁলোকে পুনৰ গুৱাহাটীলৈ উভতি আহি ১৭ ছেপ্টেম্বৰত বিষয়টো সংবাদ মাধ্যমক অৱগত কৰে। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে হৈ-চৈ লাগে দৰং আৰক্ষীৰ ভিতৰচ’ৰাত। দৰং আৰক্ষীৰ অধীক্ষকে ততালিকে অভিযুক্ত অচি মহেন্দ্ৰ শৰ্মা আৰু মহিলা কনিষ্টবল বিনীতা বড়োক নিলম্বিত কৰাৰ কথা সদৰী কৰে।

 

আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক চৌদিশে ধিক্কাৰ

 

সংবাদ মাধ্যমত অভিযুক্ত ভাতৃক বিচাৰি নাপাই ৩ ভগ্নীক সোধ-পোচৰ নামত আৰক্ষীয়ে বৰ্বৰভাৱে অত্যাচাৰ চলোৱা কাৰ্যক বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে এনে অমানৱীয় কাৰ্যক ধিক্কাৰ প্ৰদান কৰে। আনহাতে ছ’চিয়েল মিডিয়াতো প্ৰায় প্ৰতিজন নেটিজেনে এনে ঘটনাক বৰ্বৰ আৰু অমানৱীয় আখ্যা দি ন্যায় প্ৰদানৰ দাবী জনায়। সকলোৱে আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ শাস্তি বিচাৰে। মহেন্দ্ৰ শৰ্মাৰ শাস্তিৰ দাবী জনাই আপলোড কৰা পোষ্টেৰে ভৰি পৰে অসমৰ নেটিজেনসকলৰ ফেচবুক একাউণ্ট।

 

হঠাৎ নায়ক হ’ল মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া

 

১৭ ছেপ্টেম্বৰত দল-সংগঠনৰ লগতে ছ’চিয়েল মিডিয়াতো তীব্ৰ ধিক্কাৰৰ সন্মুখীন হোৱা বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা এদিন পিছতে একাংশৰ দৃষ্টিত হৈ পৰে নায়ক। ১৮ ছেপ্টেম্বৰত সংবাদ মাধ্যমৰ আগত ৰফুল আলীয়ে পলুৱাই নিয়া যুৱতীগৰাকীয়ে ভাষ্য প্ৰদান কৰাৰ পিছতে একাংশ লোকে আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক 'সিংঘম’ আখ্যা দি ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে। শৰ্মাক সিংঘম আখ্যা দিয়াসকলৰ দাবী যে ঘটনাটো লাভ জেহাদৰ বাদে একো নহয়। লাভ জেহাদ কৰা লোকৰ লগতে তেনে লোকক সহযোগ কৰা পৰিয়ালৰ লোকসকলক প্ৰহাৰ কৰি আৰক্ষী বিষয়াজনে একো ভুল কৰা নাই বুলিও দাবী কৰিছে বিষয়াজনক সিংঘম আখ্যা দিয়া নেটিজেনসকলে। আৰক্ষী বিষয়াজনক সিংঘম আখ্যা দিয়াসকলৰ আন এক দাবী যে ৰফুলৰ তিনি ভগ্নীয়ে নিৰ্যাতনৰ যি ফটো সংবাদমাধ্যমৰ আগত দাঙি ধৰিছে সেয়া প্ৰকৃত নহয়। একাংশই মহিলাকেইগৰাকীয়ে নিজে ইস্ত্ৰীৰে গাত দাগ দি মিডিয়াৰ আগত গোপন অংগৰ ফটো প্ৰদৰ্শন কৰা বাবে মহিলাকেইগৰাকীৰ চৰিত্ৰক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। আন একাংশই আকৌ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰা ফটোসমূহত দেখা পোৱা হোৱা আঘাতৰ চিন আৰক্ষীয়ে কৰা প্ৰহাৰৰ পৰিৱৰ্তে স্বামীয়ে কৰা প্ৰহাৰ বুলিও দাবী কৰিছে।

 

জেহাদী নেকি ৰফুল আলী?

 

ৰফুল আলীৰ ঘৰ দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বৰিগাঁৱত। বয়স আনুমানিক ৩৫ বছৰ। বিগত কেবাবছৰো ধৰি গুৱাহাটীত পানীৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ৰফুল। বেছিভাগ সময় গুৱাহাটীতে কটাইছিল ৰফুলে। বৰিগাঁৱৰ ঘৰত থাকে  বৃদ্ধ পিতৃ-মাতৃ। ৰফুলৰ ভনীয়েক ৫গৰাকী। আটাইকেইগৰাকীয়ে বিবাহিত আৰু এগৰাকীক বাদ দি বাকী চাৰিগৰাকীয়ে গুৱাহাটীত থাকে। ৰফুলেও বিবাহপাশত আৱদ্ধ হৈছিল এতিয়াৰ পৰা প্ৰায় দহ বছৰ পূৰ্বে। দুটি সন্তানো আছে ৰফুলৰ। একে গাঁৱৰ ঘৰৰ ওচৰৰে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হৈছিল ৰফুল। কিন্তু কোনো কাৰণত পত্নীৰ সৈতে ৰফুলৰ সংঘাত হয়। সংঘাতৰ অন্তত পত্নীয়ে দুই সন্তানসহ ৰফুলক ত্যাগ কৰি মাতৃগৃহলৈ গুচি যায়।

 

ৰফুলে যুৱতীগৰাকীৰ সৈতে 'লাভ জেহাদ’ কৰিছিল নেকি?

 

লাভ জেহাদ। সম্প্ৰতি সাম্প্ৰদায়িকতাৰ বতাহজাকে যেন অসমকো চুই গৈছে। তাৰেই জ্বলন্ত উদাহৰণ বুঢ়া কাণ্ড। ৰফুল আলী নামৰ লোকজনে হিন্দু যুৱতীগৰাকীক পলুৱাই নিয়াৰ বাতৰি পোহৰলৈ অহাৰ পিছতে ছ’চিয়েল মিডিয়াত একাংশ দুষ্টচক্ৰই ঘটনাটোক লাভ জেহাদৰ ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰখা দেখা গৈছে। লাভ জেহাদৰ অৰ্থ এয়াই যে ইছলাম ধৰ্মৰ কোনো যুৱক বা পুৰুষে অন্য ধৰ্মৰ বিশেষকৈ হিন্দু ধৰ্মৰ যুৱতীক নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু হোৱাৰ অভিনয় কৰি প্ৰেমত পেলায় যুৱতীগৰাকীক বিবাহপাশত আৱদ্ধ কৰাই বলপূৰ্বক হিন্দুৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত কৰোৱা। 

 

ৰফুল আৰু যুৱতীগৰাকীৰ সম্পৰ্কত কিন্তু তেনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল। স্থানীয় লোকসকলে News Next Oneক জনোৱা মতে ৰফুল আৰু যুৱতীগৰাকীৰ সম্পৰ্কৰ বিষয়ে তেওঁলোক আটায়ে কম-বেছি পৰিমাণে অৱগত আছিল। ৰফুলৰ ঘৰৰ পৰা যুৱতীগৰাকীৰ ঘৰলৈ মাত্ৰ কেই কিলোমিটাৰ মানৰ দূৰত্ব। ৰফুলৰ গাঁও বৰিগাঁৱৰ যিটো চক সেই চকটোৰ পৰা যুৱতীগৰাকীৰ গাওঁ তিতকুছিৰ চকটোলৈ প্ৰায় ২-৩ কিলোমিটাৰৰ দূৰত্ব। আনহাতে ৰফুলৰ ঘৰৰ পৰা যুৱতীগৰাকীৰ ঘৰৰ পদুলিলৈও দূৰত্ব প্ৰায় ৪ কিলোমিটাৰ। 

 

ইমান কম দূৰত্বত বাস কৰা দুটি পৰিয়ালৰ এজন যুৱক আৰু এগৰাকী যুৱতীয়ে উভয়ে উভয়ক ভালদৰে নজনাতো স্থানীয় লোকসকলে মানি লবলৈ অস্বীকাৰ কৰা দেখা গৈছে। এনেক্ষেত্ৰত ৰফুলে যুৱতীগৰাকীক নিজকে হিন্দু বুলি পৰিচয় দি হিন্দুৰ অভিনয় কৰি প্ৰেমত পেলোৱাতো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও মত প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। 'এইটোনো কি? কোনে কৈছে লাভ জেহাদ বুলি? সিহতে কি জানে আমাৰ গাঁৱৰ কথা? আমাৰ অঞ্চলৰ হিন্দু ছোৱালী ইয়াৰ আগতেও আমাৰ মুছলমান ল’ৰালৈ বিয়া হৈছে। আমাৰ মুছলমান ছোৱালীও হিন্দু ল'ৰালৈ বিয়া হৈছে। ৰফুল আৰু ছোৱালীজনীৰ কথাও গাঁৱৰ বেছিভাগেই জানে। আমিও জানিছিলো।’-News Next Oneক এইদৰে কয় ৰফুলৰ চুবুৰীয়া এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে।

 

ৰফুলক চিনি নাপাইছিল নেকি যুৱতীগৰাকীয়ে?

 

কেবাটাও সংবাদ প্ৰতিষ্ঠানক ১৮ ছেপ্টেম্বৰত দিয়া সাক্ষাৎকাৰত যুৱতীগৰাকীয়ে কৈছে যে ৰফুলে তেওঁক বলপূৰ্বক ভাবুকি প্ৰদান কৰি অপহৰণ কৰিছিল। তেওঁৰ মোবাইল হেক কৰি মোবাইলত থকা কিছু মেছেজ, ফটো আদি পিতৃ-মাতৃক দেখুৱাব বুলি ব্লেকমেইল কৰিছিল। সেয়ে উপায়ন্তৰ হৈ ৰফুলৰ লগত যাবলৈ বাধ্য হৈ পৰিছিল। আজি পুনৰ সংবাদ মাধ্যমৰ আগত ছোৱালীজনীয়ে কয় যে ৰফুলৰ সৈতে তেওঁৰ সম্পৰ্ক থকাটো সঁচা। কিন্তু তেওঁ ৰফুল সম্পৰ্কে একো নাজানিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 

 

ছোৱালীগৰাকীৰ এই দাবীৰ বিপৰীতে News Next Oneৰ প্ৰতিনিধিয়ে তিতকুছি অঞ্চলৰ স্থানীয় লোকৰ সৈতে হোৱা বাৰ্তালাপত দেখা গৈছে বিপৰীত ছবি। নাম প্ৰকাশত কেবাগৰাকী স্থানীয় লোকে জনোৱা মতে ৰফুল আৰু যুৱতীগৰাকীৰ প্ৰেমৰ কথা অঞ্চলটোত একপ্ৰকাৰ সৰ্বজনবিদিত। একেদৰে ৰফুলৰ ঘৰ যিহেতু ছোৱালজনীৰ ঘৰৰ পৰা বেছি দূৰত নহয় গতিকে ছোৱালীজনীয়ে ৰফুলৰ জাতি-ধৰ্ম, পৰিয়াল আদি সম্পৰ্কে একো নজনাকৈ প্ৰেমৰ সম্পৰ্ক চলাই নিয়াতো সম্ভৱ নহয় বুলিও স্থানীয় লোকসকলে মত প্ৰকাশ কৰিছে। 

 

'তাইৰ ঘৰৰ পৰা তাৰ ঘৰলৈনো কিমান দূৰ? জানে তাই তাৰ বিষয়ে ভালদৰে জানে। আমি গম পাইছিলো। ল’ৰাটোক আমিও চিনি পাইছিলো। আমি কোৱা-কুই কৰিছিলোৱেই যে তাই হিন্দু ছোৱালী এজনী হৈ মুছলমান লৰা এটাকনো কিয় ভাল পাব লাগে? আমাৰ ল’ৰাবোৰৰ আড্ডাতো তাইৰ প্ৰেমৰ কথা ওলাইছিল।’-এইদৰে কয় এজন স্থানীয় হিন্দু যুৱকে।

 

ইফালে, একাংশ লোকে যুৱতীগৰাকীয়ে দুটা দিনত পৃথক পৃথক ভাষ্য দিয়া বিষয়টোক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অঞ্চলটোৰ সচেতন মহলে। অঞ্চলটোৰ কেবাজনো সচেতন লোকে হিন্দুত্ববাদী সংগঠনৰ হেঁচাত পৰি ছোৱালীজনীয়ে এতিয়া কথাবোৰ বেলেগকৈ কবলৈ লৈছে বুলিও দাবী কৰিছে। 'তাই সৰু ছোৱালী। ১৯ বছৰ বয়স। কলেজত পঢ়ি থাকিলেও তাই ঘটনাটোৰ পিছত ভাগি পৰাতো স্বাভাৱিক। তাতেই এতিয়া তাইক প্ৰেছাৰাইজ কৰা হৈছে। তাইক একাংশ সংগঠনে ব্যৱহাৰ কৰি অঞ্চলটোৰ শান্তি-সম্প্ৰীতি ব্যাঘাত কৰিবলৈ চেষ্টা চলাইছে।’-এজন সচেতন ব্যক্তিৰ মন্তব্য।

 

তিনিবাৰ বিবাহপাশত আৱদ্ধ হৈছিল নেকি ৰফুল?

 

ছ’চিয়েল মিডিয়াত একাংশ লোকে প্ৰচাৰ চলাইছে যে ৰফুলে এতিয়ালৈ ৩গৰাকীকৈ ছোৱালীক বিয়া কৰাইছিল। এই সন্দৰ্ভত  News Next Oneৰ স্বেচ্ছাসেৱক প্ৰতিনিধি এজন উপস্থিত হৈছিল ৰফুলৰ ঘৰত। ৰফুলৰ ঘৰত উপস্থিত হৈ জানিব পাৰে যে ৰফুলে ৩বাৰকৈ বিয়া কৰোৱাতো ফেক নিউজৰ বাদে একো নহয়। আজিৰ পৰা প্ৰায় ১০-১১ বছৰ পূৰ্বে গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অন্তত বিবাহপাশত আৱদ্ধ হৈছিল ৰফুল। ৰফুলৰ যুগ্মজীৱনলৈ দুটি পুত্ৰ সন্তানো আহিছিল। কিন্তু সংসাৰ ধৰি ৰখাত ব্যৰ্থ হয় ৰফুল। ফলত পত্নীয়ে সন্তানসহ ৩ বছৰ পূৰ্বে মাতৃগৃহলৈ গুচি যায়।

 

এগৰাকী ভনীয়েকৰ আছে কাপোৰৰ দোকান

ৰফুলৰ চাৰিগৰাকী ভগ্নী গুৱাহাটীত থাকে। ইয়াৰে এগৰাকী ভগ্নী থাকে পাঞ্জাবাৰীত। পাঞ্জাবাৰীৰ জুৰিপাৰ অঞ্চলত ভনীয়েকগৰাকীৰ আছে এখন সৰু কাপোৰৰ দোকান। স্থানীয় লোকসকলে জনোৱামতে ভনীয়েকগৰাকীয়ে কাপোৰৰ দোকানৰ লগতে পাণ-তামোলো বিক্ৰী কৰে সমুখত। ভনীয়েকগৰাকীৰ স্বামী ৰাজমিস্ত্ৰী। দোকানখনৰ পিছফালে থকা এটা তৰ্জা ঘৰতে ভাৰা কৰি থাকে দুয়ো। 

 

নিতম্বৰ ভাইৰেল ফটোখন কোনে তুলিছিল?

 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰফুলৰ এগৰাকী ভগ্নীৰ এখন ফটো। ফটোখনত প্ৰহাৰৰ দাগ থকা নিতম্ব স্পষ্ট ৰূপত দেখা গৈছে। ছ’চিয়েল মিডিয়াত একাংশ লোকে দাবী কৰিছে যে সেই ফটোখন সাংবাদিকে তুলিছে। লোকসকলে এগৰাকী মহিলা হৈ কেনেদৰে আঘাতৰ চিন দেখুৱাবলৈ সাংবাদিকৰ কেমেৰাৰ সমুখত নগ্ন হ’ব পাৰিছে বুলিও প্ৰশ্ন কৰিছে? সাংবাদিকৰ কেমেৰাৰ সমুখত নগ্ন হ’বলৈ লাজ নকৰা মহিলাগৰাকী নষ্ট চৰিত্ৰৰ বুলিও দাবী কৰিছে একাংশ লোকে।  News Next One-এ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি জানিব পাৰে যে যেতিয়া দৰঙৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিলৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেতিয়া তেওঁলোকে কেবাজনো শুভকাংক্ষীৰ পৰামৰ্শত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ সিদ্ধান্ত লয়। সংবাদ মাধ্যমে যাতে আৰক্ষীয়ে কিমান নিৰ্দয়ভাৱে প্ৰহাৰ চলালে সেইটো হৃদয়ংগম কৰিব পাৰে তাৰ বাবে শৰীৰত থকা আঘাতৰ চিনবোৰৰ যিখিনি দেখুৱাব পাৰি সেইখিনি সাংবাদিকক পোনপটীয়াকৈ কেমেৰাত তুলিবলৈ দিয়ে। আনহাতে গোপন অংগত থকা আঘাতবোৰো যাতে প্ৰমাণ হিচাপে থাকি যায় তাৰ বাবে সাংবাদিকৰ ওচৰলৈ অহাৰ আগতে নিজেই ভগ্নীকেইগৰাকীয়ে ঘৰতে মোবাইলত তুলিছিল। ঘটনাৰ নিষ্ঠুৰতাৰ প্ৰমাণ হিচাপে উক্ত ফটো সাংবাদিকক প্ৰদান কৰাৰ পিছতে কোনো সাংবাদিকৰ জৰিয়তে সেয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। 'সিহঁতে নিজেই তুলিছিল ফটোকেইখন। কাৰণ এজনে কৈছিল পিছত পুলিচক কম্প্লেইন দিওতে প্ৰমাণ হিচাপে এইবোৰ লাগিব। সেয়ে তুলি থৈছিল। এজন সাংবাদিকে সেয়াও বিচৰাত দি দিয়ে আৰু এতিয়া ভাইৰেল হৈ পৰিছে।’-এইদৰে কয় পাঞ্জবাৰীত থকা ভগ্নীগৰাকীৰ এগৰাকী সম্পৰ্কীয় মহিলাই।

 

ভগ্নীকেইগৰাকীক স্বামীয়ে প্ৰহাৰ কৰিছিল নেকি?

 

সংবাদ মাধ্যমৰ আগত যুৱতীগৰাকীয়ে দাবী কৰিছে ৰফুলৰ ভনীয়েককেইগৰাকী আৰক্ষীয়ে প্ৰহাৰ কৰা নাছিল সেয়া স্বামীয়ে প্ৰহাৰ কৰাৰহে দাগ। এই কথাৰ সত্যতা জানিবলৈ News Next One-এ যোগাযোগ কৰিছিল ভনীয়েককেইগৰাকীৰ কেবাগৰাকী আত্মীয়ৰ সৈতে। এগৰাকী আত্মীয়ই কয় যে আটাইকেইগৰাকী ভনীয়েকৰ স্বামীৰ সৈতে সাংসাৰিক সম্পৰ্ক যথেষ্ট ভাল। সেয়ে তেনে দাবী গ্ৰহণযোগ্য নহয়। 'বাৰু মানি ললো যে এগৰাকী ভনীয়েকক হাজবেণ্ডে মাৰিলে। কিন্তু বাকী দুগৰাকীকো হাজবেণ্ডে একে সময়তে মৰাতো সম্ভৱ হয়নে? আটাইকেইগৰাকীৰে গিৰিয়েকক মই জানো। সিহতে ঘৈণীয়েকক এনেকৈ নামাৰে। তেনে কিবা হলে আমি অলপ হলেও গম পালো হয়।’- যুৱতীগৰাকীৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি এইদৰে কয় এগৰাকী আত্মীয়ই। 

 

চিকিৎসকে কি কয়?

৯ ছেপ্টেম্বৰৰ দিনৰ ভাগত স্বাস্থ্য পৰীক্ষাৰ বাবে বুঢ়া আৰক্ষীয়ে ৰফুলৰ এজন ভনীজোৱায়েকসক তিনি ভগ্নীক হেংগালপাৰা ৰাজ্যিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আনিছিল। সেই সময়ত চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসক ছায়েদুৰ ৰহমানে বুধবাৰে সংবাদ মাধ্যমক জনাই যে মহিলা তিনিগৰাকীক প্ৰাথমিক চিকিৎসা কৰাৰ সময়ত আঘাতৰ চিন দেখিবলৈ পাইছিল আৰু উন্নত চিকিৎসাৰ প্ৰয়োজন বুলি ৰিপৰ্ট দিছিল। চিকিৎসালয়লৈ অহাৰ সময় মহিলাকেইগৰাকীয়ে থানাত আৰক্ষীয়ে মাৰধৰ কৰাৰ কথা সদৰী কৰিছিল বুলিও সংবাদ মাধ্যমক জনাইছে চিকিৎসকগৰাকীয়ে। চিকিৎসকগৰাকীৰ এই ভাষ্য আৰু একেলগে তিনিগৰাকী ভগ্নীৰ শৰীৰত থকা স্পষ্ট আঘাতৰ চিনলৈ চাই যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ গাত থকা আঘাতৰ দাগ স্বামীৰ প্ৰহাৰ বুলি একেষাৰে কেনেকৈ একাংশ লোকে মানি লৈছে বুলিও প্ৰশ্ন কৰে ৰফুলৰ জ্যেষ্ঠ ভগ্নীগৰাকীৰ এগৰাকী আত্মীয়ই। 
 

প্ৰেমৰ ঘটনা গৈ হিন্দু-মুছলমান হৈ পৰিছে নেকি?

 

স্থানীয় লোকসকলৰ মতে ৰফুল আৰু যুৱতীগৰাকীৰ ঘটনাটো প্ৰকৃততে প্ৰেমজনিত। তিতকুছি আৰু বৰিগাঁও দুয়োখন গাঁৱতে ঘটনাটোক লৈ কোনো প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই। ছ’চিয়েল মিডিয়াত ঘটনাটোক লৈ যিধৰণে হৈ-চৈ লাগিছে তাৰ তিলমাত্ৰও দেখিবলৈ পোৱা হোৱা নাই গাঁও দুখনত। দুয়োখন গাঁৱতে গাঁওবাসী নিজৰ নিজৰ কামক লৈ ব্যস্ত। তাৰ মাজতে কোনো লোকক যদি এই বিষয়ে সোধা হৈছে তেন্তে লোকজন ব্যতিব্যস্ত হৈ পৰাহে দেখা গৈছে। 'এইবোৰনো কি? প্ৰেম কৰিছে, পলুৱাই নিছে। আমাৰ এইবোৰত মূৰ ঘমাই লাভ কি? আমি কষ্ট কৰিব লাগিব, খাব লাগিব। লোকৰ ল’ৰা-ছোৱালীয়ে প্ৰেম কৰিব, তাত আমাৰ কি আহে যায়।’-এজন লোকৰ মন্তব্য। 

 

'ছোৱালীজনী বদমাছ। তাই মুছলমান ল’ৰা এটাৰ লগত প্ৰেমনো কৰিব লাগে কিয়? এইবোৰ ভাবি এতিয়া আমাৰ কি হ’ব? তাই কলেজত পঢ়া ছোৱালী জানিব লাগে।’-ছোৱালীজনীৰ গাঁওখনৰ এজন লোকৰ কিছু ধৰ্মকেন্দ্ৰিক ভাষ্য। একেই ধৰ্মকেন্দ্ৰিক ভাষ্য দেখা গৈছে ৰফুলৰ গাঁওখনতো। 'সি এটা বদমাছ। নিজৰ তিৰীক চম্ভালিৱ নোৱাৰি ফুলকলীয়া ছোৱালীৰ প্ৰেমত পৰি ফচি মৰিছে। এনে স্বভাৱৰ বাবেই তাক তিৰীয়ে এৰি গৈছে। আৰু প্ৰেম কৰিছ যদি তই কি আমাৰ ধৰ্মৰ ছোৱালী নাপালি? হিন্দু ছোৱালীহে বিচাৰি পালি। যি হৈছে হওক। আমি এইবোৰ ভাবি থাকিলে একো নহয়। আমি মিলাপ্ৰীতিৰে থাকিব লাগে। কথা সিমানেই।’-এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক এজন ইছলাম ধৰ্মাৱলম্বী ৰফুলৰ চুবুৰীয়াই।

 

ছ’চিয়েল মিডিয়াত যি হৈ-চৈ দেখা গৈছে অঞ্চলটোত কিন্তু ঘটনাটোক লৈ স্থানীয় লোকসকলৰ মাজত তেনে কোনো অস্বাভাৱিক পৰিৱেশ পৰিলক্ষিত হোৱা নাই। সকলোৱে ঘটনাটোক সাধাৰণ প্ৰেমজনিত ঘটনা আখ্যা দি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰাহে দেখা গৈছে।

 

অৱশ্যে একাংশ ধৰ্মীয় সংগঠনে ইয়াৰ মাজতে সমগ্ৰ ঘটনাটোক ছ’চিয়েল মিডিয়াৰ জৰিয়তে অন্যৰূপ দিবলৈ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে। 'আমাৰ অঞ্চলটো শান্তিপূৰ্ণ। হিন্দু যুৱকে মুছলমান যুৱতীক আৰু মুছলমান যুৱকে হিন্দু যুৱতীক বিয়া কৰোৱাতো আমাৰ ইয়াত নতুন কথা নহয়। এনে দম্পত্তী বহুকেইটা আছে এই অঞ্চলটোত। এইবোৰ লৈ আমাৰ কোনেও মূৰ ঘমোৱা নাই। সেয়ে একাংশ দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে কথাটোক অন্যধৰণে প্ৰচাৰ কৰিবলৈ উঠি-পৰি লাগিছে। সৰ্বসাধাৰণে তেনে প্ৰৰোচনাত ভৰি নিদিয়াটোৱেই ৰাজ্যখনৰ বাবে মংগলজনক।’-এইদৰে কয় তিতকুছি অঞ্চলৰ এজন নেতৃস্থানীয় লোকে।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us