Printer-friendly version

চৌদিশে এতিয়া কৰ’নাতংক। দেশত ১৭ মে’লৈ আকৌ বাঢ়ি গ’ল লকডাউন। কেৱল ভাৰতেই নহয়, বিশ্বৰ অধিকাংশ দেশতেই বৰ্তমান লকডাউনৰ ৰাজত্ব। যিসকল লোকৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে সেইসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ৩ মাহ আগতে এই কোৱাৰেণ্টাইন শব্দটো প্ৰথম শুনোতে সকলোৰে নতুন নতুন যে লাগিছিল। পিছে এই কোৱাৰেণ্টাইন শব্দটো কোনো নতুন শব্দ নহয়, এয়া শ শ বছৰ পুৰণি।  

ভাইৰাছৰ সংক্ৰমণো কোনো নতুন কথা নহয়। কৰ’নাৰ আগতেও আৰু একাধিক ভাইৰাছে পৃথিৱীত কেবাবাৰো কোটি কোটি লোকৰ প্ৰাণ কাঢ়ি সন্ত্ৰাস সৃষ্টি কৰি থৈ গৈছে। ভাৰতত প্লেগ তথা অসমতো কলেৰা, বসন্ত আদি ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ কাহিনী এসময়ত সকলোৰে মুখে মুখে আছিল।

হিন্দী সাহিত্যৰ উপন্যাস সম্ৰাট মুন্সি প্ৰেমচন্দেও লিখি থৈ গৈছে, 'গৰমৰ মাহকেইটাই আম আৰু তৰমূজৰ বতৰৰ লগতে কলেৰাৰ বতৰো লৈ আহে।’ এয়া হৈছে সেই সময়ৰ কাহিনী, যেতিয়া মহাত্মা গান্ধীয়েও পত্নী-পুত্ৰসহ কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল। হয়, আপুনি ঠিকেই শুনিছে! কোৱাৰেণ্টাইন শব্দটো সেই তেতিয়াৰে পৰা প্ৰচলিত আছিল। শব্দটোৰ সৈতে পৰিচিত আছিল গান্ধীজীয়ো। কিন্তু কেতিয়া, কেনেকৈ?

কিয় কোৱাৰেণ্টাইন কৰা হৈছিল গান্ধীজীক?

গান্ধীজী দক্ষিণ আফ্ৰিকাত থকা সময়ৰ কথা। ডাৰবানৰ পূৱ প্ৰান্তত নাটাল ক’লনী নামেৰে ব্ৰিটেইনৰ এক উপনিৱেশ আছিল। এই অঞ্চলটোক এতিয়া 'ক্কাজুলু নাটাল’ নামে জনা যায়। সেই সময়ত ভাৰতৰ শ্ৰমিকসকল ব্ৰিটিছে বিভিন্ন উপনিৱেশলৈ কাম কৰিবলৈ লৈ গৈছিল। তাতে তেওঁলোকৰ ওপৰত শোষণ চলিছিল, অত্যাচাৰ চলিছিল। এইসকল শ্ৰমিকৰ দুৰৱস্থাক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছিল গান্ধীজী।

১৮৯৬ চন। গান্ধীজী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতিছিল। তেওঁ ভাবিলে যে পত্নী কস্তুৰবা আৰু সন্তানকেইটাকো লগতে দক্ষিণ আফ্ৰিকালৈ লৈ যাব। এই অনুযায়ী যাত্ৰা আৰম্ভ হ’ল ১৮৯৬ চনৰ ডিচেম্বৰত। জাহাজত গান্ধীজীৰ সৈতে আছিল কস্তুৰবা, পুত্ৰ হৰিলাল আৰু মণিলাল। গান্ধীৰ বিধৱা ভনীয়েকৰ পুত্ৰ গকুলদাসো আছিল লগত। ১৮৯৭ চনৰ জানুৱাৰীত জাহাজ ডাৰবানৰ জাহাজঘাট পালে। কিন্তু বন্দৰ কৰ্তৃপক্ষই জাহাজৰ যাত্ৰীসকলক নামিবলৈ নিদিলে।

জাহাজখনত গান্ধীজীয়ে যেতিয়া যাত্ৰা কৰিছিল তেতিয়া গুজৰাটৰ ৰাজকোটৰ লগতে বিশ্বৰ কেবাখনো দেশৰ ভিন্ন প্ৰান্তত প্লেগ বিয়পি পৰিছিল। সেই সময়ত এনেধৰণৰ মহামাৰী প্ৰায়ে হৈয়েই আছিল। এনে পৰিপ্ৰেক্ষিতত তেতিয়াৰ চৰকাৰসমূহে লোকসকলক মহামাৰীৰ পৰা বচাবলৈ মহামাৰী হোৱা ঠাইৰ পৰা অহা জাহাজবোৰ বন্দৰ পোৱাৰ লগে লগে লংগৰ পেলোৱাৰ আগতেই হালধীয়া পতাকা দেখুওৱা হৈছিল।

বন্দৰত লংগৰ পেলোৱাৰ আগতে হালধীয়া পতাকা দেখুওৱাৰ অৰ্থ এয়াই যে জাহাজখনত থকা যাত্ৰীসকলক লগে লগে নামিবলৈ দিয়া নহ’ব। পতাকা দেখুওৱা হোৱা জাহাজৰ যাত্ৰীসকলক প্ৰথমেই স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। সকলো ঠিকে-ঠাকে থাকিলেহে উঠাই দিয়া হৈছিল হালধীয়া পতাকা।

গান্ধীয়ান পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ গান্ধীজীৰ জীৱন আৰু কৰ্তব্যৰাজি বিষয়ক অফিচিয়েল ৱেবছাইট www.mkgandhi.orgত প্ৰকাশিত এটি লেখাত উল্লেখ থকা মতে, তেতিয়া দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিশেষজ্ঞসকলে ধাৰণা কৰিছিল যে কোনো স্থানত প্লেগৰ বীজাণু ২৩ দিনলৈকে জীয়াই থাকে। সেয়ে ভাৰতৰ পৰা যোৱা জাহাজসমূহ ডাৰবান পোৱাৰ পিছতে ২৩ দিন সম্পূৰ্ণ নোহোৱালৈকে জাহাজতে থাকিবলৈ দিয়া হৈছিল যাত্ৰীসকলক।

ভাৰতৰ পৰা জাহাজেৰে দক্ষিণ আফ্ৰিকা গৈ পাওতে তেতিয়া প্ৰায় এসপ্তাহ সময়ৰ প্ৰয়োজন হৈছিল। সেয়ে ডাৰবান পোৱাত পৰিয়ালসহ অতিকমেও দুসপ্তাহ জাহাজতে কোৱাৰেণ্টাইন হৈ থাকিবলগীয়াত পৰিছিল গান্ধীজী। অৱশেষত ২৩ দিন পাৰ হৈ ২৪ দিন সম্পূৰ্ণ হোৱাত ১৮৯৭ চনৰ ১৩ জানুৱাৰীত গান্ধীজী যাত্ৰা কৰা জাহাজখনৰ পৰা হালধীয়া পতাকা আতৰিছিল আৰু যাত্ৰীসকলক নামিবলৈ অনুমতি দিয়া হৈছিল।  

গান্ধীজী জাহাজৰ পৰা নমাৰ পিছতে তেওঁৰ ওপৰত বগা চামৰাৰ লোকসকলে দুৰ্ব্যৱহাৰ কৰিছিল। একাংশ লোকে তেওঁলৈ গেলাকণী আৰু শিল দলিয়াইছিল। ভিৰৰ মাজৰ কোনো কোনোৱে গান্ধীজীক প্ৰহাৰো কৰিছিল। তেনে অৱস্থাত এজন আৰক্ষী বিষয়াৰ পত্নীয়ে কোনোমতে গান্ধীজী আৰু তেওঁৰ পৰিয়ালটোৰ প্ৰাণ ৰক্ষা কৰিছিল। 

গান্ধীজীৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ তেতিয়া দক্ষিণ আফ্ৰিকা উত্তাল হৈ পৰিছিল। বাতৰি গৈ লণ্ডন পাইছিল। লণ্ডনৰ পৰা নাটাল প্ৰশাসনলৈ নিৰ্দেশ আহিছিল যে গান্ধীজীৰ ওপৰত যিসকলে অত্যাচাৰ কৰিছে সেইসকলক শাস্তি প্ৰদান কৰিব লাগে। লগে লগে আৰক্ষীয়ে লোকসকলৰ একাংশক গ্ৰেপ্তাৰ কৰে। কিন্তু গান্ধীজীয়ে সেইসকল আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল, 'তেওঁলোকক উচটনি দিয়া হৈছে। যেতিয়া তেওঁলোকে সত্যতো গম পাব তেতিয়া অনুশোচনা কৰিব। মই তেওঁলোকক ক্ষমা কৰি দিছো।’ 

গান্ধীজীয়ে কোৱাৰেণ্টাইনক কি বুলি কৈছিল?

প্লেগৰ সময়ত যেতিয়া জাহাজত কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল তেতিয়া গান্ধীজীয়ে হিন্দীত কোৱাৰেণ্টাইন শব্দটোক বৰ্তমানৰ দৰেকৈ কোৱাৰেণ্টাইন বুলি কোৱা নাছিল। কোৱাৰেণ্টাইনক বুজাবলৈ গান্ধীজীয়ে ব্যৱহাৰ কৰিছিল 'সুতক’ নামৰ শব্দটো। 'সুতক’ হৈছে ভাৰতীয় পৰম্পৰাৰ এক অংশ। 

সন্তান জন্ম পোৱাৰ পিছত আগতে ভাৰতৰ ভিন্ন প্ৰান্তত সন্তানসহ মাতৃয়ে অতিকমেও ৫ সপ্তাহ একাষৰীয়াকৈ থাকিব লাগিছিল। যিটো কোঠাত প্ৰসূতিগৰাকী নৱজাতকৰ সৈতে আছিল সেই কোঠালৈ কম লোকেইহে গৈছিল আৰু গ’লেও যথেষ্ট নীতি-নিয়মৰ মাজেৰে যাব লাগিছিল। একেদৰে কোনো লোকৰ মৃত্যু হ’লেও সনাতন পৰম্পৰা মতে মুখাগ্নি কৰা লোকসকলে ১০ দিনলৈকে অইনসকলৰ পৰা সুকীয়াকৈ থকাৰ নিয়ম আছিল। এই পৰম্পৰাটোৱেই হৈছে 'সুতক’। 

সেয়ে মহামাৰীৰ পৰা ৰক্ষা পাবলৈ জাহাজৰ পৰা যাত্ৰীসকলক লগে লগে নামিবলৈ নিদিয়া ব্যৱস্থাটোক বুজাবলৈকো গান্ধীজীয়ে হিন্দীত কোৱাৰেণ্টাইনক 'সুতক’ বুলিয়েই কৈছিল বুলি লেখাটোত উল্লেখ আছে। লাহে লাহে তেতিয়াৰ ভাৰতীয় 'সুতক’ পৰম্পৰাক অন্ধবিশ্বাস আখ্যা দিয়া লোকৰ সংখ্যা বাঢ়িবলৈ লৈছিল। বৰ্তমানো বহু লোকে 'সুতক’ পৰম্পৰাৰ আঁৰত বিজ্ঞানসন্মত কাৰণ থকা বুলিও দাবী কৰে। অৱশ্যে এয়া ঠিক যে সেই সময়ত কেৱল ভাৰততে নহয়, বিশ্বৰ প্ৰায়বোৰ দেশতে এনেদৰে প্ৰসূতিক সন্তানসহ সুকীয়াকৈ ৰখাৰ নিয়ম আছিল।