গুৱাহাটীঃ মহানগৰীৰ বিলাসী অট্টালিকা স্পেনিছ গাৰ্ডেনৰ বিভিন্ন আবাসীসকলৰ ঘৰত কৰ্মৰত ৭০ গৰাকী বনকৰা মহিলাক কোৱাৰেণ্টাইন কৰিবলৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগ। ইয়াৰে ৩৬ গৰাকীক চিনাক্তকৰণৰ লগতে সম্পৰ্ক স্থাপন কৰি ইতিমধ্যে জিএমচিএইছলৈ নমুনা সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে। 

জুৰোডস্থিত বিলাসী অট্টালিকাটোৰ ডি ব্লকত বাস কৰা মনীষ তিৱৰেৱালৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে এইদৰে তৎপৰতাৰে বনকৰা মহিলাসকলৰ নাম সংগ্ৰহ আৰু চিনাক্তকৰণৰ ব্যৱস্থা কৰে প্ৰশাসনে। সম্পৰ্ক স্থাপন কৰিবলৈ সমৰ্থ নোহোৱাসকলৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে বুলিও প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে।

NNOৰ হাতত আহি পৰা তালিকা অনুযায়ী অট্টালিকাটোৰ বিভিন্ন আবাসীৰ ভিতৰত বনকৰা মহিলা হিচাপে কৰ্মৰত মহিলাসকল হৈছে কমলা ডেকা, জোনটি ঋষি, বিজু তালুকদাৰ, সৰস্বতী দাস, সবিতা ঠাকুৰায়ী, বিনীতা বৰ্মন, অঞ্জু দাস, অঞ্জলি বড়ো, মনীষা দাস, পুতু বড়ো, ৰীতা তালুকদাৰ, ৰত্না ৰাভা, বীণাপানি বড়ো, কেশৱী দেৱী, দীপাঞ্জলি ৰাভা, দীপালি বৈশ্য, পদ্মা শইকীয়া, অঞ্জু দাস, নীতা মেধি, বিনু দাস, জানকী বড়ো, কৃষ্ণা দাস, অনিতা মেধি, ভনিতা বৈশ্য, মণিকা বড়ো, সবিতা গয়াৰী, ঊষা কলিতা, মাধৱী নৰহ, পদ্মা বড়ো, সুনন্দা সূত্ৰধৰ, মীৰা তালুকদাৰ, কবিতা বৈশ্য, শোভা হাজৰিকা, গংগা মেছ আৰু মনি সিনহা।

উল্লেখ্য যে ইতিমধ্যে ছীল কৰি দিয়া হৈছে স্পেনিছ গাৰ্ডেন চৌহদ। অট্টালিকাটোৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা আৰু বাহিৰৰ পৰা কোনো লোক ভিতৰলৈ সোমোৱাতো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত আবাসীসকলক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিছে।