ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ আৰু চাইনা নেহৱাল চকুৰ কুটা, দাতৰ শাল হেন হৈ পৰিছে মাওবাদী উগ্ৰপন্থীৰ। সেয়ে তাৰকা দুজনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে৷

দৰাচলতে সুকুমাত নক্সালপন্থীৰ হাতত নিহত হোৱা সৈনিকসকলৰ পৰিয়ালক এই দুই তাৰকাই আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবেই উগ্ৰপন্থী সংগঠনটোৰ ৰোষত পৰিবলগীয়া হৈছে অক্ষয় আৰু চাইনা৷ পিপলছ লিবাৰেছন গৰিলা আৰ্মী নামৰ মাওবাদী সংগঠনটোৱে আজি প্ৰকাশ কৰা এখন পুস্তিকাত অভিনেতা আৰু খেলুৱৈগৰাকীৰ উক্ত কাৰ্যক নিন্দা কৰাৰ লগতে ভৱিষ্যতে দুয়োগৰাকীকে এনে ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি দিছে সংগঠনটোৱে৷

চত্তিশগড়ৰ উক্ত উগ্ৰপন্থী সংগঠনটোৱে হিন্দী আৰু স্থানীয় গোন্দী ভাষাত প্ৰকাশ কৰিছে এই পত্ৰিকা৷ উল্লেখযোগ্য যে সুকুমাত নিহত ১২ জন ছহিদৰ পৰিয়ালক গড়ে ১০ লাখ টকা আৰ্থিক অনুদান আগবঢ়াইছিল অক্ষয় কুমাৰে৷ আনহাতে চাইনা নেহৱালে প্ৰত্যেক পৰিয়াললৈ আগবঢ়াইছিল ৫০ হাজাৰ টকা৷

তদুপৰি চৰকাৰৰ ৱেৱচাইট ’ভাৰত কে বীৰ ডট গভ ডট ইন’ৰ পৰিকল্পনা কৰিছিল অক্ষয়ে৷ উক্ত ৱেৱছাইটৰ জৰিয়তে অৰ্ধসৈনিক যেনে চিআৰপিএফ, বিএছফ ইত্যাদি ছহিদৰ পৰিয়ালক যিকোনো ব্যাক্তিয়ে প্ৰত্যক্ষভাৱে আৰ্থিক অনুদান আগবঢ়াব পাৰিব৷