• ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদ-বদল
  • কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক সাল-সলনি

গুৱাহাটীঃ  নতুন চৰকাৰে ৰাজ্যখনৰ শাসনভাৰ লোৱাৰ পিচতেই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনত ব্যাপক সাল-সলনি ঘটোৱা হৈছে। উল্লেখযোগ্য যে এইটো বছৰত অসম আৰক্ষীত এইটোৱেই বৃহৎ ৰদ-বদল৷ আজি ৰাজ্যখনৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিৱ এম এছ মানিভান্নানে প্ৰকাশ কৰা এই ব্যাপক ৰদ-বদলৰ তালিকাখন তলত দিয়া হ’ল৷

ৰাজ্যৰ বহুকেইখন জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি কৰা হৈছে ৷ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাৱে বদলি কৰা হৈছে ৷ যোৰহাটৰ নতুন আৰক্ষী অধীক্ষক হ’ব অংকুৰ জৈন ৷ চিৰাঙৰ আৰক্ষী অধীক্ষক নিুক্তি দিয়া হৈছে আই পি এচ বিষয়া গৌৰৱ উপাধ্যায়ক৷ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক৷ হাইলাকান্দিৰ নতুন SP হ’ব হামৰেণৰ ৰমনদীপ কৌৰ। বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰূপে বদলি৷ কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাক দুৰ্নীতি নিবাৰকৰআৰক্ষী অধীক্ষক হিচাৱে নিযুক্তি ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি৷ নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ আৰক্ষী অধীক্ষক ৰূপে বদলি৷ মাজুলীৰ আৰক্ষী অধীক্ষক এন অপৰ্ণাক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি৷ গুৱাহাটীৰ অপৰাধ শাখাৰ ডিছিপি বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে চৰাইদেউৰ এছ মিশ্ৰক ৷ গুৱাহাটী পূব মণ্ডলৰ ডিছিপি হিচাপে নিযুক্ত শুভ্ৰজ্যোতি বৰা৷ গুৱাহাটীৰ অপৰাধ শাখাৰ ডিছিপি নিযুক্ত মোহনলাল মীনা ৷
শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি ৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক ৷ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক ৰূপে বদলি দেৱজিত দেউৰীক ৷ মাজুলীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি গৌতম বৰাক ৷ মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি ৷ বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি ৷ চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক চৰাইদেউৰ আৰক্ষী অধীক্ষক ৰূপে বদলি৷ মাজুলীৰ পৰা লংনিট টেৰাঙক গুৱাহাটীৰ এ আই জি পি ৰূপে বদলি ৷ বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি স্বপ্ননীল ডেকাক ৷ বঙাইগাঁৱৰ সুবোধ সোণোৱালক আৰক্ষী অধীক্ষক ৰূপে দক্ষিণ শালমৰালৈ বদলি ৷ যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰক সপ্তম অসম পুলিচ বেচেলিয়ানলৈ বদলি ৷ শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক বৰপেটালৈ বদলি কৰা হৈছে ৷ বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি ৷ দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি সুশান্ত বিশ্ব শৰ্মাক ৷ ওদালগুৰিৰ  আৰক্ষী অধীক্ষক ৰিপুল দাসক বিশ্বনাথৰআৰক্ষী অধীক্ষক হিচাপে বদলি ৷ হামৰেণৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি অজাগৱৰান বসুমতাৰীক৷ মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি৷ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে৷