মাজুলীঃ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ পালনাম মহোৎসৱ। যোৱা ১২ নৱেম্বৰৰ (২৫কাতি) পৰা অনুষ্ঠিত হৈ থকা এই পালনাম মহোৎসৱ আজি পঞ্চম দিনত ভক্তৰ পাৰ ভঙা উচ্ছাহ পৰিলক্ষিত হয়। 

এগছি বন্তি, শৰাই আগবঢ়াই ভক্ত সকলে পালনামত সেৱা জনাই মনোকামনাপুৰণৰ বাবে সেৱা-আশীৰ্বাদ লয়। সত্ৰ খনৰ ৩৬৫ বছৰীয়া পৰম্পৰা অটুট ৰাখি সত্ৰৰ বৈষ্ণৱসকলে পাল অনুসৰি নাম ডাকে এই পালনামেই এতিয়া ভক্তৰ সমাগমেৰে বৈকুণ্ঠ পুৰী সদৃশ পৰিৱেশৰ সুচনা হৈছে। মাজুলীবাসীৰ লগতে ঠাইখনৰ বাহিৰৰ হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বিলাই কালৈ এই মহোৎসৱ সামৰণি পাৰিব। 

এই মহোৎসৱ লগত সংগতি ৰাখি সত্ৰখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতি শিক্ষাৰ্থীক শ্ৰীশ্ৰী গোবিন্দ স্বৰ্ণ পদক প্ৰদান কৰি আহিছে। ২০০০ চনৰ পৰা সত্ৰখনে প্ৰদান কৰি অহা এই পদক এই বৰ্ষত মঙ্গলদৈ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰী অনামিকা বৰুৱা আৰু মঙ্গলদৈ নবৰুপা হাইস্কুলৰ ছাত্ৰী অনামিকা দাসে লাভ কৰিবলৈ সক্ষম হৈছে। কাইলৈ বিয়লি সত্ৰখনৰ সত্ৰাধিকাৰ চ’ৰাত এক গাম্ভীৰ্যপূণ অনুষ্ঠাৰ যোগেদি সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে স্বৰ্ণ পদক দুয়ো গৰাকী কৃতি শিক্ষাৰ্থীক প্ৰদান কৰিব।