পাকিস্তানঃ ৰাষ্ট্ৰসংঘৰ শান্তিৰ দূতৰ বাবে নিৰ্বাচিত হৈছে পাকিস্তানৰ সমাজকৰ্মী মালালা ইউচুফজাই৷ শান্তিৰ নোবেল বটা বিজয়ী মালালা ইউচুফজাইক ৰাষ্ট্ৰসংঘৰ শান্তিৰ দূতৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গোটেৰেছে এই সন্মানৰ বাবে নিৰ্বাচিত কৰে৷

ৰাষ্ট্ৰসংঘৰ এই সৰ্বোচ্চ সন্মানৰ কথা শুক্ৰবাৰে ঘোষণা কৰা হয়৷ মালালাৰ লগতে হলিউডৰ অভিনেতা লিউনাৰ্ড কেপ্ৰীকও, মাইকেন ডোগালছকে ধৰি কেইবাজনো বিশিষ্ট ব্যাক্তিক নিৰ্বাচিত কৰা হয়৷ সোমবাৰে এই সন্মান আগবঢ়োৱা হ’ব৷

উল্লেখযোগ্য যে পাকিস্তানত নাৰী শিক্ষাৰ হকে সংগ্ৰাম কৰাৰ বাবে মালালাক ২০১৪ ত শান্তিৰ নোবেল দিয়া হৈছিল৷ আনহাতে লিওনাৰ্ড কেপ্ৰীকওই বিগত কেইবাবছৰো প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি আহিছে৷ 

উল্লেখ্য যে অহা ২৬ ছেপ্তেম্বৰত হ’বলগা গ্ল’বেল চিটিজেন ফেষ্টিভেলত বিশ্বখ্যাত হলিউড অভিনেতা লিওনাৰ্ডৰ লগতে বেন কী মুন, মাৰ্ক জুকাৰবাৰ্গ আদি বিশ্ববিখ্যাত লোকক লগ পাব মালালাই। বিশ্বজুৰি দৰিদ্ৰতা, বৈষ্যমতা আৰু জলবায়ু পৰিৱৰ্তনৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য হাতত লৈছে এই উৎসৱে।