নতুন দিল্লীঃ এফালে নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন। আনফালে অপুষ্টিত প্ৰতিদিনে গঢ়ে ৬৪ টা শিশুৰ মৃত্যু। ক’ৰবাত যেন সামঞ্জস্য নোহোৱা হৈছে মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ সপোন আৰু বাস্তৱৰ মাজত। এনে এখন ছৱিয়েই প্ৰতিফলিত হৈছে শেহতীয় এক প্ৰতিবেদনত। 'আউটলুক ইণ্ডিয়া’ৰ শেহতীয়া এক প্ৰতিবেদন মতে ২০১৬ চনৰ এক প্ৰতিবেদন অনুযায়ী গেৰুৱা দলৰ শাসনাধিস্থ মধ্যপ্ৰদেশত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি। ৰাজ্যখনত ছয় বছৰৰ তলৰ ৬৪ টা শিশুৱে অপুষ্টিজনিত কাৰণত মৃত্যুক সাৱতি ল’বলগা হয়। 

এই প্ৰতিবেদনে ৰাজ্যখনত খলকনি তোলাৰ সময়তে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই প্ৰতিবেদন হজম হোৱা নাই ৰাজ্য চৰকাৰখনৰ। বিভাগটোৰ প্ৰতিবেদন মতে আকৌ বছৰতহে মৃত্যু হয় ১১৬ শিশুৰ।

তাৎপৰ্যপুৰ্ণ কথা যে মহিলা আৰু শিশুকল্যাণ বিভাগৰ মন্ত্ৰী অৰ্চনা চিতনিসে দাবী কৰা মতে ২০১৫ আৰু ২০১৬ বৰ্ষত কোনো শিশুৰে অপুষ্টিজনিত কাৰণত মৃত্যু হোৱা নাই।