গুৱাহাটীঃ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অসমত প্ৰাৰ্থিত্বত থিয় কৰোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতা কৰে৷

শুকুৰবাৰে ধুবুৰীত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বেনাৰ্জীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে এজন বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব পাবলৈ ছয় বছৰ অপেক্ষা কৰিব লাগিব৷ তেওঁ প্ৰশ্ন কৰে এয়া কিয়? এই ছয়বছৰত আপুনি কি কৰিব? আপোনাৰ চাকৰি, স্কুলৰ শিক্ষা আৰু আন আন প্ৰয়োজনীয়তাবোৰ এই ছয়বছৰত কেনেকৈ পুূৰণ কৰিব?

এয়া এক ষড়যন্ত্ৰৰ বাদে আন একো নহয় বুলি নেত্ৰী গৰাকীয়ে মন্তব্য কৰে৷ 

অসমৰ ভোটাৰক তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনাই বেনাৰ্জীয়ে কয় যে তেতিয়াহে সংসদত ভোটাৰৰ হৈ মাত মাতিব পৰা যাব৷ 

সিফালে, অসমত হৈ থকা নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এন আৰ চিৰ খচৰা তালিকাত ৪০ লাখ মানুহৰ নাম বাট পৰাৰ লগে লগে তেওঁ অসমলৈ এটা সজাতি দল প্ৰেৰণ কৰিছিল৷ কিন্তু অসমৰ বিজেপি চৰকাৰে দলটোৰ অসমৰ ভ্ৰমণত বাধা আৰোপ কৰে৷

এতিয়া বিজেপি চৰকাৰে প্ৰতিটো কেন্দ্ৰতে কেন্দ্ৰীয় বাহিনী নিয়োগ কৰিবলগীয়া হৈছে৷ বিজেপিয়ে দেশখন ধ্বংস কৰিলে আৰু ইয়াৰ পাছতো দলটোৱে পুনৰ ক্ষমতালৈ আহিবলৈ চেষ্টা কৰিছে৷