ইজিপ্তৰ পিৰামিডত ৬০০০ বছৰ পুৰণি মেকুৰীৰ মাম্মি

কাইৰোঃ মিছৰীয় সভ্যতাত মেকুৰীৰ এক বিশেষ স্থান আছিল। এয়াই প্ৰমাণ হৈছে শেহতীয়া এক আৱিষ্কাৰত। ইজিপ্তৰ মেমফি নামৰ ঠাইখনৰ এটা পিৰামিডত পোৱা গৈছে বহুতো মেকুৰীৰ মাম্মি। 

দেশখনৰ পুৰাতত্ব বিভাগে শনিবাৰে ঘোষণা কৰে যে এটা বিশেষজ্ঞৰ দলে বহুতো মাম্মি কৰা মেকুৰীৰ লগতে ১০০ টা কাঠৰ মেকুৰীৰ মূৰ্তি আৰু পৌৰাণিক ইজিপ্তৰ মেকুৰীৰ দেৱী 'বাষ্টেট’ৰ ১২ টা মূৰ্তি আৱিষ্কাৰ কৰিছে। এই মাম্মিসমূহ ৬০০০ বছৰ পুৰণি বুলি প্ৰকাশ।

মন কৰিবলগীয়া যে আৰব দেশসমূহত দেখা দিয়া অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ পাছত ইতিহাস-সমৃদ্ধ ইজিপ্তলৈ পৰ্যটকত সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছিল আৰু শেহতীয়া আৱিষ্কাৰসমূহে দেশখনলৈ পুনৰ পৰ্যটকৰ সোঁত বোৱাব বুলি আশা কৰা হৈছে।

বিশেষজ্ঞসকলে কয় যে দেৱ-দেৱীৰ খাদ্য হিচাপে এনেদৰে কবৰত জন্তুৰ মাম্মি ৰখা হৈছিল। সাম্প্ৰতি গিৰ্জাত মমবাতি জ্বলোৱাৰ দৰে সেই সময়ত ইজিপ্তবাসীয়ে জন্তুক মাম্মি কৰি দেৱতাক সন্তুষ্ট কৰিছিল। 

মেকুৰীৰ লগতে শেহতায়াককৈ ইজিপ্তৰ কবৰত এটা সিংহ, এটা গৰু  আৰু এটা চিকাৰী চৰাই 'ফালকন’ৰ মূৰ্তিও পোৱা গৈছে।