Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ পুৰুষৰ সকলো ভাল গুণেৰে জীপাল হৈ থাকে পতিতালয়ৰ দুৱাৰৰ সন্মুখৰ মাটি। কোৱা হয়, বেশ্যালয়ত প্ৰৱেশৰ পূৰ্বে দুৱাৰমুখত সততা আৰু সকলো গুণ দেহৰ পৰা বিসৰ্জন দিয়ে পুৰুষে। যাৰ বাবে সদায়ে পৱিত্ৰ পতিতালয়ৰ দুৱাৰৰ ভূমি।

এই বিশ্বাসৰ বাবে দেৱী প্ৰতিমা নিৰ্মাণতো ব্যৱহাৰ কৰা হয় বেশ্যালয়ৰ মাটি। পিছে হাজাৰ হ'লেও কিজানি পতিতালয়ৰ দুৱাৰত প্ৰেমক বিসৰ্জন দিব নোৱাৰে অভিমানী পুৰুষে। সকলো গুণ শোষণ কৰা ভূমিভাগেও আকৰ্ষণ কৰিব নোৱাৰে প্ৰণয়ক।

কামুকৰ দেহৰ তাড়ণা নিবাৰণ কৰা পতিতাৰো থাকে হৃদয়। যাৰ বাবেই পতিতালয়ৰ ভিতৰত প্ৰেমৰ প্ৰৱেশ নিষিদ্ধ নহয়। ইয়াকে প্ৰমাণ কৰিলে দিল্লীৰ এজন যুৱকে। দেহোপজীৱিনীৰ প্ৰণয়বাণত আহত হোৱা লোকজনক সহায় কৰিলে আৰক্ষী আৰু মহিলা আয়োগে।

আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বে দিল্লীৰ সদৰ বজাৰত এগৰাকী যুৱতীক তেওঁ লগ পাইছিল। পৰৱৰ্তী সময়ত যুৱকজনে জানিব পাৰিলে যে প্ৰথম দৃষ্টিতে তেওঁৰ হৃদয় কাঢ়ি নিয়া সুন্দৰী পতিতা। যাৰ কৰ্মস্থলী জি বি ৰোডৰ পতিতালয়।

ক্ৰমশঃ গ্ৰাহকৰ বেশ ধৰি তেওঁ স্বপ্নৰ প্ৰেয়সীক প্ৰেম নিবেদন কৰিলে। সফলো হল। আৰম্ভ কৰিলে পতিতালয়তে ডেটিং। পিছে নিশ্চিদ্ৰ পহৰাৰ বাবে পতিতালয়ৰ পৰা পলাব নোৱাৰিলে পতিতা। 

এই বিষয়ত এইবাৰ যুৱকজন কায চাপিল দিল্লী মহিলা আয়োগ আৰু আৰক্ষীৰ। অৱশেষত উদ্ধাৰ হ'ল পতিতালয়ৰ প্ৰণয়িনী। আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হল দুয়োৰে বিবাহ। যুৱকজনৰ এনে মহানুভৱতা আৰু সাহসক ভূয়সী প্ৰশংসা কৰিছে নতুন দিনৰ সপোন দেখা প্ৰতিজন লোকে।