ফটো সৌজন্যঃ ফেচবুক
ফটো সৌজন্যঃ ফেচবুক

নগাঁওঃ অসমৰ অভিনয় জগতৰ অন্যতম বলিষ্ঠ অভিনেতা গুণ মহন্তলৈ আগবঢ়োৱা হৈছে 'মঞ্চ কোঁৱৰ' উপাধি৷

নগাঁৱৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সন্মিলিত ৰাংঢালী সংঘ'ই প্ৰবীণ অভিনেতাগৰাকীক বটদ্ৰৱা সমষ্টিৰ খালৈগাঁও এফলীয়াবড়িত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপাধি প্ৰদান কৰে৷

উল্লেখ্য যে ল’ৰালি কালৰে পৰা অভিনয়ৰ লগত সাঙুৰ খাই পৰা জনপ্ৰিয় অভিনেতা গুণ মহন্তই অসমীয়া ভাওনাৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল৷

তেঁও বৰ্তমানলৈকে দুকুৰিৰো অধিক অসমীয়া ছবি, প্ৰায় শতাধিক টি ভি চিৰিয়েল আৰু টেলিফিল্মৰ লগতে বহুকেইখন মঞ্চ নাটত অভিনয় কৰিছে৷

নগাঁও চহৰৰ ফৌজদাৰীপট্টি নিবাসী অভিনেতা মহন্ত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতঃপোতভাৱে জড়িত হৈ আছে।