ভুৱনেশ্বৰঃ কৰ’না ভাইৰাছক লৈ সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ। প্ৰতিখন ৰাজ্যক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। ইয়াৰ মাজতে ওড়িশা চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এই অনুযায়ী বিদেশৰ পৰা ৰাজ্যখনলৈ ওভতা লোকসকলৰ নাম পঞ্জীয়ন কৰাতো বাধ্যতামূলক কৰিছে ওড়িশাৰ নবীন পাটনায়ক চৰকাৰে।

ৰাজ্যখনৰ মুখ্য সচিব এ কে ত্ৰিপাঠীয়ে এক নিৰ্দেশনাযোগে সদৰী কৰা মতে নাম নথিভুক্ত কৰি ১৪ দিনৰ বাবে আইছ’লেশ্যনত থাকিলে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব ১৫ হাজাৰ টকাৰ এককালীন সাহায্য। ওড়িশা চৰকাৰৰ ৱেবছাইটযোগে বা হেল্পলাইন নম্বৰ ১০৪ত ফোন কৰি বিদেশৰ পৰা ওড়িশালৈ ওভতি অহা সকলোৱে নাম পঞ্জীয়ন কৰিব পাৰিব বুলি কোৱা হৈচে চৰকাৰী নিৰ্দেশনাত।

দেশলৈ ওভতাৰ ২৪ ঘণ্টাৰ ভিতৰতে নিজৰ নাম নথিভুক্ত কৰিবলৈকো কোৱা হৈছে নিৰ্দেশনাটোত। পৰাপক্ষত দেশলৈ উভতাৰ পূৰ্বেই নাম পঞ্জীয়ন কৰিবলৈকো কোৱা হৈছে। ইয়াৰ জৰিয়তে বিদেশৰ পৰা ওভতা লোকসকলক ট্ৰেক কৰাত সুবিধা হ’ব বুলি আশা কৰা হৈছে। 

চৰকাৰী সূত্ৰই সদৰী কৰা মতে আইছ’লেশ্যনত থকা সময়ছোৱাত সকলোৰে লোকেশ্যন আৰু স্বাস্থ্যৰ ওপৰত নিয়মিত নজৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে যিসকলে ইতিমধ্যে ৰাজ্যখনত আহি উপস্থিত হৈছে সেইসকলক অহা ৪৮ ঘণ্টাৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে ওড়িশা চৰকাৰে। বিদেশৰ পৰা ওভতি অহাৰ পিছতো নাম পঞ্জীয়ন নকৰা লোকসকল শাস্তিৰ সন্মুখীন হ’ব বুলিও সকীয়াই দিয়া হৈছে চৰকাৰী নিৰ্দেশনাটোত।