ইম্ফলঃ আজি পুৱাৰ পৰা আৰম্ভ হৈছে মণিপুৰৰ বিধানসভা নিৰ্বাচৰ ভোটদান কাৰ্যসূচী৷ দিনৰ ১১  বজালৈ ৪৩% ভোট গ্ৰহণ সম্পন্ন হৈছে৷ ৬০ খন আসনৰ বাবে হ'বলগা এই নিৰ্বাচনত ৬ টা  দলে প্ৰতিদ্বন্দিতা কৰিছে আৰু প্ৰথমবাৰৰ "প্ৰজা" দলে প্ৰতিদ্বন্দিতা আগবঢ়াইছে৷ সন্ত্ৰাসজৰ্জৰিত মণিপুৰত "প্ৰজা"ৰ হৈ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে লৌহ মানৱী ইৰম শৰ্মিলাই৷

যিসময়ত প্ৰজা দলৰ  সদস্যসকলে দান বৰঙনিৰে নিৰ্বাচন খেলিব লগীয়া হৈছে সেই সময়তে দ্বিতীয় পৰ্যায়ৰ মুঠ ৯৮ জন প্ৰতিদ্বন্দিৰ ২৯ জনেই কোটিপতি৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব৷

কিন্তু উত্তৰ-পুৰ্বাঞ্চলৰ বাকী ৰাজ্যসমুহৰ দৰে মণিপুৰতো ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ কম৷ প্ৰথম পৰ্যায়ত কেৱল ৬ গৰাকী মহিলাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে৷ দ্বিতীয় পৰ্যায়ত এগৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত৷ ৰাজ্যখনৰ আটাইতকৈ পুৰণি আঞ্চলিক দল মণিপুৰ পিপলছ পাৰ্টীৰ পৰা ১৩ জন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে৷ ১৪ বছৰে কংগ্ৰেছ শাসিত ৰাজ্যখনত এইবাৰ পৰিৱৰ্তনৰ আশা দেখিছে ৰাইজে৷ 

দুটা পৰ্যায়ত হ'বলগা এই নিৰ্বাচনৰ দ্বিতীয়টো পৰ্যায়ৰ ভোটগ্ৰহণ ৮ মাৰ্চত হ’ব।