ইম্ফলঃ ৰাজনীতিত কিনা-বেচা কোনো নতুন কথা নহয়৷ কিন্তু সমাজৰ বাবে সংগ্ৰাম কৰাৰ পণ লোৱাগৰাকীক কিনাৰ বাবে উৎকোচ দিয়াজন হ’ব দুঃসাহসী৷ এই দুঃসাহসেই দেখুওৱাৰে অভিযোগ উত্থাপন কৰিছে মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই৷ তাকো এই দুঃসাহস কৰিছে গেৰুৱা দলৰ প্ৰতিনিধিয়ে৷ এই অভিযোগ শৰ্মিলাৰ৷

পিছে টকাৰ বাবে হেনো আদৰ্শ বিক্ৰী নকৰে শৰ্মিলাই৷ উগ্ৰপন্থী সমস্যাৰে জৰ্জৰ মণিপুৰত মানৱ অধিকাৰৰ বাবে বিগত দুটা দশকজুৰি যুঁজ দিয়া শৰ্মিলাই ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্ত লোৱাৰ দুদিন নৌহৌওতেই শৰ্মিলাক উৎকোচ যাঁচিছে ভাৰতীয় জনতা দলৰ প্ৰতিনিধি এজনে৷ এই কথা সোমবাৰে সংবাদমেলৰ আগত সদৰী কৰি শৰ্মিলাই কয় যে ধনৰ বাবে আদৰ্শৰে আপোচ নকৰে শৰ্মিলাই৷ 

বিগত ডেৰটা দশকজুৰি মণিপুৰৰ ৰাজনীতিৰ গাদী দখল কৰি থকা অক্ৰাম ইববি সিঙৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি এগৰাকীয়ে ৩৬ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি শৰ্মিলাই কয় ৷ ১৫ বছৰ ইববিৰ শাসনৰ কালচোৱাত ৰাজ্যখনত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাকে ইচ্ছ্যু হিচাপে লৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শৰ্মিলাৰ কাষ চাপিছিল বিজেপিৰ প্ৰতিনিধি এজনে৷ সোমবাৰে এক সংবাদমেলত শৰ্মিলাই এই কথা প্ৰকাশ কৰে৷  

উল্লেখ যে নেত্ৰীগৰাকীয়ে নিজৰ নৱগঠিত দল "পিপ্‌লছ ৰিছাৰ্জেঞ্চ এণ্ড জাষ্টিছ এলায়েন্স (প্ৰজা) ৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সমষ্টিৰপৰা যুঁজত অৱতীৰ্ণ হ’ব৷