Printer-friendly version

সমগ্ৰ বিশ্ব এতিয়া ভাইৰাছৰ গ্ৰাসত। শত্ৰু দেশক আক্ৰমণ কৰিবলৈ এতিয়া কোনো দেশ ব্যস্ত হৈ পৰা নাই পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰক লৈ। আমেৰিকাৰ সেনাই এইখন দেশলৈ নিজৰ সেনা বাহিনী প্ৰেৰণ কৰিছে বুলিও বাতৰি পোৱা হোৱা নাই। প্ৰকাশ পোৱা নাই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ খবৰ। শান্ত হৈ আছে দেশসমূহৰ সীমান্ত, নাই সৈন্যবাহিনীৰ কুচকাৱাজ। ভাইৰাছৰ সমুখত অৰ্থহীন হৈ পৰিছে শক্তিশালী মাৰণাস্ত্ৰসমূহ। 

সীমান্তত সেনা সঞ্চালনৰ পৰিৱৰ্তে দেশে দেশে বৃদ্ধি পাইছে চিকিৎসক আৰু নাৰ্ছসকলৰ ব্যস্ততা। এটা এটা বেজী, চেলাইন সম্প্ৰতি কেবালাখ ট্ৰেংক, মেচিনগানতকৈ কোটি কোটি গুণে শক্তিশালী হৈ পৰিছে। এনেদৰেই এতিয়া সমগ্ৰ পৃথিৱী ব্যস্ত হৈ পৰিছে ভাইৰাছ বিৰোধী যুঁজত। ভাইৰাছৰ বিৰুদ্ধে মানৱ জাতিৰ এয়াই প্ৰথম যুদ্ধ নহয়। ইয়াৰ পূৰ্বেও ভাইৰাছৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম কৰি জয় লাভ কৰিছে মানৱ জাতিয়ে। আজিৰ দেওবৰীয়া শিতানত আগবঢ়োৱা হৈছে ভাইৰাছৰ বিৰুদ্ধে মানুহৰ প্ৰথম জয়ৰ লোমহৰ্ষক কাহিনী সম্পৰ্কে লেখক আব্দুৰ ৰছিদ চৌধুৰীৰ এটি বিশেষ লেখা।


বৰ আই! বৰ আইৰ সতে আমি এতিয়া আগৰ দৰেকৈ পৰিচিত নহয়। কিন্তু এটা সময়ত প্ৰায় সকলো মানুহে ইয়াৰ লগত পৰিচিত আছিল। বহু আগৰে পৰাই ভাৰতীয় উপমহাদেশত বৰ আইৰ প্ৰাদুৰ্ভাৱ দেখা যায়। আনকি আমাৰ লোক বিশ্বাসতো ঠাই দখল কৰি আছে বৰ আই বা বসন্ত ৰোগে। লোক বিশ্বাস অনুযায়ী এই বসন্ত নিৰ্মূলৰ বাবে আবিৰ্ভাৱ হৈছিল শীতলা দেৱীৰ। ইয়াৰ উপৰিও উনবিংশ আৰু বিংশ শতিকাৰ সাহিত্যিকসকলৰ গল্প-উপন্যাসতো প্ৰাধান্য পাইছিল মুখত বসন্তৰ দাগ (আইৰ ফুল) থকা বহু চৰিত্ৰই।

বৰ আইৰ উৎপত্তিৰ সঠিক সময় জানিব পৰা নাযায়। তথাপিও ইতিহাসবিদসকলে ধাৰণা কৰে যে প্ৰায় দহ হাজাৰ বছৰ পূৰ্বে আফ্ৰিকাৰ উত্তৰ-পূৱ অঞ্চলত এই ভাইৰাছৰ প্ৰথম সংক্ৰমণ ঘটিছিল।

বৰ আই হ’ল মানৱ ইতিহাসৰ এটি অন্যতম ভয়ংকৰ ৰোগ। ইয়াতে অন্য যিকোনো মহামাৰীতকৈ অধিক লোকৰ মৃত্যু হৈছিল। অন্য মহামাৰীৰ দৰে এই বৰ আইৰ ভাইৰাছ বিধেও মানুহৰ বাহিৰে অন কোনো প্ৰণীক আক্ৰমণ কৰা নাছিল। ইয়াৰ একমাত্ৰ চিকাৰ আছিল কেৱল মানুহ।

ভাইৰাছ বিধে অতি সহজে এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পি পৰিছিল। আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ আদ্ৰ তৰল (Moist Liquid)ত ভাইৰাছ বিধে বাস কৰে। বিশেষকৈ হাওঁফাওঁত প্ৰৱেশ কৰি দেহজ তৰলত ই বংশ বৃদ্ধি কৰে। ফলত আক্ৰান্ত ব্যক্তিৰ হাঁচি, কাহ, বা কথা-বতৰা কৰাৰ সময়ত খুব সহজে যিকোনো ব্যক্তি বৰ আইৰ চিকাৰ হৈছিল।

ভেৰিৱালা নামৰ ভাইৰাছ বিধ বৰ আইৰ কাৰণ। ডাম্বেল আকৃতিৰ এই ভাইৰাছ বিধ অন্য ভাইৰাছৰ তুলনাত ডাঙৰ। বিজ্ঞানীসকলে সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰ সহায়তে ইয়াক দেখা পায়। আকৃতিত ডাঙৰ হোৱা বাবে ইয়াৰ দেহত থকা জিনোমৰ সংখ্যা অন্য ভাইৰাছৰ তুলনাত বহু বেছি। উদাহৰণস্বৰূপে এইচ আই ভিত ১০টা জিন, ইবোলাত সাতটা জিন থাকে। ইয়াৰ তুলনাত ভেৰিৱালাত থকা জিনৰ সংখ্যা বহু বেছি। এই সংখ্যা প্ৰায় দুশৰ ওচৰা ওচৰি।

ভেৰিৱালাই আক্ৰান্ত ব্যক্তিৰ চালৰ কোষ, লচিকাগ্ৰন্থি, প্লীহা (Spleen) আনকি হাৰৰ মজ্জাতো আক্ৰমণ কৰে। জ্বৰ, বমি আৰু সমগ্ৰ শৰীৰত ৰঙা ৰঙৰ এক প্ৰকাৰ ফোহা ওলোৱাটো হৈছে এই ৰোগৰ প্ৰধান লক্ষণ। এই ভাইৰাছে কোনো অঞ্চলত আক্ৰমণ কৰিলে ৰোগাক্ৰান্ত ব্যক্তিসকলৰ প্ৰায় ত্ৰিশ শতাংশৰে আক্ৰান্ত হোৱাৰ দুই সপ্তাহৰ ভিতৰত মৃত্যু হয়। আনহাতে যিসকল বাচি থাকে তেওঁলোকে গোটেই জীৱন শৰীৰত ইয়াৰ ক্ষতচিহ্ন লৈ ফুৰিবলগীয়া হৈছিল। বহুতৰ চকু আক্ৰান্ত হোৱাৰ ফলত অন্ধ পৰ্যন্ত হ’বলগীয়া হৈছিল। মিচৰৰ মমিসমূহ বিশ্লেষণ কৰি অতি কমেও তিনিটা মমি চিনাক্ত কৰা হৈছিল, যাৰ পৰা জানিব পৰা গৈছে যে, তেওঁলোকৰ বৰ আইত মৃত্যু হৈছে। এই মমিসমূহৰ ভিতৰত পঞ্চম ফেৰাও ৰামেছিছৰ মমিও আছে।

বৰ আইৰ বিশ্বজুৰি বিস্তাৰ

খৃষ্টপূৰ্ব ১৩৫০ত মিচৰীয়সকলৰ হিটাইটসলৰ লগত হোৱা যুদ্ধৰ সময়ত এচিয়া মাইনৰত বৰ আইৰ প্ৰৱেশ ঘটে। মিচৰৰ যুদ্ধবন্দীসকলৰ মাজৰ পৰাই মূলত হিটাইটসলৰ সাম্ৰাজ্যত এই ৰোগবিধ বিয়পি পৰে। ইয়াৰ ফলত তেওঁলোকৰ ৰজাৰো মৃত্যু হৈছিল আৰু সাম্ৰাজ্যত ভয়ংকৰ বিপদ নামি আহিছিল।

মিচৰৰ ব্যৱসায়ীসকলে ইয়াৰ ওচৰৰ বহু অঞ্চললৈ বেমাৰ বিধ বৈ লৈ গৈছিল। বহুতে ধাৰণা কৰে যে খৃষ্টপূৰ্ব প্ৰথম শতিকাত মিচৰৰ ব্যৱসায়ীসকলেই ভাৰতলৈ বৰ আই আনিছিল। আনহাতে ষষ্ঠ শতিকাত চীন আৰু কোৰিয়াৰ ব্যৱসায় বৃদ্ধি হোৱাত দ্বীপৰাষ্ট্ৰ জাপানতো বৰ আই বিয়পি পৰে।

সপ্তম শতিকাত আৰবসকলে একৰ পিছত এক অঞ্চল জয় কৰাৰ জৰিয়তে পৃথিৱীত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। সেই সময়ত আৰবসকলৰ হাত ধৰিয়ে এই ৰোগবিধ উত্তৰ আফ্ৰিকা, স্পেইন আৰু পৰ্টুগালত বিয়পি পৰিছিল। একাদশ শতাব্দীত ক্ৰুচেডৰ সময়ত ই আকৌ ইউৰোপত বিয়পি পৰে। পঞ্চদশ শতিকাত পৰ্তুগীজ সৈন্য বাহিনীৰ জৰিয়তে পশ্চিম আফ্ৰিকাত আৰু ষোড়শ শতিকাত ইউৰোপিয়ান সকলে আমেৰিকাৰ জয় কৰাত এই ভাইৰাছ মধ্য আৰু দক্ষিণ আমেৰিকাত বিয়পি পৰে। 

প্ৰায় একে সময়তে কেৰিবিয়ান দ্বীপপুঞ্জতো এই ৰোগৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ইউৰোপীয়ান সকল আমেৰিকালৈ অহাৰ পূৰ্বে তাত বৰ আইৰ কোনো প্ৰভাৱ নাছিল। সোতৰ শতিকাত ইউৰোপৰ দেশসমূহ বিশেষকৈ বৃটেইনৰ বিজয় অভিযানৰ ফলত আমেৰিকাৰ আদিবাসী লোকসকলৰ মাজত এই ভাইৰাছ ভয়ানকভাৱে বিয়পি পৰে। আমেৰিকাৰ আদিবাসীসকলে ইউৰোপৰ সেনাবাহিনীতকৈ বৰ আইলৈ বেছি ভয় কৰিছিল। অষ্টাদশ শতিকাত বৃটিছ নাবিকসকলৰ জৰিয়তে অষ্ট্ৰেলিয়াত বৰ আই প্ৰৱেশ কৰে। কিন্তু অষ্ট্ৰেলিয়াত ই কোনো দিনে ভয়াৱহ ৰূপ ধাৰণ কৰা নাছিল।

ইংলেণ্ডৰ ৰাণী প্ৰথম মেৰী, তেওঁৰ স্বামী দ্বিতীয় উইলিয়াম, ৰাণী দ্বিতীয় মেৰী, স্পেইনৰ ৰজা প্ৰথম লুই, ফ্ৰান্সৰ ৰজা পঞ্চদশ লুই আৰু প্ৰাচীন চীনৰ সম্ৰাটৰ বাহিৰেও অনেক ৰজা মহাৰজা আৰু কিম্বদন্তিয়ে বৰ আইত মৃত্যু বৰণ কৰিছিল। ১৭৬৭ চনত মাত্ৰ ১১ বছৰ বয়সত সুৰসম্ৰাট মোৰ্টাজ বৰ আইত আক্ৰান্ত হৈছিল। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে এই ৰোগত আক্ৰান্ত হৈছিল। আব্ৰাহাম লিংকন ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত বৰ আইৰ চিকাৰ হৈছিল। আনকি ঐতিহাসিক গেটিছবাৰ্গ বক্তৃতা দিয়াৰ সময়তো তেওঁৰ গাত ৰোগ বিধৰ লক্ষণ দেখা গৈছিল। পৃথিৱীৰ ইতিহাসত বৰ আইত আক্ৰান্ত হৈ লাখ লাখ মানুহৰ মৃত্যু হৈছিল। কেৱল  বিংশ শতাব্দীতে ৩০ৰ পৰা ৫০ কোটি লোকে জীৱন দিছে এই ৰোগত।

বৰ আইৰ প্ৰথম চিকিৎসা ভেৰিঅ'লেশ্যন (Veriolation) 

যিমানেই শক্তিশালী নহওক কিয়, ই কোনো অপৰাজেয় ৰোগ নাছিল। চিকিৎসা বিজ্ঞানৰ আধুনিক যুগৰ সূচনা হোৱাৰ বহু আগতে ইয়াৰ চিকিৎসাৰ প্ৰমাণ পোৱা যায়।  ১০২২ খৃষ্টাব্দৰ এক চীনা লিপিত এজন বৌদ্ধ সন্যাসীৰ উল্লেখ আছে। তেওঁ চীনৰ দক্ষিণ অঞ্চলৰ প্ৰদেশ ছিচুৱেনৰ বিখ্যাত পৰ্বত  ওমেই চানত বাস কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে যিলোক এবাৰ এই ৰোগত আক্ৰান্ত হৈছিল তেওঁ জীৱনত দ্বিতীয়বাৰ আৰু ইয়াৰ চিকাৰ হোৱা নাছিল। সুস্থ মানুহৰ দেহত যাতে বৰ আইৰ সংক্ৰমণ নহয় তাৰ বাবে তেওঁ এটি পদ্ধতি আবিস্কাৰ কৰিছিল। বৰ আইত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ ক্ষতস্থানৰ শুকান চামৰা গুৰি কৰি নলীৰ সহায়ত সুস্থ লোকৰ নাকত সুমুৱাই দিছিল। চিকিৎসাৰ এই ধৰণৰ পদ্ধতিক ভেৰিঅ'লেশ্যন বোলা হয়। তেওঁৰ এই পদ্ধতিয়ে ফল ধৰিছিল। ভেৰিৱালা নামটো এই ৰোগৰ ভাইৰাছ বিধৰ পৰা আহিছে। 

সময়ৰ লগে লগে এই পদ্ধতিৰ উন্নতি ঘটে। অষ্টাদশ শতিকাত চিকিৎসকসকলে বৰ আইত আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা জীৱাণু সংগ্ৰহ কৰি সুস্থ মানুহৰ বাহুত চোকা যন্ত্ৰৰ সহায়ত তিনি চাৰি ঠাইত কাটি দিছিল। এই পদ্ধতিয়ে কাম দিলেও সম্পূৰ্ণ ফলদায়ক নাছিল বুলি কব পৰা যায়। কিয়নো এইদৰে ভেৰিওলেশ্যন কৰাৰ পিছতো প্ৰায় তিনি শতাংশ লোক পুনৰ এই ৰোগত আক্ৰান্ত হৈছিল। একেদৰে ভেৰিওলেশ্যন কৰাৰ ফলত বহু লোক অসুস্থ হৈ পৰিছিল। তেনে লোকৰ মাজতো বৰ আইৰ লক্ষণ দেখা গৈছিল। অৱশ্যে ভেৰিওলেশ্যন কৰাৰ পিছত এই ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কম আছিল। এই ভেৰিওলেশ্যনক বৰ্তমানৰ প্লাজমা থেৰাপিৰ সৈতেও ৰিজাব পাৰি।

ভেকচিনৰ সৈতে গাইগৰুৰ কি সম্পৰ্ক?

ভেৰিওলেশ্যনৰ লগত ভেকচিনেশ্যন বা টিকাকৰণৰ বহু পাৰ্থক্য আছে। এই ৰোগৰ টিকাকৰণ আৰম্ভ হয় বৃটিছ চিকিৎসক এডৱাৰ্ড জোনাৰৰ হাতেৰে। জোনাৰ আছিল ইংলেণ্ডৰ গ্ল’ষ্টাৰশ্বায়াৰৰ এজন চিকিৎসক। সৰু কালত এজন শল্য চিকিৎসাৰ অধীনত শিক্ষানবিচ হিচাপে কাম কৰাৰ সময়ত তেওঁ বৰ আই সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ দিশ লক্ষ্য কৰিছিল। মাত্ৰ ১৩ বছৰ বয়সত জোনাৰে ব্ৰিষ্টলৰ ওচৰৰ চডবেৰিত চিকিৎসা কৰিবলৈ গৈছিল। তাতে তেওঁ অঞ্চলটোৰ গোপালক মহিলাসকলৰ মাজত আলোচনা হোৱা শুনিছিল যে তেওঁলোকৰ যিহেতু গোবসন্ত হৈছে তেওঁলোকৰ আৰু বৰ আই হোৱাৰ ভয় নাই। 

গোবসন্ত (Cowpox) হ’ল গৰুৰ স্তনত হোৱা এবিধ সোঁচৰা ৰোগ। জোনাৰ নিজে চিকিৎসক হোৱাৰ পিছত বিষয়টো অধ্যয়ন কৰে। তেওঁ এই কথা জানি আচৰিত হয় যে যিলোকৰ দেহত এবাৰ গোবসন্ত হৈছে তেওঁ সঁচাকৈয়ে বৰ আইত আক্ৰান্ত হোৱা নাই। প্ৰকৃততে গোবসন্ত আৰু বৰ আইৰ ভাইৰাছ একেটা পৰিয়ালৰ অন্তৰ্ভুক্ত। সেয়ে যদি কোনো মানুহৰ শৰীৰত গোবসন্তৰ ভাইৰাছ সংক্ৰমিত হয়, তেতিয়া শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা এনে ধৰণে গঢ় লৈ উঠে যাৰ ফলত তেওঁলোকে বৰ আইৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে। 

আনহাতে গোবসন্তৰ লক্ষণবোৰ ভয়াৱহ নোহোৱাৰ লগতে ই বৰ আইৰ দৰে প্ৰাণঘাতীও নহয়। সেয়ে জোনাৰে সিদ্ধান্ত ললে যে তেওঁ ভেৰিওলেশ্যনৰ দৰে পদ্ধতি ব্যৱহাৰ কৰি গোবসন্তৰ জীৱাণু মানুহৰ শৰীৰত প্ৰৱেশ কৰি পৰীক্ষা কৰিব। কথা মতেই কাম। ১৭৯৬ চনৰ ১৪ মে’ত তেওঁ গোবসন্তৰ ৰোগী এগৰাকী বিচাৰি উলিয়ালে। চাৰা নেলমছ নামৰ এগৰাকী গোপালিকাৰ গাত তেতিয়া গোবসন্তই দেখা দিছিল। যি গৰুটিৰ দেহৰ পৰা চাৰাৰ শৰীৰলৈ ৰোগ বিধৰ সংক্ৰমণ ঘটিছিল সেই গৰুটিৰ নাম আছিল ব্লছম। 

১৮০৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি থমাছ জেফাৰছনে কৃতজ্ঞতা জনাই জোনাৰলৈ এখন চিঠি দিয়ে। য’ত তেওঁ উল্লেখ কৰে, “সমগ্ৰ মানৱজাতিৰ হৈ আপোনাক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াৰ আগে কোনো ঔষধে ইমান ফল দিয়া নাছিল।...আপুনি মানৱজাতিৰ এটা বৰ ডাঙৰ দুৰ্দশা ইতিহাসৰ পৰা মছি দিবলৈ সক্ষম হৈছে। ...ভৱিষ্যৎ পৃথিৱীয়ে কেৱল ইতিহাসৰ পাতৰ পৰাই জানিব পাৰিব যে এসময়ত বৰ আই নামৰ এটি ভয়ংকৰ ৰোগৰ অস্তিত্ব আছিল আৰু আপোনাৰ জৰিয়তে সেয়া নিৰ্মূল হৈছে।’’

এইখিনিতে এটা আমোদজনক কথা উল্লেখ কৰা ভাল বুলি বিবেচনা কৰিলো। আপোনালোকে জানি আচৰিত হ’ব যে ভেকচিনেশ্যন শব্দটো আহিছে লেটিন ভাষাৰ ভেকা (Vacca) শব্দৰ পৰা যাৰ অৰ্থ হৈছে গাইগৰু। জোনাৰে গোৱালিনীৰ বসন্ত গুটিৰ পৰা অলপ তৰল সংগ্ৰহ কৰে। ইয়াৰ পিছত তেওঁ তেওঁৰ বাগনৰ মালীৰ ৮বছৰীয়া শিশুৰ বাহুত চোকা যন্ত্ৰৰ সহায়ত কাটি জীৱাণু সুমুৱাই দিয়ে। শিশুটিৰ নাম আছিল জেমছ ফিপছ। জেমছৰ বাহুৰ যি অংশত কটা হৈছিল, তাত এটা সৰু ফোহা ওলাইছিল। কিন্তু কম সময়ৰ ভিতৰতে শিশুটি সুস্থ হৈ উঠিছিল। সেই বছৰ জুলাই মাহৰ এক তাৰিখে জেমছৰ শৰীৰত বৰ আইৰ জীৱাণু প্ৰৱেশ কোনোৱাই দিয়া হয় যদিও তাৰ শৰীৰত বসন্তৰ কোনো প্ৰভাৱ দেখা নগল। 

ইয়াৰ পিছত জোনাৰে আৰু বহু ব্যক্তিৰ দেহত ইয়াৰ পৰীক্ষা কৰি সফল হয়। প্ৰথম অৱস্থাত চিকিৎসকসকলে জোনাৰৰ এই পদ্ধতিক সমালোচনা কৰিছিল। কিন্তু সময়ৰ লগেলগে জোনাৰৰ আবিস্কাৰে জনপ্ৰিয়তা অৰ্জন কৰে। ফলত লাহে লাহে ভেৰিওলেশ্যনৰ ব্যৱহাৰ কমি ভেকচিনেশ্যনৰ ব্যৱহাৰ বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত বহু দেশত ভেৰিওলেশ্যনৰ নিষিদ্ধ হৈ পৰে। উল্লেখ্য যে ১৮০৫ চনত ভেৰিওলেশ্যন নিষিদ্ধ কৰা প্ৰথম দেশত পৰিণত হয় ৰাছিয়া। জোনাৰৰ এই আবিস্কাৰৰ হাত ধৰিয়ে পৰৱৰ্তী সময়ত এটা এটাকৈ প’লিঅ’, হুপিং কাহ, সৰু আই, ধনুষ্টংকাৰ, টাইফয়েড আৰু হেপাটাইটিছ ‘বি’ৰ লেখীয়া বহু মাৰাত্মক ৰোগৰ প্ৰতিষেধক বিজ্ঞানীসকলে আবিস্কাৰ কৰে।

প্ৰথম অৱস্থাত সমালোচিত হলেও জোনাৰে জীৱনকালতে ইয়াৰ স্বীকৃতি লাভ কৰে। দেশ-বিদেশত তেওঁ প্ৰশংসিত হোৱাৰ লগতে বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বৃটিছ সংসদে তেওঁক প্ৰথমে ১০ হাজাৰ পাউণ্ড উপহাৰ দিছিল। ইয়াৰ পাঁচ বছৰ পিছত আকৌ ২০ হাজাৰ পাউণ্ড মাননি তেওঁলৈ আগবঢ়োৱা হয়। জোনাৰক আজিও ৰোগ প্ৰতিৰোধ বিদ্যা বা ইমিন’লজিৰ জনক হিচাপে অভিহিত কৰা হয়। ১৮০১ চনত জোনাৰে তেওঁৰ গৱেষণা গ্ৰন্থ ‘অন দ্য ভেকচিন ইনকুলেশ্যন’ প্ৰকাশ কৰে যত তেওঁ লিখিছে, “মানৱজাতিৰ বাবে সকলোতকৈ ভয়ংকৰ বৰ আই ৰোগ নিৰ্মূলৰ জৰিয়তে টিকাকৰণৰ চূড়ান্ত সফলতা লাভ কৰিব পৰা যাব।”

আকৌ ১৮০৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি থমাছ জেফাৰছনে কৃতজ্ঞতা জনাই জোনাৰলৈ এখন চিঠি দিয়ে। য’ত তেওঁ উল্লেখ কৰে, “সমগ্ৰ মানৱজাতিৰ হৈ আপোনাক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াৰ আগে কোনো ঔষধে ইমান ফল দিয়া নাছিল।...আপুনি মানৱজাতিৰ এটা বৰ ডাঙৰ দুৰ্দশা ইতিহাসৰ পৰা মছি দিবলৈ সক্ষম হৈছে। ...ভৱিষ্যৎ পৃথিৱীয়ে কেৱল ইতিহাসৰ পাতৰ পৰাই জানিব পাৰিব যে এসময়ত বৰ আই নামৰ এটি ভয়ংকৰ ৰোগৰ অস্তিত্ব আছিল আৰু আপোনাৰ জৰিয়তে সেয়া নিৰ্মূল হৈছে।’’

অৱেশ্যে জোনাৰে ব্যক্ত কৰা চূড়ান্ত সফলতা বা জেফাৰছনৰ আশা বাস্তৱত পৰিণত হ’বলৈ প্ৰথম ভেকচিন আবিষ্কাৰৰ দুশ বছৰ পিছলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। আবিষ্কাৰ হোৱাৰ পিছতো তেওঁৰ এই পদ্ধতি নিয়মিতভাৱে ব্যৱহাৰ হোৱা নাছিল। বৰ আয়ে প্ৰায়ে মহামাৰী ৰূপ ধাৰণ কৰিছল। কেৱল মাত্ৰ মহামাৰী হ’লেহে চিকিৎসকসকলে জোনাৰৰ পদ্ধতি অনুসৰণ কৰি চিকিৎসা কৰি টিকা প্ৰদান কৰিছিল। বহু সময়ত মহামাৰী হোৱা সময়ত পৰ্যাপ্ত পৰিমাণে ছিটা পোৱা অসম্ভৱ হৈ পৰিছিল। কিয়নো ছিটা প্ৰস্তুত কৰিবলৈ আক্ৰান্ত মানুহৰ শৰীৰৰ পৰাই ভাইৰাছ সংগ্ৰহ কৰা হৈছিল। যিসকল লোকক কম দিনৰ ভিতৰত ছিটা প্ৰদান কৰা হৈছিল তেওলোকৰ পৰাই চিকিৎসকসকলে সংগ্ৰহ কৰিছিল ভাইৰাছ। মুঠৰ ওপৰত ছিটা প্ৰস্তুত কৰিবলৈ উপযুক্ত মানুহ বিচাৰি পোৱাতো দুৰুহ কাম আছিল। 


► কৰ'না ভাইৰাছৰ পিছৰ পৃথিৱীখন কেনে হ'ব জানিবলৈ তলৰ ফটোখনত ক্লিক কৰিব পাৰে...


সেয়ে চিকিৎসকসকলে ছিটা প্ৰস্তুত কৰিবলৈ সেনাবাহিনীৰ সদস্য সৈন্যসকলৰ পৰাই সংগ্ৰহ কৰিছিল এই  ভাইৰাছসমূহ। কাৰণ তেওঁলোক সংখ্যাত আছিল সৰহ আৰু তেওঁলোকক একে সময়তে টিকাকৰণ কৰা হৈছিল। কিন্তু সৈনিকসকল একে লগে থকা কাৰণে তেওঁলোকৰ শৰীৰ চিলিফিছ বা এৰিচপেলেছৰ দৰে নানান ৰোগৰ বিজাণুৰ বাহক হৈ পৰিছিল। তেওঁলোকৰ পৰা ভাইৰাছ সংগ্ৰহ কৰাৰ ফলত বহু সময়ত সুস্থ লোকৰ দেহতো এই ৰোগসমূহ বিয়পি পৰিছিল। ইয়াৰ কাৰণে জনসাধাৰণে সহজে ছিটা গ্ৰহণৰ বাবে প্ৰস্তুত নহৈছিল।

ভেৰিঅ'লেশ্যন বনাম ভেকচিনেশ্যন

ইনকুলেশ্যন, টিকা কিম্বা প্ৰতিৰোধ ব্যৱস্থা হ’ল শৰীৰত সামান্য পৰিমাণে ভাইৰাছ মিহলি পদাৰ্থ সুমুৱাই দিয়া। সাধাৰণতে ছালৰ জৰিয়তে ইয়াক সুমুৱাই দিয়া হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই যাতে ভাইৰাছ চিনাক্ত কৰি তাক ধংস কৰিব পাৰে সেই কাৰণে এইটো কৰা হয়। ই এটা প্ৰতিৰোধ ব্যৱস্থা। ৰোগৰ নিৰাময় নহয়।

টিকাকৰণৰ ফলত শৰীৰৰ কিছু পৰিমাণে অসুস্থ হৈ পৰে, যদিও ভৱিষ্যতে বেছি সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা পোৱা যায়। আনহাতে ভেৰিওলেশ্যন হ’ল একধৰণৰ ছিটা। বৰ আইৰ জীৱিত ভাইৰাছ ভেৰিৱালা ব্যৱহাৰ কৰি ভেৰিওলেশ্যন কৰা হৈছিল। লেডি মেৰি ৱাৰ্টলি মণ্টেগু আৰু জেবডিয়েল বয়েলষ্টনে ১৭২১ চনত ভেৰিওলেশ্যন পদ্ধতিৰে পশ্চিমীয়া বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে এই পদ্ধতিৰ নাম দিছিল ইনকুলেশ্যন বা ইনগ্ৰফটিং। ইয়াৰ আগত চীন, তুৰস্ক আৰু পশ্চিম আফ্ৰিকাত এই পদ্ধতি প্ৰচলিত আছিল। ভেৰিৱালা নামটো আহিছে লেটিন ভাষাৰ ‘ভেৰিয়াছ’ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে চিহ্নিত। 

আনহাতে, প্ৰথম অৱস্থাত ভেকচিনেশ্যনৰ অৰ্থ হ’ল বৰ আইৰ টিকা প্ৰদান কৰা। ইয়াত গোবসন্তৰ বীজাণুহে প্ৰয়োগ কৰা হৈছিল। ভেকচিন শব্দটো লেটিন ভাষাৰ ভেকা শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল গাইগৰু। তেতিয়াৰ পৰা এই শব্দটো যিকোনো ছিটাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। (যেনেদৰে আমি কলগেট, জেৰক্স, চাৰ্ফ আদি শব্দবোৰ ব্যৱহাৰ কৰো)। বৰ আইৰ ছিটা গ্ৰহণৰ পিছত কাৰো দেহত এই ৰোগবিধ নহৈছিল। কিয়নো ছিটাত বৰ আইৰ ভাইৰাছৰ কোনো উপস্থিতি নাছিল।

ভেৰিওলেশ্যন গ্ৰহণ কৰা প্ৰতি এশজনৰ এজনৰ মৃত্যু হৈছিল। সেই সময়ত ভেৰিওলেশ্যনৰ বিকল্প আছিল কেৱল মহামাৰী বৰ আইত আক্ৰান্ত হোৱা। সেই সময়ত এই মহামাৰীত আক্ৰান্ত হোৱা প্ৰতি তিনিজনৰ এজনৰ মৃত্যু হৈছিল। ইয়াৰ লগত তুলনা কৰিলে ভেৰিওলেশ্যন আছিল এক ফলপ্ৰসূ ব্যৱস্থা।

বৰ আইৰ আধুনিক ছিটা গ্ৰহণ কৰাৰ ফলত প্ৰতি দহ লাখ মানুহৰ মাজত এজন বা দুজন ব্যক্তিৰ মৃত্যু হৈছিল। সেয়ে ইয়াক চিকিৎসা বিজ্ঞানৰ বিস্ময়কৰ অগ্ৰগতি বুলি ক’ব পাৰি।

কিধৰণে আৰম্ভ হৈছিল ভেকচিনৰ বাণিজ্যিক উৎপাদন?

জোনাৰৰ আবিস্কাৰৰ প্ৰায় ৫০ বছৰৰ অধিক কাল এই সমস্যাৰ কোনো সমাধান হোৱা নাছিল। জোনাৰে যিহেতু আক্ৰান্ত লোকৰ দেহৰ পৰা ভাইৰাছ সংগ্ৰহ কৰিছিল, সেয়ে ১৮৭০ চন পৰ্যন্ত বিজ্ঞানীসকলে ভাবিছিল যে তেওঁলোকেও একে ধৰণেই জীৱাণু সংগ্ৰহ কৰা উচিত। ইটালীৰ দক্ষিণ অঞ্চলৰ চহৰ নেপলছৰ বাসিন্দা জুছেপি নেগৰীয়ে ইয়াৰ সমাধান উলিয়ায়। তেওঁ ছিটা প্ৰস্তুত কৰাৰ বাবে প্ৰথমে গৰুৰ দেহৰ পৰা ভাইৰাছ সংগ্ৰহ কৰে। তেওঁৰ এই সমিধান চিকিৎসকসকলৰ সভালৈ প্ৰেৰণ কৰা হয়। 

নেগৰীয়ে এই কাম ১৮৬০ চন মানতে আৰম্ভ কৰিছিল। কিন্তু তেওঁৰ এই আৱিস্কাৰক বৰ বেছি গুৰুত্ব দিয়া হোৱা নাছিল। সেই সময়তে ফ্ৰান্সত এই পদ্ধতিয়ে গুৰুত্ব পাবলৈ আৰম্ভ কৰে। ফ্ৰান্সৰ জনসাধাৰণক ছিটা দিয়াৰ উদ্দেশ্যে ১৮৬৪ চনত গুস্তাভ লেনয় আৰু আৰ্নেষ্ট চেমবন নামৰ লোক দুজনে নেপলছৰ পৰা গোবসন্তত আক্ৰান্ত এটি বলধ লৈ আনে। কেই বছৰ মানৰ ভিতৰত দেশখনৰ অকাডেমি অব মেডিচিনত ছিটা প্ৰস্তুত কৰাৰ বাবে পশুৰ দেহৰ পৰা ভাইৰাছ সংগ্ৰহ কৰা আৰম্ভ হয়। এনেদৰে ছিটা তৈয়াৰ কৰাটো সহজ হৈ আহে। কেৱল মাত্ৰ এটা বলধৰ দেহৰ পৰা এসপ্তাহতে হাজাৰ হাজাৰ টিকা প্ৰস্তুত কৰা সম্ভাৱ হৈ উঠে। আকৌ আন এপাল গৰুৰ পৰা যিকোনো এখন চহৰৰ মহামাৰীৰ সতে মোকাবিলা কৰিব পৰা সম্ভৱ হৈছিল। 

আনহাতে ইয়াৰ ফলত মানব দেহৰ অন্য কোনো ৰোগ আন এজনৰ শৰীৰলৈ বিয়পি পৰা বন্ধ হৈ পৰিছিল। ইয়াৰ পিছত চেমবন কিছুদিনৰ বাবে ব্ৰিটেইনলৈ আহে। তেওঁ ব্ৰুকলিনৰ ফৰ্ট গ্ৰীণ পেলেচত এটা কাৰ্যালয় আৰম্ভ কৰে। তেতিয়া ব্ৰুকলিন বৃটেইনৰ তৃতীয় জনবহুল চহৰ। তাত তেওঁ কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে। উনবিংশ শতিকাৰ শেষৰফালে চেমবনে আমেৰিকাৰ চিকিৎসক তথা বৰ আইৰ বিশেষজ্ঞ হেনৰী মাৰ্টিনৰ লগতে আন বহু কেইজন লোকৰ সহায়ত আমেৰিকা আৰু কানাডাত বহুত ‘ভাইৰাছ ফাৰ্ম’ আৰম্ভ কৰে। সেই ফাৰ্মসমূহৰ পৰা প্ৰচুৰ ছিটা উৎপাদন কৰা হয়। যাৰ সহায়ত ১৮৯৪ চনত ব্ৰুকলিনৰ প্ৰায় আঢ়ৈ লাখ অধিবাসীক বৰ আইৰ ছিটা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত ১৯০২ চনত নিউয়ৰ্ক চহৰৰ প্ৰায় ৮ লাখ লোকক এই ছিটা দিয়া হয়। তথাপিও বিশ্বজুৰি বৰ আই নিৰ্মূল হোৱাৰ বাবে মানৱজাতিয়ে আৰু বহু বছৰ অপেক্ষা কৰিব লগীয়া হৈছিল।

ৰিং ভেকচিনেশ্যন

সেয়া ১৯৫৮ চনৰ কথা। ৰাছিয়াই বিশ্ব স্বাস্থ্য সংস্থাৰ মজিয়াত বৰ আই নিৰ্মূলৰ প্ৰস্তাৱ উত্থাপন কৰে। প্ৰথম অৱস্থাত পৰ্যাপ্ত পুজি আৰু প্ৰতিশ্ৰুতিবদ্ধ দেশসমূহৰ সদিচ্ছাৰ অভাৱত এই কাম আগবঢ়া নাছিল। ইয়াৰ উপৰিও বিশ্বব্যাপী অভিযান চলাবলৈ ছিটাৰো অভাৱ আছিল। ১৯৬৬ চনত দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন অঞ্চলত বৰ আয়ে মহামাৰী ৰূপ ধাৰণ কৰে। 

বৰ আই নিৰ্মূল অভিযানত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তত্ত্বাৱধানত আছিল ডক্টৰ বিল ফেগী। তেওঁ সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি কয়, “১৯৬৬ চনৰ ডিচেম্বৰ মাহত আমি পূব নাইজেৰিয়াৰ বিভিন্ন স্থানত বৰ আয়ে মহামাৰী ৰূপ লোৱাৰ খবৰ পাও। তেতিয়া সেই অঞ্চলৰ সকলোকে দিব পৰাৰ জোখেৰে ছিটা আমাৰ হাতত নাছিল। ফলত আমি সকলোকে ছিটা দিব নোৱাৰিলো। সেয়ে আমি তাত কাম কৰি থকা মিছনেৰীসকলৰ সহায় গ্ৰহণ কৰো। তেওঁলোকে ৰেডিঅ’ৰ জৰিয়তে প্ৰতি ৰাতি ৰাতি মহামাৰী আক্ৰান্ত নতুন নতুন ঠাইৰ খবৰ দিছিল। আমি মেপত চক পেন্সিলেৰে ভাগ কৰি দায়িত্ব ভগাই লৈছিলো। ইয়াৰ পিছত মিছনেৰীসকলে আমাক জনালে যে তেওঁলোকে প্ৰতিখন গাঁৱতে তেওঁলোকৰ দ্ৰুত সংবাদ সংগ্ৰহকাৰী নিয়োগ কৰিছে। ইয়াৰ ফলত তেওঁলোকে আক্ৰান্ত গাওঁখনৰ খবৰ ২৪ ঘণ্টাৰ ভিতৰত নিশ্চিতভাৱে জানিব পাৰিছিল।” 

ফেগী আৰু তেওঁৰ দলে যি কৰিছিল তাক চিকিৎসা বিজ্ঞানৰ ভাষাত ৰিং ভেকচিনেশ্যন বুলি কোৱা হয়। তেওঁলোকে মহামাৰী আক্ৰান্ত গাওঁবোৰলৈ নিজে গৈ ছিটা প্ৰদান কৰিছিল। ৰোগীসকল তেওঁলোকৰ ওচৰলৈ অহা নাছিল। ফলত আক্ৰান্ত ৰোগীৰ দেহৰ পৰা আন লোকলৈ ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা নাইকিয়া হৈপৰিছিল। টিকাকৰণৰ ফলত সকলোৰে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হৈছিল। ফেগীয়ে উল্লেখ কৰা মতে কামটো কৰি থকাৰ সময়ত নিজৰ কৌশলে এনে ফল দিব তেওঁ কল্পনাও কৰা নাছিল। 

বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগ

ৰাছিয়াৰ প্ৰস্তাৱ উত্থাপনৰ প্ৰায় দহ বছৰ পিছত ১৯৬৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই বিভিন্ন দেশৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ কাৰ্যক্ৰম নতুনকৈ আৰম্ভ কৰে। এই উদ্যোগ সফল কৰাৰ বাবে প্ৰায়ে বৰ আয়ে মহামাৰী ৰূপ ধাৰণ কৰা দেশসমূহৰ পৰীক্ষাগাৰসমূহ কাৰ্যক্ষম কৰাৰ লগতে উন্নত ছিটা সৰবৰাহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। টিকাকৰণ কাৰ্যসূচীত গতি আনিবলৈ ইনজেকচন ব্যৱহাৰৰ বাইফাৰ্কেটেড বেজি উন্নত কৰা হয়। ৰোগী চিনাক্ত কৰি তেওঁলোকক নিৰিক্ষণ কৰা হয়। ইয়াৰ উপৰিও টিকাকৰণ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা হয়। 

উল্লেখ্য যে ১৯৬৭ চনত এই কাম আৰম্ভ হোৱাৰ পূৰ্বে ১৯৫২ চনত উত্তৰ আমেৰিকা আৰু ২৯৫৩ চনত ইউৰোপক বৰ আই মুক্ত ঘোষণা কৰা হৈছিল। ডক্টৰ ড’নাল্ড হপকিন্সে বিশ্ব স্বাস্থ্য সংস্থাৰ এই অভিযানত অংশগ্ৰহণ কৰিছিল। তেওঁ প্ৰকাশ কৰা মতে এই অভিযান আৰম্ভ কৰাৰ সময়ত বিশ্বৰ মুঠ পাঁচটি অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আছিল। সেই অঞ্চলসমূহ হ’ল দক্ষিণ আফ্ৰিকা, পূব আৰু দক্ষিণ-পূব আফ্ৰিকা, ভাৰতীয় উপমহাদেশ আৰু ইণ্ডোনেছিয়া। দক্ষিণ আমেৰিকাত মূলত ব্ৰাজিলত এই ৰোগ দেখা গৈছিল। 

আনহাতে দক্ষিণ আফ্ৰিকাত কাম কৰতো বহু কঠিন আছিল, কাৰণ তাত জনবসতি তুলনামূলকভাৱে ঘন আছিল। একেদৰে তাৰ যোগাযোগ ব্যৱস্থাও আছিল বহু বেয়া। কোনো ৰোগ নিৰ্মূলৰ অৰ্থে ইয়াৰ পূৰ্বে কেতিয়াও এনে বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰা হোৱা নাছিল। প্ৰথম অৱস্থাত দক্ষিণ আফ্ৰিকাৰ ২৩ খন দেশ নিৰ্বাচন কৰা হৈছিল। এই দেশ কেইখনত বৰ আইৰ প্ৰকোপ আছিল অতি ভয়াৱহ। 

বিল ফেগীয়ে তেওঁলোকৰ কাৰ্যক্ৰম সম্পৰ্কে উল্লেখ কৰিছে এইদৰে, 'আমি প্ৰতিজন মানুহক ছিটা দিয়াৰ ব্যৱস্থা কৰো। প্ৰতিজন মানুহ বুলি কওতে ইয়াত লাখ লাখ মানুহৰ কথা কোৱা হৈছে। এনে সময়ো গৈছে যেতিয়া আমি একেলগে ৬৮০০ ঠাইত মহামাৰীৰ সতে যুঁজ কৰিব লগীয়া হৈছিল। একোঠাইত গড়ে ১০০ জন লোক আক্ৰান্ত হৈছিল। অতীতৰ কথা মনত পৰিলে এতিয়া ভাব হয ৬৮০০ ঠাইত একেলগে মহামাৰীৰ সতে যুঁজ কৰা কম কথা! কিন্তু তেতিয়া আমাৰ বিশ্বাস আছিল আমি পাৰিম! এই ৰোগৰ কাৰ্যকৰী ছিটা আমাৰ হাতত আছিল আৰু কোনো লোক ইয়াৰ চিকাৰ হ'লে আমি সহজে তেওঁক চিনাক্ত কৰিব পাৰিছিলো। ইয়াৰ ফলতে বৰ আই নিৰ্মূল সম্ভাৱ হৈ উঠিছিল।’

এই অভিযানক মাইক্ৰ’বায়’লজিষ্ট লিজা হেন্সলীয়ে যুদ্ধৰ সতে তুলনা কৰিছে। তেওঁৰ ভাষাত, “ভাইৰাছজনিত ৰোগৰ চিকিৎসা সম্বন্ধে চিন্তা কৰিলে আপুনি প্ৰকৃততে যুদ্ধৰ কথা চিন্তা কৰিব লাগিব। এই যুদ্ধত কোন আগবাঢ়ি থাকিব। এটা পদক্ষেপ আৰু ওলোটা পদক্ষেপৰ ওপৰত নিৰ্ভৰৰ কৰে যুদ্ধৰ গতি প্ৰকৃতি।’

ফেগীয়ে প্ৰকাশ কৰা মতে এনেদৰে ভাইৰাছবিধৰ গতি ৰুদ্ধ কৰাৰ বাবে লাহে লাহে এখনৰ পিছত এখন দেশ আগুৱাই আহিছিল। এইদৰে ১৯৭৩ চনলৈ কেৱল ভাৰতবৰ্ষৰ বাহিৰে সকলো দেশ বৰ আইৰ কবলৰ পৰা মুক্ত হ’বলৈ সক্ষম হয়। ১৯৭৪ চনত ভাৰতবৰ্ষৰ জনসংখ্যা আছিল প্ৰায় ৫০ কোটি। এই বৃহৎ সংখ্যক লোক ২১ খন ৰাজ্যৰ ৫ লাখ গাঁৱৰ ১২ কোটি পৰিয়ালত বাস কৰিছিল। ভাৰতবৰ্ষৰ পৰা বৰ আই নিৰ্মূল কৰা মানে প্ৰতিটো পৰিয়াললৈ গি ছিটা প্ৰদান কৰা। 

এই কাৰ্যসূচীৰ তত্ত্বাৱধানত থকা আন এজন কৰ্মকৰ্তা ডক্টৰ লেৰী ব্ৰিলিয়েন্টে প্ৰকাশ কৰা মতে তেওঁলোকে তাকেই কৰিছিল। এইদৰে বিছ মাহ ধৰি প্ৰতিটো পৰিয়ালকে ছিটা প্ৰদান কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ এই কাৰ্য মানব ইতিহাসৰ এটি অন্যতম মহান ঘটনা হিচাপে বিবেচিত হৈ আহিছে। য’ত বিশ্বজুৰি মানুহৰ বুদ্ধিমত্তা আৰু সদিচ্ছা একেলগে কামত লাগিছিল। চিকিৎসা সম্পৰ্কে  অধ্যয়ন কৰা ঐতিহাসিক ডক্টৰ গেৰেথ উইলিয়ামছৰ মতে বিংশ শতাব্দীত বিশ্ব স্বাস্থ্য সংস্থাই বৰ আই নিৰ্মূলৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ মানৱ ইতিহাসৰ এটি বিস্ময়কৰ আৰু প্ৰেৰণাদায়ক অধ্যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ এই অভিযানৰ নেতৃত্ব দিয়া ডক্টৰ ডি এ হেণ্ডাৰচনে প্ৰকাশ কৰা মতে ১৯৭৪ চনত তেওঁ বীল ফগীৰ সতে ৰোগটো নিৰ্মৃল কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছিল। ইয়াৰ পূৰ্বে পৃথিৱীত প্ৰতি বছৰে এক কোটি লোক বৰ আইত আক্ৰান্ত হৈছিল আৰু প্ৰায় ২০ লাখ লোকৰ মৃত্যু হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই মাত্ৰ ১০ বছৰত এই সংখ্যা শূন্যলৈ নমাই আনিবলৈ সক্ষম হয়।

বৰ আই মূলত দুই ধৰণৰ ভাইৰাছৰ কাৰণে হৈছিল। ইয়াৰ এটা হ’ল ভেৰিৱালা মেজৰ আনটো হ’ল ভেৰিৱালা মাইনৰ। ভেৰিৱালা মেজৰ হ’ল বেছি ভয়ানক আৰু প্ৰাণঘাতী। সমগ্ৰ বিশ্বত যেতিয়া বৰ আই নিৰ্মূলৰ পথত অগ্ৰসৰ হৈছিল তেতিয়া বাংলাদেশত ইয়াৰ নিৰ্মূলক লৈ চিন্তিত হৈ পৰিছিল বিশ্ব স্বাস্থ্য সংস্থা আৰু সেই দেশৰ চৰকাৰ। ব্যপক টিকাকৰণৰ ফলত নতুন ৰোগী বিচাৰি পোৱাতো দুৰূহ হৈ পৰে। উপায়ন্তৰ হৈ বিশ্ব স্বাস্থ্য সন্থা আৰু বাংলাদেশ চৰকাৰে বৰ আই ৰোগীৰ সন্ধান দিওতাজনলৈ ৫০ টকাৰ পুৰস্কাৰ ঘোষণা কৰে। এই ব্যৱস্থাই কাম দিয়ে। 

আমাৰ দেশ ভাৰতবৰ্ষতো এই কৌশল লোৱা হৈছিল। ১৯৭৫ চনৰ ১৬ অক্টোবৰত বিলকিছ উন নাহাৰ নামৰ এগৰাকী আঠ বছৰীয়া শিশুৱে স্বাস্থ্য কৰ্মীক এগৰাকী ৰোগীৰ সন্ধান দিয়ে। বাংলাদেশৰ ভোলাৰ কুড়ালিয়া গাঁৱৰ তিনি বছৰীয়া ৰহীমা বানু আছিল ৰোগী গৰাকী। বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্মীসকলৰ সেৱাত ৰহিমা সুস্থ হৈ উঠে। এই ৰহিমাই হ’ল ভেৰিৱালা মেজৰৰ দ্বাৰা আক্ৰান্ত বিশ্বৰ শেষ ৰোগী। ইয়াৰ দুবছৰ পিছত ছোমালিয়াত ভেৰিৱালা মাইনৰৰ অন্তিম গৰাকী ৰোগী পোৱা গৈছিল। অৱশেষত ১৯৭৯ চনৰ ২৬ অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাই বৰ আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে। এইদৰে শতাব্দীৰ পিছত শতাব্দী জুৰি মানৱ সমাজত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক মহামাৰী বৰ আই পৃথিৱীৰ পৰা নিৰ্মূল হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ এই ঘোষণাক জনস্বাস্থ্যৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ সাফল্য হিচাপে বিবেচনা কৰা হয়।

বৰ্তমান বিশ্বৰ দুই ঠাইত গৱেষণাৰ বাবে বৰ আইৰ ভাইৰাছ সংগ্ৰহ কৰি ৰাখিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰত্যক্ষ তদাৰকত আছে এই দুই ঠাই। এই ঠাই দুখন হ’ল আমেৰিকাৰৰ আটলাণ্টা টহৰত অৱস্থিতি ‘চেণ্টাৰ ফৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন’ আৰু ৰাছিয়াৰ ‘ষ্টট ৰিচাৰ্ছ  চেণ্টাৰ অব ভাইৰ’লজি এণ্ড বায়’টেকনলজি’। এনেদৰে ভাইৰাছ সংগ্ৰহ কৰি ৰখা কাৰ্যক বহুতে সন্দেহৰ চকুৰেও চাই আহিছে। বহুতে ইয়াৰ পৰা নতুন ভাইৰাছৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ কৰে। 

মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিছিন বিভাগৰ অধ্যাপক ডঃ হেছে এছপাৰজাই কৈছে, 'বহুতে বিশ্বাস কৰে যে পৃথিৱীত যিমানবোৰ ভাইৰাছ আছে তাৰ এক শতাংশতকৈও কম ভাইৰাছহে আমি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছো। বৰ আই নিৰ্মূল হৈছে। কিন্তু সমগ্ৰ বিশ্ব এতিয়াও ভাইৰাছৰে ভৰি আছে। এতিয়াও আমি সেই ভাইৰাছসমূহ আৱিষ্কাৰৰ অপেক্ষাত আছো। সেইফালৰ পৰা বিবেচনা কৰিলে ক’ব পৰা যায় যে মানুহে ভাইৰাছৰ বিৰুদ্ধে কৰা যুদ্ধৰ সূচনা আছিল বৰ আই নিৰ্মূলকৰণ। গতিকে ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’বলৈ আমি আৰু বহুদূৰ যাব লাগিব।’

ডঃ এছপাৰজাই কোৱা ধৰণে বসন্ত ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ পিছত এতিয়া বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে কৰ’না ভাইৰাছে। এই ভাইৰাছৰ বিৰুদ্ধেও ইতিমধ্যে আৰম্ভ হৈছে মানুহৰ যুঁজ। সম্প্ৰতি চিকিৎসা বিজ্ঞানে বহুদূৰ আগুৱাই গৈছে। অৱশ্যে ভাইৰাছেও পূৰ্বতকৈ গতি-প্ৰকৃতি সলনি কৰি চিকিৎসা বিজ্ঞানীসকলৰ মাজত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ সেয়া হ’লেও বসন্তৰ দৰেকৈ অনাগত সময়ছোৱাত ক’ভিড-১৯ ৰোগো নাইকিয়া হৈ পৰিব বুলি নিশ্চিত হৈ আছে বিশ্বৰ বিজ্ঞানীসকলৰ লগতে সমগ্ৰ মানৱ সমাজ।