মৰিয়নীঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ ভোট বেংক ৰূপে চিহ্নিত হৈ অহা মৰিয়নীত ইজনৰ পিছত সিজন কংগ্ৰেছী নেতা পালি নেতাৰ বিজেপিত আগমনে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক শলঠেকত পেলোৱাৰ সম্ভাৱনাই দেখা দিছে৷

লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত মৰিয়নীৰৰ কংগ্ৰেছত গৰাখহনীয়া হয়। কংগ্ৰেছৰ কাৰ্যকালত বাগিছা লোকসকলৰ কোনো ধৰণৰ উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰি মৰিয়নিৰ কংগ্ৰেছী বিধায়কৰ ঘনিষ্ঠ তথা পূব যোৰহাট মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন উপ- সভাপতি নগেন কন্ধ লগতে লাহিং আঞ্চলিক গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্যা পম্পী কৰ্মকাৰে পঞ্চাছ গৰাকী সমৰ্থকক লগত লৈ বিজেপিৰ চেলেং মণ্ডলৰ সভাপতি ৰমনী তাঁতীৰ উদ্যোগত বিজেপি দলত যোগদান কৰে। 

আনহাতে বিজেপি যোগদান নতুন প্ৰাৰ্থী কেইজনে বিজেপি চৰকাৰৰ দিনত বাগিছাৰ ৰাইজে বহুতো সা-সুবিধা লাভ কৰাৰ লগতে উন্নয়ন হোৱা বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, ২ এপ্ৰিলতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত মৰিয়নীৰ কেইবাজনো যুৱ কংগ্ৰেছী, এগৰাকী প্ৰাক্তন জিলা পৰিষদৰ সদস্যাসহ বাগিছাৰ শতাধিক লোকে বিজেপিত যোগদান কৰিছিল।