মৰিয়নীঃ মৰিয়নীত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ। সাংবাদিক সপোন ৰহমান শইকীয়াক আক্ৰমণ কৰে এটা দুৰ্বৃত্তই৷ 

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত পথত আগুচি ধৰি সাংবাদিকজনক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে৷ সাংবাদিক জনক হত্যাৰ প্ৰচেষ্টা চলাইছিল হেম গোৱালা নামৰ দুৰ্বৃত্তইটোৱে৷

ঘটনাস্থলীত মৰিয়নী থানাৰ আৰক্ষী উপস্থিত হোৱাত কথমপি প্ৰাণ ৰক্ষা পৰে সাংবাদিক জনৰ৷ যদিও কৌশলে আৰক্ষীৰ হাতৰপৰা পলায়ন কৰে আক্ৰমণকাৰী৷ আক্ৰমণকাৰীয়ে লৈ অহা Hero splendor AS 03 Q 3882 নম্বৰৰ মটৰচাইকেলখন থানালৈ লৈ আহে৷ আক্ৰমণকাৰীৰ বিৰুদ্ধে সাংবাদিকজনে থানাত এজাহাৰ দাখিল কৰে৷