ডিজিটেল ডেস্কঃ  দেশৰ তৰুণ-তৰুণীৰ বাবে অৱশ্যই দুঃসংবাদ হ’লেও ভাল খবৰ দিছে বিৰাট অনুষ্কাই৷ শেষ মুহূর্তত পৰিকল্পনাৰ সালসলনি ন’হলে অহা ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহতেই দীর্ঘদিনৰ প্রেমিকা তথা বলিউডৰ প্রথম শাৰীৰ নায়িকা অনুষ্কা শর্মাৰ লগত বিয়াত বহিব ক্ৰিকেটাৰ বিৰাট কোহলি৷ বিয়াৰ তাৰিখ সম্ভৱত ১২ ডিচেম্বৰ৷

কিন্তু বহুচর্চিত এই বিয়া ভাৰতত হোৱাৰ সম্ভাৱনা একেবাৰেই কম৷ হ’ব পাৰে ইটালিত৷  নাইবা ফ্লোৰেন্স বা ৰোমত৷ উল্লেখ্য যে,  ইউৰোপৰ দেশবিলাকৰ মাজত ইটালিয়েই চেলিব্রিটি ৱেডিঙৰ বাবে বিখ্যাত৷ বিৰাট অনুষ্কাহতেঁও গোপনীয়তা বজাই ৰখাৰ বাবে ইটালিকে বাছনী কৰিছে সম্ভৱত৷

ইয়াৰ পুৰ্বেও বিভিন্ন মহলত গুণগুণনি চলিছিল ডিচেম্বৰত বিয়া পাতিব বুলি৷ কিন্তু অনুষ্কাই এই বিষয়ত বৰ্তমনলৈ মুখ খোলা নাই৷ ক্ৰিকেট মহলত বিয়পা বাতৰি অনুসৰি বিগত বৰ্ষৰ অৰ্থাৎ ২০১৬ৰ ডিছেম্বৰত আঙঠী পিন্ধোৱা পৰ্ব হৈ গৈছে বিৰুষ্কাৰ৷ সেই অনুষ্ঠানত অমিতাভ বচ্চন আৰু আম্বানি পৰিয়াল উপস্থিত আছিল বুলি প্রচাৰমাধ্যমৰ কোনো কোনোই দাবী কৰে৷ কিন্তু সেই অনুষ্ঠানৰ সত্যতাও স্বীকাৰ কৰা নাই অদ্যপি৷

উল্লেখ্যযোগ্য যে, বিয়াৰ কথা কোনো এজনেও উল্লেখ নকৰিলেও ডিচেম্বৰ মাহত বিৰাটক সকলো প্ৰকাৰৰ খেলৰ পৰা বিশ্ৰাম দিয়া হৈছে৷ অন্য হাতে শ্বুটিঙৰ পৰাও ডিচেম্বৰ মাহটোত অব্যাহতি লৈছে অভিনেত্ৰী গৰাকীয়ে৷ সম্ভৱত পাপাৰাৎজিৰ পৰা ৰক্ষা পাবৰ বাবেই এই সকলো খবৰ গোপনে ৰাখিছে দুয়েগৰাকীয়ে৷