বিশেষ প্ৰতিবেদনঃ তিনিচুকীয়াৰ বাঘজানৰ তৈল খাদক লৈ দুসপ্তাহ পূৰ্বে সকলোৱে যি আশংকা কৰি আহিছিল অৱশেষত সেয়াই হ’ল। যোৱা ২৭ মে’ত তৈলখাদটোৰ পৰা গেছ নিৰ্গত হওতেই তৎপৰতাৰে সেয়া বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে অইল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসনে পোষণ কৰি অহা গা এৰা দিয়া মনোভাৱৰ অন্তত আজি দুপৰীয়া দাউদাউকৈ জ্বলি উঠে বাঘজান।

ভয়াৱহ ৰূপ ধাৰণ কৰা এই অগ্নিকাণ্ড নিৰ্বাপণ তথা গেছ নিৰ্গমনৰ সমস্যা সমাধান কৰিবলৈ অইলে আৰু ৫ দিনৰ সময় লাগিব বুলি কোৱাৰ বিপৰীতে ছিংগাপুৰৰ অহা বিশেষজ্ঞৰ দলৰ মতে ইয়াৰ বাবে প্ৰয়োজন হ’ব পাৰে অতি কমেও ৪ সপ্তাহৰ। এনে পৰিপ্ৰেক্ষিতত 'চোৰ গ'লে বুধি, বৰষুণ গ'লে জাপি' নীতিৰ কাম কৰি অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৪ দিন নীৰৱে থকাৰ অন্তত আজি কেন্দ্ৰ চৰকাৰক সহায় বিচাৰি কাকুতি-মিনতি কৰি বাঘজানৰ স্থানীয় ৰাইজ তথা সমগ্ৰ তিনিচুকীয়াবাসীক আতংকিত নহ’বলৈ আহ্বান জনালেও উক্ত আহ্বানক লৈ কোনো লোক আশ্বস্ত হ’ব পৰা নাই।

'সমগ্ৰ অঞ্চলটোৰ ৰাইজক পণবন্দী কৰি ৰাখি অইলে দুটা সপ্তাহ কেৱল নিজৰ ব্যৱসায়িক অংক আৰু কিদৰে অধিক মুনাফা উপাৰ্জন কৰিব পাৰি সেইবোৰতে ব্যস্ত থাকিল। কাষতে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মাগুৰি-মতাপুং বিল আৰু ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান থকা সত্বেও সেইবোৰ বিষয়লৈ গুৰুত্ব দিবলৈকো অইল আৰু চৰকাৰৰ সময় নহ’ল। মন গ’লেই বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু আশ্ৰমলৈ যোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত থাকিয়েই ৰাইজক আতংকিত নহ’বলৈ ক’লেই চকুৰ সমুখত জুইৰ লেলিহান শিখা দেখা কোনো মানুহেই আতংকিত নোহোৱাকৈ থাকিব নোৱাৰে।’-এইদৰে ক্ষোভ প্ৰকাশ কৰে এজন স্থানীয় লোকে।

অইল কৰ্তৃপক্ষই কি কয়?

অইলৰ বিশেষজ্ঞসকলে যোৱা ২৭ মে’ৰ পৰা বাঘজানত গেছ নিৰ্গত হৈ থকা সমস্যাৰ সমাধান কৰিবলৈ সমৰ্থ নোহোৱাত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ হস্তক্ষেপত ছিংগাপুৰৰ এলাৰ্ট ডিজেষ্টাৰ কণ্ট্ৰ’ল নামৰ এটি সংস্থাৰ ৩ জনীয়া বিশেষজ্ঞৰ দল অসমত আহি উপস্থিত হয়। কিন্তু বিশেষজ্ঞৰ দলটোৱে আজি দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত উক্ত গেছ নিৰ্গমন কেনেদৰে বন্ধ কৰিব আৰু অগ্নিকাণ্ডৰ সূত্ৰপাত হ’লে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰি থাকোতেই তৈলকূপটোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

প্ৰাপ্ত খবৰ মতে, সোমবাৰে দিনৰ ভাগত এবাৰ বাঘজানৰ ঘটনাস্থলী পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লৈ আজি অইল কৰ্তৃপক্ষৰে বৈঠক অনুষ্ঠিত কৰাৰ বাহিৰে বিশেষ একো কৰিবলৈয়ে নাপালে ছিংগাপুৰৰ বিশেষজ্ঞৰ দলটোৱে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অইল ইণ্ডিয়াৰ সৈতে যোগাযোগ কৰাত তৈল প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকাই জানিবলৈ দিয়ে যে আজি ৰ’দৰ প্ৰখৰ উত্তাপৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। 

'ব্ল-আউটৰ দিনধৰি অঞ্চলটোত প্ৰতিদিনে প্ৰৱল বৃষ্টিপাত অব্যাহত থকাৰ লগতে অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘণ্টাত তিনিশ কিলোলিটাৰ পানী অহৰহ কূপটো আৰু ইয়াৰ চৌপাশে মাৰি আছিল। ফলত অগ্নিকাণ্ড সংঘটিত নোহোৱাকৈ দিনকেইটা পাৰ হৈছিল। কিন্তু কালি আৰু আজি বাঘজানত প্ৰখৰ ৰ’দৰ ফলত জলবায়ু উত্তপ্ত হৈ পৰে। ৪৪০০ পি এচ আই অৰ্থাৎ তিনিশ কেজিতকৈও অধিক চাপযুক্ত তৈলকূপটোৰ ৱৰ্ক অভাৰৰ কাম কৰা জন এনাৰ্জি নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ ৰীগৰ গৰম তীখা বতাহ আৰু নিৰ্গমিত গেছৰ ফলত ইদালে-সিদালে ঘঁহনি খাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।’-অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ সংকট ব্যৱস্থাপক দলৰ প্ৰাথমিক অনুসন্ধানত উক্ত কথা পোহৰলৈ আহিছে বুলি উল্লেখ কৰি এইদৰে কয় মুখপাত্ৰজনে।

সৌভাগ্যবশতঃ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ৰীগৰ ওপৰত বা আশে-পাশে কোনো কৰ্মচাৰী উপস্থিত নথকাৰ ফলত কোনো লোক হতাহত নহ’ল বুলি দাবী কৰে মুখপাত্ৰজনে। অৱশ্যে তেওঁ অ’ এন জি চিৰ এজন ফায়াৰ ফাইটাৰ অগ্নিকাণ্ডত আহত হোৱাৰ কথা সদৰী কৰাৰ লগতে বৰ্তমান লোকজন সংকটমুক্ত বুলি জানিবলৈ দিছে।

কাৰ ভুলৰ বাবে সংঘটিত হ’ল এই অগ্নিকাণ্ড?

তৈলখাদটোত নতুনকৈ গেছ উত্তোলনৰ বাবে ৱৰ্ক অভাৰৰ দায়িত্ব লাভ কৰিছিল জন এনাৰ্জী নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে। ৱৰ্ক অভাৰৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোক অৰ্পণ কৰিলেও কেতবোৰ গুৰুত্বপূৰ্ণ কাৰিকৰী কামৰ নিৰ্দেশনাৰ দায়িত্বত আছিল অইল ইণ্ডিয়াৰ এগৰাকী বিষয়া (ডি আই চি)ৰ। 

এগৰাকী ডি আই চিৰ অধীনত দুই-তিনিটাকৈ তেলখাদৰ দায়িত্ব থাকে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ কাৰিকৰী নিৰ্দেশনা দিয়াৰ সময়ত বিষয়াগৰাকী কৰ্মক্ষেত্ৰত নিজে উপস্থিত থকাটো অত্যন্ত জৰুৰী। কিন্তু বাঘজানৰ উক্ত কূপটোৰ দায়িত্বত থকা বিষয়াগৰাকী কৰ্মক্ষেত্ৰত প্ৰায়ে উপস্থিত নাথাকি কেৱল তলৰ বিষয়া-কৰ্মচাৰীৰ পৰা ফোনতে পৰিস্থিতিৰ বুজ লৈ এই নিৰ্দেশনা জাৰি কৰাৰ ফলতে ব্ল’-আউটৰ দৰে ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে উক্ত কূপটোৰ ৱৰ্ক অভাৰৰ কাম শেষ হোৱাৰ পাছত অইলৰ সংশ্লিষ্ট কৰ্তৃপক্ষই খাদটো কিলিং অৰ্থাৎ মোখনি মাৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি ২৬ মে’ৰ দিনা খাদটোত চিমেণ্টিং কৰা হয়। চিমেণ্টিঙৰ পাছতো কম পৰিমাণে গেছৰ নিৰ্গমন হৈ আছিল। কিন্তু বিষয়টোৰ প্ৰতি দৃষ্টি নাৰাখি পাছদিনাই ফাইভ এণ্ড হাফ কেচিনৰ স্পুল সলনি কৰিবৰ বাবে অইলৰ বিষয়াই বি অ’ পি অৰ্থাৎ ব্ল-আউট পিভেন্টিভ যন্ত্ৰটো খোলাৰ নিৰ্দেশ দিয়ে। 

অইলৰ বিষয়াৰ নিৰ্দেশ পাই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে বি অ’ পি খোলাৰ লগে লগে প্ৰচণ্ডভাৱে গেছৰ চাপে খুণ্ডা মাৰে আৰু ব্ল’-আউট আৰম্ভ হয়। উক্ত দিনাৰে পৰা যোৱা প্ৰায় ১৪ দিন ধৰি গেছ নিৰ্গত হৈ থকাৰ পিছত আজি বিদেশী বিশেষজ্ঞৰ দলে সমস্যা সামাধানৰ বাবে অইলৰ বিশেষজ্ঞৰ সৈতে আলোচনাত ব্যস্ত থকাৰ সময়তে কূপটোত এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বাঘজানৰ তৈলখাদৰ বৰ্তমানৰ পৰিৱেশ কেনেধৰণৰ?

বৰ্তমানো বাঘজানৰ তৈলখাদৰ পৰা গেছ নিৰ্গত হৈয়েই আছে। NNOৰ তিনিচুকীয়া জিলাৰ ব্যুৰ’ বিকাশজ্যোতি শইকীয়াই ঘটনাস্থলীলৈ গৈ জনাইছে যে বাঘজানৰ লগতে মাগুৰি-মতাপুং বিলৰ চৌপাশে পূৰ্বে যি নয়নাভিৰাম দৃশ্যই বিৰাজ কৰিছিল সেয়া আজিৰ ঘটনাৰ পিছত সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰাৰ লগতে সমগ্ৰ অঞ্চলটো একপ্ৰকাৰ ছাইৰঙী হৈ পৰিছে। পোৰা তেলৰ গোন্ধৰ বাবে বহু লোকে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হৈছে বুলিও সাংবাদিকগৰাকীয়ে জানিবলৈ দিছে।  

NNOৰ উজনি অসমৰ ব্যুৰ’ মাধুৰ্য শইকীয়াই প্ৰেৰণ কৰা খবৰ মতে ইতিমধ্যে ছিংগাপুৰৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে পৰিস্থিতি নিৰীক্ষণৰ বাবে ঘটনাস্থলীত গৈ উপস্থিত হৈছে। ঘটনাস্থলী পৰিদৰ্শনৰ পিছত বিশেষজ্ঞৰ দলটোৱে সেয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ অতি কমেও ৪ সপ্তাহৰ প্ৰয়োজন হ’ব পাৰে বুলি জনাইছে।

ইফালে, ঘটনাটোক লৈ স্থানীয় দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ আৰম্ভ কৰাত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু আৰক্ষীক তৎপৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলটোৱে যাতে কূপ ক্ষেত্ৰলৈ গৈ জুই নিয়ন্ত্ৰণৰ কাৰ্য আৰম্ভ কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

আনহাতে অইল আৰু অ’এনজিচিৰ সকলো বিষয়ববীয়াক সেই অঞ্চলৰ পৰা আঁতৰাই পঠোৱা হৈছে। অইল কৰ্তৃপক্ষই জনোৱা মতে, পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে এলাৰ্ট দলৰ বিশেষজ্ঞসকলৰ লগতে অইল আৰু অ’এনজিচিৰ দল পুনৰ সেই স্থানত উপস্থিত হ’ব। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত এলাৰ্ট দলৰ সৈতে এক জৰুৰীকালীন সভা অনুষ্ঠিত কৰা হৈছে বুলিও সদৰী কৰে অইল কৰ্তৃপক্ষই। এলাৰ্ট দলৰ মতে, সমগ্ৰ কাৰ্যপ্ৰক্ৰিয়াৰ বাবে অতিকমেও ৪ সপ্তাহৰ প্ৰয়োজন হ’ব পাৰে। যিমান দূৰ সম্ভৱ এই সময়সীমা হ্ৰাস কৰিবলৈ চেষ্টা চলাই থকা হৈছে বুলিও এলাৰ্ট দলে জনাইছে।

গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ কি ব্যৱস্থা হাতত লোৱা হৈছে?

গেছ নিৰ্গত হোৱা সমস্যা বন্ধ কৰিবলৈ আৰু জুই নিৰ্বাপণৰ বাবে ছিংগাপুৰৰ ‘মেচাৰ্ছ এলাৰ্ট ডিজেষ্টাৰ দলৰ তিনিজন বিশেষজ্ঞই কূপ ক্ষেত্ৰলৈ গৈ কূপ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে পৰিকল্পনা কাৰ্যকৰী কৰাৰ প্ৰস্তুতিৰ বাবে উপলব্ধ আৱশ্যকীয় সুবিধাসমূহৰ বুজ লৈছে। ইয়াৰ লগতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা মাত্ৰকে অইলৰ অভিযান্ত্ৰিক কৰ্মশালাত (workshop) কূপ নিয়ন্ত্ৰণ কাৰ্যত ব্যৱহাৰ হ’বলগীয়া হাইড্ৰলিকেলী ড্ৰাইভেন ট্ৰেন্সপৰ্টাৰ (Hydraulically Driven Mechanical Transporter) যন্ত্ৰৰ প্ৰাথমিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন  কৰাৰ লগতে অতিৰিক্ত সংশোধনৰ কামো কৰা হয়।

অইল কৰ্তৃপক্ষই জনোৱা মতে, কূপ নিঃশেষৰ সৰঞ্জামসমূহ কূপ ক্ষেত্ৰলৈ নি থকা হৈছে আৰু কূপ নিঃশেষ (subdue)ৰ সকলো প্ৰস্তুতি কূপক্ষেত্ৰত আগবাঢ়িছে। কূপ নিয়ন্ত্ৰণ কাৰ্যত ব্যৱহাৰ হ’বলগীয়া উচ্চ চাপৰ কিল পাম্প, মাড টেংক, ছুপাৰচাৰ্জাৰ আদি স্থাপনৰ বাবে ঠাই সাজু কৰাৰ কাম প্ৰায় ৯৫ শতাংশ আগবাঢ়িছে বুলিও জানিব পৰা গৈছে। অন্যান্য সঁজুলি স্থাপনৰ বাবে আৰু কূপ ক্ষেত্ৰৰ বাহিৰে-ভিতৰে আৰু লগতে নদীৰ কাষত বাহনসমূহ চলাচলৰ সুবিধা হোৱাকৈ পৰ্যাপ্ত পৰিমাণৰ ঠাই নিৰ্মাণৰ বাবে মাটি ভৰোৱা, পথ নিৰ্মাণ আদিৰ কাম ২৪x৭ ঘন্টা জুৰি কৰি থকা হৈছে।

আনহাতে কূপ ক্ষেত্ৰৰ পৰা ক্ৰেন, বাংক হাউচ, টুল বিন আদি আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। ক্ষেত্ৰৰ পৰা অতিৰিক্ত খালীকৰণৰ কাম আগবঢ়াই থকা হৈছে। পানীৰ আৱৰণ নিৰ্মাণৰ প্ৰস্তুতিৰ কাম আগবঢ়াই থকাৰ লগতে পুখুৰী খন্দাৰ কাম আৰু উচ্চ ক্ষমতাসম্পন্ন পানীৰ পাম্প স্থাপনৰ কামো আগবাঢ়িছে। পানীৰ উৎসৰ পৰা কূপ ক্ষেত্ৰৰ কাৰ্যস্থলীলৈ পানী অনাৰ পথৰ কাম আগবাঢ়িছে।

ইয়াৰ লগতে যোৱা ১৪ দিন ধৰি গেছ নিৰ্গত হৈ থকাৰ ফলত আৰু আজিৰ অগ্নিকাণ্ডৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ মূল্যায়নৰ কামো আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে অইলৰ সূত্ৰই। গছ-গছনিৰ ক্ষেত্ৰত পৰা প্ৰভাৱ মূল্যায়ন কৰিবৰ বাবে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা দল আহি দুলীয়াজানত উপস্থিত হৈছে বুলিও খবৰ পোৱা গৈছে। অৱশ্যে অইল কৰ্তৃপইক্ষ এনেধৰণৰ তৎপৰতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিলেও বৰ্তমানো আতংকিত হৈ আছে স্থানীয় ৰাইজ। গেছ নিৰ্গত হোৱাৰ লগে লগেই এনেদৰে তৎপৰতা প্ৰদৰ্শন কৰিলে আজিৰ পৰিস্থিতিৰ উদ্ভৱ হ’বলৈকে নাপালেহেতেন বুলিও মন্তব্য কৰিছে স্থানীয় লোকসকলে।

বাঘজানৰ ঘটনাৰ বাবে অইল-চৰকাৰক দোষাৰোপ আছুৰ

বাঘজানৰ ঘটনাৰ বাবে চৰকাৰ আৰু অইল কৰ্তৃপক্ষক দোষাৰোপ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অইলে বহিৰাগত কেতবোৰ সংস্থাক তৈলখাদসমূহৰ দায়িত্ব দিয়া বাবে এনেধৰণৰ ভয়ানক ঘটনা সংঘটিত হ’বলৈ পালে।

‘বাঘজানৰ দৰে ইক’ছেনছিটিভ জ’নত খনন কৰাৰ বিৰুদ্ধে আমি পূৰ্বতেই আমাৰ স্থিতি স্পষ্ট কৰিছিলো। দীৰ্ঘদিন ধৰি খাদটোৰ পৰা তেল নিৰ্গত হৈ থকাৰ পিছতো নিজৰ ব্যৱসায়িক স্বাৰ্থত অইলে জন এনাৰ্জি নামৰ বহিৰাগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা নকৰিলে। বাঘজানৰ সমীপতে থকা মাগুৰি-মতাপুং বিল আৰু ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান থকাৰ পিছতো চৰকাৰ আৰু অইল কৰ্তৃপক্ষই মানুহৰ জীৱন আৰু প্ৰকৃতিক লৈ কিয় জুইৰ লগত খেলা কৰিলে তাৰ উত্তৰ ৰাইজক দিব লাগে।’-লুৰিণজ্যোতিৰ মন্তব্য।

অইল কৰ্তৃপক্ষই অত্যাধুনিক ব্যৱস্থাৰ দ্বাৰা খনন কাৰ্য কৰিব বুলি স্পষ্টীকৰণ দিয়াৰ ১৫ দিন নৌহওতেই এনেধৰণৰ এক মাৰাত্মক ঘটনা সংঘটিত হোৱাটোৱে চৰকাৰে অসমৰ সম্পদ লুণ্ঠনৰ লাইচেন্স অইলক নিগাজীকৈ প্ৰদান কৰাতো স্পষ্ট কৰি তুলিছে বুলিও মন্তব্য কৰে ছাত্ৰ নেতাজনে। ৰাইজক একপ্ৰকাৰ অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিয়া অইল কৰ্তৃপক্ষ আৰু চৰকাৰে সোনকালেই ইয়াৰ প্ৰত্যুত্তৰ পাব বুলিও সকীয়াই দিয়ে লুৰিণজ্যোতি গগৈয়ে।