তিনিচুকীয়াঃ 'মোৰ চকুৰ আগতে ছটফটাই নিথৰ হৈ পৰিছিল ৩টাকৈ কেৰ্কেটুৱা। অলপ দূৰৈতে কেবাটাও চৰাই ধৰফৰাই আছিল। জোপোহা গছজোপা নিমিষতে জুইয়ে ছানি ধৰিছিল। তাতেই আছিল এহাল চৰাইৰ বাহ। দুদিন আগতে বাহটোত কণী ফুটি পোৱালি জাগিছিল। গৰু চৰাবলৈ যাওঁতে চৰাইহালক প্ৰায়েই মন কৰিছিলো। চৰাইহাল আৰু পোৱালিকেইটা ছাই হৈ গ’ল।’-NNOৰ আগত এইদৰে কয় গেছ নিৰ্গত হৈ ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱা তিনিচুকীয়াৰ বাঘজানৰ সমীপৱৰ্তী মাগুৰি-মতাপুং বিলৰ এজন স্থানীয় বাসিন্দাই।

এনেদৰে এতিয়া কৰ’নাৰ লগতে জুইৰ আতংকত ভুগিছে তিনিচুকীয়াবাসীয়ে৷ অইল ইণ্ডিয়াৰ (Oil India Limited) চূড়ান্ত হেমাহিৰ বাবে উজনি অসমৰ জিলাখনৰ বাঘজানত এতিয়া জুইত জাহ গৈছে অতিকমেও ৬০ টাকৈ বাসগৃহ। জুইত দুটাকৈ নামঘৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰো বাতৰি পোৱা গৈছে। এই অগ্নিকাণ্ডত ৪জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কম-বেছি পৰিমাণে ১০ জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকসকলে।

NNOৰ তিনিচুকীয়াৰ জিলা প্ৰতিনিধি বিকাশজ্যোতি শইকীয়াই প্ৰেৰণ কৰা বাতৰি মতে যোৱা ২৭ মে’ৰ পৰা বাঘজানৰ তৈলখাদটোৰ পৰা নিৰ্গত হৈ আছিল গেছ আৰু তেল। অৱশেষত মঙলবাৰে দিনৰ প্ৰায় ১.৩০ বজাত আশংকা কৰা ধৰণে তৈলখাদটোত অগ্নিকাণ্ড সংঘটিত হয়। তৈলখাদটোৰ পৰা নিৰ্গত হোৱা তেল যোৱা প্ৰায় ১৪ দিন ধৰি মাগুৰি-মতাপুং বিলখনেৰে বৈ যোৱাত আজি অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে জুইয়ে বিলখনকো ছানি ধৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি ক’লে?

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী চমুকৈ NDRFৰ কেবাটাও দল। স্থানীয় প্ৰশাসনক সহযোগ কৰিবৰ বাবে ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনীৰ লোকো নিয়োজিত কৰা হৈছে। ঘটনাটোক লৈ বাঘজান আৰু মাগুৰি-মতাপুং বিলৰ সমীপৱৰ্তী লোকসকলৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাবাসী আতংকিত হৈ পৰাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাকো আতংকিত নহ’বলৈ আহ্বান জনাইছে।

'বাঘজানৰ বিস্ফোৰণৰ সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় ৰাইজক নিৰাপত্তা প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা প্ৰশাসনকো এই ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে। লগতে ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিকো এই ক্ষেত্ৰত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। যিটো স্থানত বিস্ফোৰণ হৈছে সেই স্থানত জিলা প্ৰশাসনৰ লোকসকল উপস্থিত হৈ কাম আৰম্ভ কৰিছে। ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই।’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ আৰু কয়, 'ইতিমধ্যে মই বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অৱগত কৰিছো। অতি তৎপৰতাৰে এই বিস্ফোৰণৰ বিষয়টোৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল’বলৈ কেন্দ্ৰ চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰণালয়ক আহ্বান জনাইছো। ইয়াৰ লগতে ইণ্ডিয়ান এয়াৰ ফ’ৰ্চকো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিশেষকৈ জুই নিৰ্বাপনত সহায়ৰ ব্যৱস্থা কৰি দিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াকো মই অনুৰোধ জনাইছো।’

সকলোৰে সহযোগত এই জুই নিৰ্বাপন কৰাৰ লগতে অঞ্চলটোলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সমৰ্থ হ’ব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 'তিনিচুকীয়াবাসী ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছো। চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত নিষ্ঠাৰে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব। ইতিমধ্যে পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে বিদেশৰ পৰা যি বিশেষজ্ঞৰ দল আনিছে তেখেতসকলে এই কামত আত্মনিয়োগ কৰিছে। কিন্তু এই বিস্ফোৰণটো আজি পুৱাৰ ভাগত হোৱা বাবে জটিল অৱস্থালৈ গৈছিল। যি কি নহওক, জনসাধাৰণক নিৰাপত্তা দিবৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ দুয়োখন চৰকাৰে চেষ্টা চলাই গৈছে আৰু যাব।’-ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰি সোণোৱালে কয়।

অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ সমীপতে চলিছিল গেছ উত্তোলনৰ কাম

যি ঠাইত অগ্নিকাণ্ড সংঘটিত হৈছে তাৰ কাষতে আছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। বাঘজানৰ তৈলখাদটোৰ পৰা নিৰ্গত হোৱা গেছত অগ্নিকাণ্ড সংঘটিত হোৱাত তাৰ পৰা ওলোৱা ধোৱাৰ কুণ্ডলী প্ৰায় ৪-৫ কিলোমিটাৰ দূৰৈৰ পৰা দেখা গৈছে। এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি ভাবুকি নামি আহিছে। আমাৰ স্থানীয় সাংবাদিকে জনোৱা মতে, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ কেবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা চলাইছে যদিও বাতৰি যুগুতোৱা পৰ্যন্ত সফল হ’ব পৰা নাই। 

এই সন্দৰ্ভত অইল ইণ্ডিয়াৰ মহা প্ৰৱন্ধক (কৰ্প’ৰেট কমিউনিকেশ্যন) জয়ন্ত বৰদলৈয়ে কয়, 'আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত উক্ত ছাইটত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে কিদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া ভালদৰে জানিব পৰা হোৱা নাই। জুই নিৰ্বাপিত কৰিবলৈ গৈ অএনজিচিৰ এজন অগ্নি নিৰ্বাপক কৰ্মী আহত হৈছে। ইয়াৰ বাদে আমি এতিয়ালৈকে আন কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।’ 

উল্লেখ্য যে, বাঘজান অঞ্চলৰ  উক্ত তৈলখাদৰ পৰা সামান্য দূৰৈত ভূপৃষ্ঠৰ পৰা ৩,৭২৯ মিটাৰ গভীৰত এটি নতুন গেছ ভাণ্ডাৰৰ পৰা গেছ উত্তোলনৰ কাম চলিছিল। ইয়াৰ মাজতে ২৭ মে’চ বাঘজানৰ তৈলখাদটোৰ পৰা হঠাৎ গেছ নিৰ্গত হ’বলৈ আৰম্ভ কৰে। এই খাদটো বন্ধ কৰিবৰ বাবে দেওবাৰেই এলাৰ্ট ডিজেষ্টাৰ কণ্ট্ৰ’ল নামৰ ছিংগাপুৰৰ এটি সংস্থাৰ বিশেষজ্ঞৰ দল তিনিচুকীয়াত আহি উপস্থিত হৈছে। কিন্তু বিশেষজ্ঞৰ দলটোৱে কাম আৰম্ভ কৰাৰ পূৰ্বেই আজি সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। ঘটনা সংঘটিত হোৱাৰ সময়ত বিদেশী বিশেষজ্ঞৰ দলটোৱে বাঘজানৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈৰ ডিব্ৰুগড় জিলাৰ চহৰ দুলীয়াজানত থকা OILৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হৈছিল।

OILৰ সূত্ৰই জনোৱা মতে, ছিংগাপুৰৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে পৰিস্থিতি নিৰীক্ষণৰ বাবে বৰ্তমান ঘটনাস্থলীত গৈ উপস্থিত হৈছে। তৈল প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকাই NNOৰ উজনি অসম ব্যুৰ'ক জনোৱা মতে, আৰু ৫ দিনৰ পিছত অগ্নি নিৰ্বাপনৰ লগতে কূপটো সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব। এই লৈ বিশেষজ্ঞকেইগৰাকীৰ সৈতে বিশদ আলোচনা কৰা হ'ব বুলিও তেওঁ সদৰী কৰে।

ইফালে, উক্ত অঞ্চলৰ প্ৰায় ডেৰ কিলোমিটাৰ ব্যসাৰ্ধত থকা অতি কমেও ২ হাজাৰ স্থানীয় লোকক সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘটনা সংঘটিত হোৱাৰ আগতেই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল। উক্ত লোকসকলক ৰাখিবৰ বাবে স্থানীয় প্ৰশাসনে ৪টাকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। জিলা প্ৰশাসনে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি দাবী কৰিছে যদিও প্ৰত্যক্ষদৰ্শীসকলে কেবাজনো লোকৰ প্ৰাণহানি হোৱা বুলি মন্তব্য কৰা দেখা হৈছে।


কিছু সময় পিছতে প্ৰকাশ পাব এই অগ্নিকাণ্ড সম্পৰ্কীয় বিশেষ প্ৰতিবেদন। উক্ত প্ৰতিবেদন পঢ়িবলৈ www.newsnextone.com ভিজিট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।