##Metoo অান্দোলনত তোলপাৰ সমগ্ৰ বিশ্ব
যদি কোনোবাই মহিলাৰ শ্লীলতাহানিৰ চেষ্টা কৰে তেতিয়াহ’লে তেনে পুৰুষক পোহৰলৈ অনাটো প্ৰত্যেকৰেই কৰ্তৱ্যঃ লতা
মোৰ সৈতে এনে ঘটনা ঘটাহেতেন অপৰাধী কেতিয়াও সাৰি নগ’লহেতেন৷ 

ডিজিটেল ডেক্সঃ  ##Metoo অান্দোলনত তোলপাৰ সমগ্ৰ বিশ্ব৷ বিভিন্ন অভিনেতা,ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি সাংবাদিকলৈ বিভিন্ন ভি আই পিৰ নাম সাঙোৰ খাই পৰা এই আন্দোলনটোক এক নতুন গতি প্ৰদান কৰিলে দেশৰ বিশিষ্টা কণ্ঠশিল্পী লতা মঙ্গেশকাৰে৷ 

আজি বলিউদৰ প্ৰতিবাদকাৰী মহিলাসকলৰ সমৰ্থন কৰিলে বিশ্ববিখ্যাত কণ্ঠশিল্পী লতা মঙ্গেশকাৰে৷ লতাই আজি এইবুলি কয় যে প্ৰত্যেক মহিলাকেই আমি সন্মান জনোৱা উচিত৷ যদি কোনোবাই মহিলাৰ শ্লীলতাহানিৰ চেষ্টা কৰে তেতিয়াহ’লে তেনে পুৰুষক পোহৰলৈ অনাটো প্ৰত্যেকৰেই কৰ্তৱ্য৷ মোৰ সৈতে এনে ঘটনা ঘটাহেতেন অপৰাধীক কেতিয়াও সাৰি যাবলৈ  নিদিলোঁহেতেন৷ 

##Metoo অান্দোলন সম্পৰ্কত লতাই আৰু কয় যে সকলো চাকৰিজীৱী মহিলাই কৰ্মস্থলীত উচিত সন্মান পোৱা উচিত৷ যদি কোনোবাই তেনে মহিলাৰ সন্মানহানি কৰাৰ যত্ন কৰে তেতিয়াহ’লে তেনে পুৰুষক ৰাজপথলৈ উলিয়াই অনাটো প্ৰত্যেক মহিলাৰেই কৰ্তব্য হোৱা উচিত৷