বিশেষ প্ৰতিবেদনঃ  'আপুনি আপোনাৰ ব্যৱসায়, উদ্যোগ আদিত একেলগে কাম কৰা লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰক আৰু তেওঁলোকক চাকৰিৰ পৰা উলিয়াই নিদিব।’-লকডাউন পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা দেশবাসীক অৱগত কৰি দিনদিয়েক পূৰ্বে এই আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বান অনুযায়ী কাম কৰাতো যে ব্যৱসায় আৰু উদ্যোগৰ সৈতে জড়িতসকলৰ পক্ষে সম্ভৱ নহ’ব সেয়া একপ্ৰকাৰ স্পষ্ট বুলি মন্তব্য কৰিছে অধিকাংশ অৰ্থনৈতিক বিশেষজ্ঞই।

বিশেষকৈ বিগত বিত্তীয় বৰ্ষৰ আৰ্থিক মন্দাৱস্থাত বিধ্বস্ত হৈ পৰা দেশৰ ব্যৱসায় আৰু ঔদ্যোগিক ক্ষেত্ৰখনক কৰ’না মহামাৰীয়ে আৰু অধিক সংকটৰ দিশলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ সৈতে জড়িতসকলৰ চাকৰি সুৰক্ষিত হৈ থাকিব নে নাই সেয়া নিশ্চিতকৈ কোৱাতো সকলোৰে পক্ষে অসম্ভৱ হৈ পৰিছে।

লকডাউন ঘোষণা কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যাৱশ্যাকীয় সেৱাসমূহৰ সৈতে জড়িতসকল যেনে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকলৰ লগতে সংবাদ মাধ্যমৰ লোকসকলকো ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু লকডাউন আৰম্ভ হোৱাৰ লগে লগে আন বহু ক্ষেত্ৰৰ লগতে ডাঁৰৰ বাতৰি ডাঁৰে যোগান ধৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰি অহা সংবাদ প্ৰতিষ্ঠানসমূহতো দেখা গৈছে ইয়াৰ স্পষ্ট প্ৰভাৱ। 

ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে। পত্ৰখনত তেওঁ লিখিছে, 'এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ ১৫জনকৈ সাংবাদিকক চাকৰিৰ পৰা উলিয়াই দিছে। আন ভালেকেইটা প্ৰতিষ্ঠানৰ পৰাও এনেধৰণৰ খবৰ আহি আছে আৰু বহুতেই সময়মতে দৰমহা পোৱা নাই। সেয়ে এনে সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ছপা, বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমৰ বাবে এক নিৰ্দেশনা জাৰি কৰিব লাগে যাতে সকলোৱে সময়মতে দৰমহা লাভ কৰে।’

পত্ৰখনত প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তিৱাৰীয়ে আৰু কৈছে যে মাত্ৰ ৩ সপ্তাহৰ লকডাউনৰ গইনা লৈ সংবাদ প্ৰতিষ্ঠানসমূহক কোনো কাৰণতে সংবাদকৰ্মীসকলক চাকৰিৰ পৰা খেদিবলৈ দিয়াতো উচিত নহয়। সংবাদ প্ৰতিষ্ঠান তথা খবৰ যোগান ধৰা সাংবাদিকসকলৰেই যদি এনে অৱস্থা হয় তেন্তে বাকীসকলৰ অৱস্থা কি হ’ব সেই লৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদগৰাকীয়ে। 

গভীৰ সংকটত ছপা মাধ্যম

প্ৰেছ এছ’চিয়েশ্যন, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ’চিয়েশ্যন আৰু ৱৰ্কিং নিউজ কেমেৰামেন এছ’চিয়েশ্যনে ছপা মাধ্যমৰ সংকটক লৈ এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃৃতিত লকডাউনৰ ফলত বাতৰি কাকতৰ সাংবাদিকসকলে কি কি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে সেয়া উল্লেখ কৰা দেখা গৈছে। 

'লকডাউনৰ তৃতীয় সপ্তাহত ইণ্ডিয়ান এক্সপ্ৰেছ আৰু বিজনেছ ষ্টেণ্ডাৰ্ড বাতৰি কাকত দুখনে সাংবাদিকসকলৰ দৰমহা কৰ্তনৰ কথা উল্লেখ কৰিছে। টাইমছ অব ইণ্ডিয়া নামৰ সংবাদ পত্ৰখনৰ কৰ্তৃপক্ষই দেওবৰীয়া পৰিপূৰিকাৰ গোটেই টীমটোকে চাকৰিৰ পৰা উলিয়াই দিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি নিউজ এজেন্সীয়ে কৰ্মৰত সাংবাদিকসকলক মাত্ৰ ৬০ শতাংশ দৰমহা দিয়াৰ কথা ঘোষণা কৰিছে। হিন্দুস্তান টাইমছে মাৰাঠী সংস্কৰণ অহা ৩০ এপ্ৰিলৰ পৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু সম্পাদকসহ গোটেই টীমটোকে ঘৰতে থাকিবলৈ কোৱা হৈছে। আউটলুক আলোচনীৰো প্ৰকাশ বন্ধ কৰা হৈছে। লগতে উৰ্দু সংবাদ পত্ৰ নই দুনীয়া আৰু ষ্টাৰ অব মহীশূৰো বন্ধ হ’বলৈ গৈ আছে।’-বিবৃতিটোত এইদৰে উল্লেখ কৰিছে সংস্থাকেইটাই।

দেশৰ ১৫টাতকৈয়ো অধিক ভাষাত প্ৰকাশ পাই অহা কাকতসমূহৰ সংগঠন 'ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি’(INS)য়েও বিষয়টোকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। সংস্থাটোৱে কৈছে, 'পৰিস্থিতি খুবেই গুৰুতৰ। ছপা মাধ্যমৰ ওপৰত এটাৰ পিছত আনটো দুৰ্যোগ আহি পৰিছে। কৰ’নাৰ বাবে চাৰ্কুলেশ্যন হ্ৰাস পাইছে। বিজ্ঞাপন প্ৰায় নাইকিয়া হৈ আহিছে। ইফালে নিউজ প্ৰিণ্টৰ সীমা শুল্কতো কোনো ৰেহাইৰ কথা ঘোষণা কৰা নাই।’ 

চৰকাৰক সহায়ৰ বাবে আহ্বান

'ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি’(INS)য়ে বাতৰি কাকতসমূহৰ সমুখত দেখা দিয়া প্ৰত্যাহ্বানৰ সবিশেষ বৰ্ণনা কৰি কেন্দ্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি ছপা সংবাদ মাধ্যমক দুৰ্যোগৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দুবছৰৰ কৰ আৰু নিউজ প্ৰিণ্টৰ ওপৰত থকা সীমা শুল্ক ৰেহাই দিবলৈ দাবী জনাইছে।

'যেতিয়া কোনো গ্ৰাহকে খাদ্য সামগ্ৰী বা গাখীৰ আদি ক্ৰয় কৰে তেতিয়া সেয়া কিনাৰ সময়তে তাৰ ওপৰত আৰোপ কৰা কৰ আৰু খৰছ দুয়োটাই বিক্ৰেতাই আদায় কৰে। কিন্তু বাতৰি কাকত ছপা কৰোতে যিমান খৰছ হয় তাৰ তেনেই এক সামান্য অংশহে গ্ৰাহকৰ পৰা লাভ কৰা হয়। বাকী খৰছ আৰু লাভ হয় বিজ্ঞাপনৰ পৰা। পিছে এইবাৰ কৰ’নাৰ বাবে বিজ্ঞাপনো টুটি আহিছে। যদিহে এনে পৰিস্থিতি আৰু কেইমাহমানলৈ অব্যাহত থাকে তেন্তে ছপা মাধ্যমত কৰ্মৰতসকলৰ চাকৰি কিমান দিনলৈ থাকিব তাৰ কোনো নিশ্চয়তা নাথাকিব।’-চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত এইদৰে উল্লেখ কৰিছে সংস্থাটোৱে। 

বৃহৎ ক্ষতিৰ সন্মুখীন সংবাদ পত্ৰসমূহ

বিবিচিত প্ৰকাশিত এক বাতৰিত উল্লেখ কৰা মতে দিল্লীৰ পৰা প্ৰকাশিত এখন আগশাৰীৰ দৈনিক কাকতৰ প্ৰশাসনিক বিভাগৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জনাইছে যে বিজ্ঞাপনৰ অভাৱত এইকেইদিন তেওঁলোকে কাকতৰ পৃষ্ঠা কমাই দিবলৈ বাধ্য হৈ পৰিছে। 'বাতৰি কাকতত বিজ্ঞাপন একেবাৰে কমি আহিছে। বাতৰি কাকত দেখিলেই সেয়া সকলোৱে বুজি পাব। আচলতে এনে সময়ত সকলোৰে ব্যৱসায় বন্ধ হৈ পৰিছে, গতিকে ব্যৱসায়েই যেতিয়া নাই তেনেস্থলত বিজ্ঞাপন দিয়াৰ প্ৰশ্নই বা ক’ত। ফলত কাকতসমূহৰ কলেৱৰ সৰু হৈ পৰিছে।’-বিষয়াগৰাকীয়ে কয়।

আনহাতে দেওবৰীয়া পৰিপূৰিকা তথা বিশেষ সংখ্যাসমূহ বন্ধ হোৱা সন্দৰ্ভত তেওঁ আৰু কয়, 'ইয়াৰ দুটা কাৰণ আছে। প্ৰথমটো হৈছে ফিচাৰ ছাপ্লিমেণ্ট এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী আৰু বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকাশ কৰা হয়। এইকেইদিন এণ্টাৰটেইণ্টমেণ্ট ইণ্ডাষ্ট্ৰীত সম্পূৰ্ণৰূপে বন্ধ। গতিকে অতিৰিক্ত ফিচাৰ পৃষ্ঠা ছপা কৰিবলৈ কাকতসমূহৰ ধনৰ অভাৱ হোৱাতো স্বাভাৱিক।’

'আন এটা কাৰণ হৈছে কৰ’না ভাইৰাছৰ সংক্ৰমণলৈ চাই কাকতসমূহত মানুহৰ দখল যিমান পাৰি সিমান কম কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। যিমানবোৰ ছাপ্লিমেণ্ট বা সৰু পত্ৰিকা প্ৰকাশ পাই সেইবোৰ মূল কাকতৰ ভিতৰত হাতেৰে ভৰাই দিয়া হয়। ইয়াৰ ফলত সংক্ৰমণৰ শংকা থাকে। সেয়ে এনে শংকা নাইকিয়া কৰিবলৈ বহু কাকতে ফিচাৰ পৃষ্ঠাসমূহ মূল কাকতে সংলগ্ন কৰিছে আৰু পৰিপূৰিকাসমূহৰ প্ৰকাশ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে।’-বিষয়াগৰাকীয়ে কয়। তেওঁ আৰু কয় যে ইয়াৰ প্ৰভাৱ সাংবাদিকসকলৰ লগতে বিজ্ঞাপন টীম আৰু চাৰ্কুলেশ্যনৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ চাকৰিৰ ওপৰতো পৰাতো নিশ্চিত।

কাকতৰ লোকচানৰ দাবীক লৈ প্ৰশ্ন

কাকত কৰ্তৃপক্ষ তথা কাকতৰ মালিক-প্ৰকাশকসকলৰ সংগঠনসমূহে কৰি অহা লোকচানৰ দাবীক লৈ মুঠেই সন্তুষ্ট নহয় প্ৰেছ এছ’চিয়েশ্যনৰ অধ্যক্ষ জয়শংকৰ গুপ্তা। তেওঁৰ মতে এয়া হৈছে মালিকপক্ষই নিজৰ স্বাৰ্থৰ বাবে কৰা দাবী।

'লোকচানক লৈ কাকতৰ মালিক পক্ষই কৰা দাবী মুঠেই যুক্তিসংগত নহয়। যেতিয়া তেওঁলোকে পৰিপূৰিকাৰ নামত অতিৰিক্ত ৪০ পৃষ্ঠা ছপা কৰি আহিছিল তাৰে ১৫টাতকৈয়ো অধিক পৃষ্ঠাত কেৱল বিজ্ঞাপন আছিল। তেতিয়া ইমানবোৰ বিজ্ঞাপনৰ পৰা পোৱা লাভৰ সামান্য অংশও তেওঁলোকে সাংবাদিকসকলক দৰমহা প্ৰদানৰ নামত খৰছ কৰা নাছিল। কিন্তু এতিয়া সংকটৰ সময়ত তেওঁলোকে সাংবাদিকৰ দৰমহা কৰ্তন কৰিবলৈ লৈছে। এতিয়া তেওঁলোকে ১২-১৫ পৃষ্ঠা ছপাইছে, সেই হিচাপত ছপাৰ খৰছো কম হৈছে। ইমানৰ পিছতো মালিকপক্ষই মাত্ৰ ৩-৪ সপ্তাহৰ লকডাউনত কিদৰে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিবলৈ দুঃসাহস কৰে? তেওঁলোকে লাভৰ সামান্য অংশও কৰ্মচাৰীসকলৰ চাকৰি বছোৱাত খৰছ কৰিব নোৱাৰেনে?’-আগশাৰীৰ কাকতসমূহৰ মালিক পক্ষক এইদৰে প্ৰশ্ন কৰিছে প্ৰেছ এছ’চিয়েশ্যনৰ অধ্যক্ষগৰাকীয়ে।

সংকট কেৱল ছপা মাধ্যমতেই নহয়...

কৰ’নাক লৈ উদ্ভৱ হোৱা সংকট কেৱল ছপা মাধ্যমতেই সীমাৱদ্ধ হৈ থকা নাই। ইয়াৰ গ্ৰাসত পৰিছে বৈদ্যুতিন আৰু ডিজিটেল সংবাদ প্ৰতিষ্ঠানসমূহো। ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰাত বৈদ্যুতিন সংবাদ মাধ্যমসমূহতো দিনক দিনে বিজ্ঞাপনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। নতুনকৈ কোনো বিজ্ঞাপন লাভ কৰাতো দূৰৰে কথা বহু প্ৰতিষ্ঠানে পূৰণি বিজ্ঞাপনসমূহো বন্ধ কৰাৰ সিদ্ধান্ত লোৱাত এতিয়া শলঠেকত পৰিছে দেশৰ ভিন্ন প্ৰান্তৰ ছেটেলাইট আৰু কেবল নিউজ চেনেলসমূহ। 

বিবিচিত প্ৰকাশিত বাতৰি অনুযায়ী ৰাষ্ট্ৰীয় নিউজ চেনেল 'নিউজ নেশ্যন’ৰ ইংৰাজী ডিজিটেল টীমৰ ১৬জনীয়া টীমটোৰ আটাইকেইজনকে অব্যাহতি দিছে চেনেল কৰ্তৃপক্ষই। '১০ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত আমাক গোটেই টীমটোকে এক জৰুৰী জাননীযোগে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। ইয়াৰ পূৰ্বে মালিক পক্ষই আমাক এই সম্পৰ্কে কোনো ভূকে দিয়া নাছিল। আনকি আমাৰ সম্পাদককো এই সম্পৰ্কে জনোৱা হোৱা নাছিল।’-এইদৰে কয় চেনেলটোত কৰ্মৰত সাংবাদিক সিদ্ধাৰ্থ বিশ্বনাথনে।

১২ বছৰীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট সিদ্ধাৰ্থই চেনেলটোত ডিজিটেল স্পৰ্টছ এডিটৰ হিচাপে কৰ্মৰত আছিল। হঠাৎ এনেদৰে চাকৰি হেৰুৱাবলগীয়া হোৱাত দিল্লীত পত্নী আৰু কন্যাৰ সৈতে ভাৰাঘৰত বাস কৰা সাংবাদিক সিদ্ধাৰ্থৰ মূৰত ভাগি পৰিছে সৰগ।

আনহাতে 'দ্য কুইণ্ট’ নামৰ ডিজিটেল সংবাদ প্ৰতিষ্ঠানটোৱেও ২০০ জনীয়া সাংবাদিক আৰু সংবাদকৰ্মীৰ টীমৰ পৰা অতিকমেও ৪৫ জন সাংবাদিকক বিনা বেতনে ছুটী ল’বলৈ কৈছে। সংবাদ প্ৰতিষ্ঠানটোত কৰ্মৰত এগৰাকী সাংবাদিকে নাম প্ৰকাশ নকৰাৰ চৰ্তত বিবিচিৰ আগত কয় যে আৰ্থিক সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়েই মালিক পক্ষই তেওঁলোকক এনেদৰে চাকৰি এৰিবলৈ বাধ্য কৰাইছে। 

'লকডাউন ঘোষণা কৰাৰ কেইদিনমানৰ পিছতে পিটিআই আৰু এএনআইৰ দৰে সংবাদ এজেন্সিসমূহে ভিডিঅ’ প্ৰেৰণ বন্ধ ৰাখিছে। সেয়ে দ্য কুইণ্টৰ ভিডিঅ’ টীমৰ অধিকাংশকে বিনা বেতনে ছুটী ল’বলৈ কোৱা হৈছে। ইয়াৰ লগতে বহুকেইজন সাংবাদিক, টেকনিকেল কৰ্মচাৰী আৰু উপ-সম্পাদককো যাবলৈ কৈছে।’-সাংবাদিকগৰাকীয়ে কয়।

অসমত কি হৈছে?

অসমতো সংবাদ মাধ্যমৰ ওপৰত দেখা গৈছে কৰ’না প্ৰভাৱ। লকডাউন ঘোষণা হোৱাৰ কেইদিনমান পিছতে গুৱাহাটীৰ পৰা প্ৰকাশিত আগশাৰীৰ দৈনিক কাকত দ্য আছাম ট্ৰিবিউন, অসমীয়া প্ৰতিদিন, দৈনিক অসম, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক জনমভূমিকে আদি কৰি প্ৰায়সমূহ কাকততে ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ বিজ্ঞাপন প্ৰায় নাইকিয়া হৈ পৰিছে। একেদৰে দুই-এখন কাকতক বাদ দি প্ৰায়বোৰ কাকতৰে পৃষ্ঠা সংখ্যাও ১০-১২ পৃষ্ঠালৈ কমাই দিয়া হৈছে। বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে দেওবৰীয়া পৰিপূৰিকাসমূহো।

এখন আগশাৰীৰ দৈনিক কাকতৰ বিজ্ঞাপন প্ৰবন্ধকে নাম প্ৰকাশ নকৰাৰ চৰ্তত জনোৱা মতে অসমত কাকত-আলোচনীসমূহে বিজ্ঞাপনৰ পৰা সৰ্বাধিক উপাৰ্জন কৰে বছৰটোৰ মাত্ৰ দুটা সময়ত। ইয়াৰে এটা হৈছে দুৰ্গা পূজা আৰু আনটো হৈছে ৰঙালী বিহু। 'দুৰ্গা পূজা আৰু ৰঙালী বিহুতেই আমি সৰ্বাধিক বিজ্ঞাপন লাভ কৰো। কিন্তু এইবাৰ ৰঙালী বিহুত আমি বিজ্ঞাপন লাভ নকৰা বুলি ক’লেও ভুল কোৱা নহয়। অৰ্থাৎ আমাৰ উপাৰ্জনৰ মূল উৎসসমূহৰ এটা সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিছে। ৰাষ্ট্ৰীয় কাকতসমূহৰ অৱস্থাই শোচনীয় হৈ পৰিছে। গতিকে অসমীয়াৰ দৰে আঞ্চলিক ভাষা এটাৰ কাকতসমূহৰ অৱস্থা কেনে হ’ব সেয়া আমি নকলেও সকলোৱেই অনুমান কৰিব পাৰিব।’-বিজ্ঞাপন প্ৰবন্ধকগৰাকীয়ে কয়।

আনহাতে এই সময়ছোৱাত প্ৰকাশ পোৱা নাই ৰাজ্যৰ আগশাৰীৰ সাপ্তাহিক কাকত 'সাদিন’ আৰু পষেকীয়া আলোচনী 'প্ৰান্তিক’। সাদিনৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে লকডাউন ঘোষণা হোৱাৰ পিছৰে পৰা কাকতখনৰ প্ৰকাশ বন্ধ হৈ আছে। এই লৈ কৰ্মচাৰীসকলে নিজৰ ভৱিষ্যত সন্দৰ্ভত চিন্তিত হৈ পৰাও দেখা গৈছে। 'সাপ্তাহিক জনমভূমি'য়ে প্ৰকাশ অব্যাহত ৰাখিছে যদিও সেয়া কেৱল ই-পেপাৰ ৰূপতহে উপলব্ধ হৈছে।

প্ৰান্তিকৰ লগতে আন কেবাখনো জনপ্ৰিয় আলোচনী সাতসৰী, বিস্ময়, নন্দিনী, প্ৰিয় সখি, প্ৰকাশ আদিও প্ৰকাশ পোৱা নাই। লকডাউনৰ সময়ছোৱাত ছপাশালসমূহ বন্ধ থকাত নিজা ছপাশাল নথকা আলোচনীসমূহ প্ৰকাশ কৰাত জটিলতা দেখা দিয়াৰ লগতে ছপাশাল থকা সংবাদ প্ৰতিষ্ঠানসমূহে চাৰ্কুলেশ্যনক লৈ দেখা দিয়া সমস্যাৰ বাবে আলোচনী প্ৰকাশ নকৰাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে। কিয়নো আলোচনীসমূহৰ চাৰ্কুলেশ্যন মূলত ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা কিতাপৰ দোকানসমূহৰ জৰিয়তেই হয় আৰু এইকেইদিন সমগ্ৰ ৰাজ্যতে কিতাপৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।

ছপা মাধ্যমৰ ওপৰত স্পষ্ট প্ৰভাৱ দেখিবলৈ পোৱাৰ বিপৰীতে বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমতো ভিতৰি ভিতৰি বিজ্ঞাপনকে আদি কৰি একাধিক ক্ষেত্ৰত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। নিউজ চেনেল আৰু নিউজ পৰ্টেলসমূহেও ৰঙালী বিহুৰ সময়ত একাধিক নতুন বিজ্ঞাপন পোৱাৰ সম্ভাৱনা আছিল যদিও এইবাৰ সেই আশাত সম্পূৰ্ণৰূপে চেঁচাপানী পৰে। একেদৰে লাভবিহীন আৰু স্বতন্ত্ৰ সাংবাদিকতাৰ লক্ষ্যৰে বাতৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰা News Next Oneৰ সমুখতো আহি পৰিছে তীব্ৰ প্ৰত্যাহ্বান। টিআৰপিৰ দৌৰ, বিজ্ঞাপন আৰু ৰাজনৈতিক সহায় অবিহনে সত্য, শুদ্ধ, নিৰপেক্ষ বাতৰি প্ৰকাশ কৰিবৰ বাবে প্ৰয়োজন হোৱা সামান্য ধনৰ বাবে কা বিৰোধী আন্দোলনৰ পিছত কৰ'নাৰ প্ৰভাৱত বিপৰ্যস্ত হৈ পৰা অসমবাসীৰ ওচৰত হাত পাতিবলৈকো অসহায় অনুভৱ কৰিছে  News Next One-এ। 

প্ৰেছ কাউন্সিল অব ইণ্ডিয়াই কি কয়?

প্ৰেছ কাউন্সিল এক্ট ১৯৭৮ অনুযায়ী গঠিত হৈছিল প্ৰেছ কাউন্সিল অব ইণ্ডিয়া। সংবাদ পত্ৰৰ স্বতন্ত্ৰতা আৰু সাংবাদিকৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহ চোৱা-চিতা কৰাৰ ক্ষমতা অৰ্পণ কৰা হৈছে এই সংস্থাটোক। সংস্থাটোৰ অধ্যক্ষ ন্যায়াধীশ চি কে প্ৰসাদে জনোৱা মতে এইকেইদিনত বিভিন্ন সংস্থা তথা সাংবাদিকৰ পৰা একাধিক অভিযোগ লাভ কৰা হৈছে যদিও লকডাউনৰ বাবে সেয়া চাব পৰা হোৱা নাই।

তেওঁ কয়, 'প্ৰেছ এক্ট অনুযায়ী প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ কেৱল বাতৰি কাকতৰ বিষয়সমূহৰ ওপৰতহে অধিকাৰ আছে। যি সময়ত প্ৰেছ এক্ট গৃহীত হৈছিল তেতিয়া টিভি আৰু ইণ্টাৰনেট মিডিয়া নাছিল। সেয়ে টিভি আৰু ইণ্টাৰনেট মিডিয়া আমাৰ আওতাৰ বাহিৰত।’

প্ৰেছ কাউন্সিল অব ইণ্ডিয়া গঠিত হোৱা বৰ্ষতে জন্ম লাভ কৰা 'এডিটৰ্ছ গীল্ড অব ইণ্ডিয়া’ নামৰ সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকৰ সমস্যাৰ হকে মাত মাতি অহা সংগঠনটোৱেও সংবাদ মাধ্যমৰ বৰ্তমানৰ সংকটক লৈ এই পৰ্যন্ত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰেও বিষয়টোক লৈ বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

চৰকাৰৰ পৰা সহায় লাভ কৰিলে কি হ’ব?

'গ্লবেল ৱেব ইণ্ডেক্স’ নামৰ মাৰ্কেট ৰিচাৰ্ছ কোম্পানীটোৱে যোৱা ৩০ দিনৰ তথ্য দাঙি ধৰি কৈছে যে সমগ্ৰ বিশ্বতে এই সময়ছোৱাত অনলাইন নিউজৰ ভিউৱাৰ্ছ তীব্ৰ গতিত বৃদ্ধি পাইছে। কৰ’না ভাইৰাছৰ শেহতীয়া খবৰ লাভৰ বাবে বিশ্বৰ অধিকাংশ লোকে ডিজিটেল মাধ্যমকে ব্যৱহাৰ কৰিছে বুলিও কৈছে ৰিচাৰ্ছ কোম্পানীটোৱে।

ভাৰততো নিউজ ৱেবছাইটসমূহত লকডাউনৰ সময়ছোৱাত ভিউৱাৰ্ছ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিন্তু ইমানৰ পিছতো মিডিয়া ইণ্ডাষ্ট্ৰীতো বাকী খণ্ডসমূহৰ দৰেকৈ স্পষ্টকৈ দেখা গৈছে কৰ’না মহামাৰীৰ বিৰূপ প্ৰভাৱ। এই সন্দৰ্ভত ভাৰতীয় জন সঞ্চাৰ সংস্থাৰ সহকাৰী অধ্যাপক ডঃ আনন্দ প্ৰধানে কয় যে ভাৰতত সংবাদ মাধ্যমো যিহেতু বাণিজ্যিক সেয়ে বজাৰত পৰা প্ৰভাৱ ইয়াতো দেখাতো নিশ্চিত।

'ভাৰতীয় মিডিয়া মূলত কমাৰ্চিয়েল মিডিয়া আৰু এয়া উদ্যোগৰ অন্তৰ্গত। আৰ্থিক মন্দাৱস্থাৰ বাবে ইতিমধ্যে উদ্যোগ আৰু অৰ্থব্যৱস্থাই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়াত পৰিছে। এতিয়া কৰ’নাৰ ফলত আৰু অধিক অৱনতি ঘটিছে।’-প্ৰধানে কয়।

তেওঁ আৰু কয়, 'সংকটৰ সময়ত প্ৰথমেই খৰছৰ হিচাপ কৰি মুনাফা লাভৰ বাবে কি কি খৰছ কমাব পাৰি সেয়া হিচাপ কৰাতো ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এক স্বাভাৱিক প্ৰবৃত্তি। উদ্যোগ আৰু ব্যৱসায়ত যেতিয়া এই প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া ইয়াৰ 'কেস্কেণ্ডিং ইফেক্ট’ অৰ্থাৎ এটাৰ পৰা আনটোলৈ প্ৰভাৱ বিয়পিবলৈ লয় আৰু পৰিস্থিতি অৱনতি ঘটিবলৈ ধৰে।’

'মিডিয়াৰ ওপৰত এই প্ৰভাৱ বিজ্ঞাপনৰ ৰূপত দেখা যাব। সংকট আৰু অনিশ্চয়তাৰে পৰিপূৰ্ণ এই সময়ত ব্যৱসায়ীসকলে খৰছ কমাবলৈ বিজ্ঞাপনত আগতকৈ কমকৈ ধন ব্যয় কৰিব। ফলত প্ৰিণ্টেই হওক বা ইলেকট্ৰনিক অথবা ডিজিটেল সকলো মাধ্যমতে বিজ্ঞাপন কমি যাব আৰু ইয়াৰ সৈতে জড়িতসকলৰ চাকৰিলৈ সংকট নামি আহিব।’-ডঃ প্ৰধানৰ উদ্বেগজনক মন্তব্য।

এনে পৰিপ্ৰেক্ষিতত চৰকাৰে সহায়ৰ কথা ঘোষণা কৰিলেও সংবাদ মাধ্যমৰ সমস্যাৰ সমাধান নহ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডঃ প্ৰধানে। 'সাংবাদিকতা পেছা আৰু সংবাদ মাধ্যমৰ বাবে এয়া অতি জটিল সময়। চৰকাৰে সংবাদ মাধ্যমসমূহৰ বাবে বৃহৎ সাহায্য ঘোষণা কৰিলেও উদ্ভৱ হ’ব আন এক সমস্যাৰ। সেয়া হৈছে তেওঁলোকে আগৰ দৰেকৈ চৰকাৰী কাম-কাজৰ নিৰপেক্ষ আলোচনা কৰিব নোৱাৰিব। আনহাতে চৰকাৰৰ পৰা সহায় নল’লে মালিক পক্ষৰ হাতত নাথাকিব আন কোনো বিকল্প। গতিকে সহায় ললেও সংবাদ মাধ্যমে নিজৰ ধৰ্ম কেনেকৈ অক্ষুন্ন ৰাখিব সেয়াও এক ডাঙৰ প্ৰশ্ন।’-মিডিয়া বিশেষজ্ঞগৰাকীয়ে কয়।

১০ হাজাৰ সাংবাদিকৰ চাকৰিৰ প্ৰতি ভাবুকি

কৰ’না মহামাৰীৰ প্ৰভাৱ যে কেৱল ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰতে পৰিব সেয়া নহয়। সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমতে দেখা যাব ইয়াৰ স্পষ্ট প্ৰভাৱ। 'ৰয়টাৰ্ছ ইনষ্টিটিউট ফৰ দ্য ষ্টাডী অব জাৰ্নেলিজম’ৰ সঞ্চালক ৰেছমছ নেলচনৰ মতে সংবাদ মাধ্যমৰ ৩টা প্ৰকাৰ আছে আৰু আটাইকেইটা প্ৰকাৰৰ সংবাদ মাধ্যমেই ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ’ব।

নেলচনৰ ধাৰণা অনুযায়ী সংবাদ মাধ্যমৰ ৩টা প্ৰকাৰ হৈছে বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল সম্পূৰ্ণৰূপে কমাৰ্চিয়েল মিডিয়া, চৰকাৰী মিডিয়া আৰু স্বায়ত্ত ৰাজহুৱা মিডিয়া তথা লাভবিহীন স্বতন্ত্ৰ মিডিয়া। 'কমাৰ্চিয়েল মিডিয়াই বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰি চলে। চৰকাৰী মিডিয়াৰ খৰছ চৰকাৰে বহন কৰে। আনহাতে স্বায়ত্ত ৰাজহুৱা মিডিয়া জনতাৰ কৰৰ পৰা পোৱা ধনেৰে চলে। সদ্যহতে কমাৰ্চিয়েল মিডিয়াত বিজ্ঞাপন কমিবলৈ লৈছে। চৰকাৰী মিডিয়াতো চৰকাৰসমূহে ধন কমকৈ খৰছ কৰাৰ সম্ভাৱনা আছে। আনহাতে স্বায়ত্ত মিডিয়ায়ো কৰ হ্ৰাস পালে বা জনতাৰ অৱস্থা শোচনীয় হ’লে দান-বৰঙণি কমকৈ লাভ কৰিব।’-চীনৰ দৰে একনায়কত্ববাদী শাসন ব্যৱস্থা থকা দেশসমূহত চৰকাৰে সংবাদ মাধ্যমক নিজৰ স্বাৰ্থত পূৰ্বতকৈ অধিক বেছিকৈ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি এইদৰে কয় নেলচনে। 

'ছপা মাধ্যম এই সময়ছোৱাত যে অধিক ক্ষতিগ্ৰস্ত হৈছে তাক লৈ নিশ্চয় কাৰো দ্বিমত নাথাকিব। বিজ্ঞাপন হ্ৰাস পোৱাৰ লগতে বাতৰি কাকত-আলোচনীসমূহৰ লকডাউনৰ বাবে চাৰ্কুলেশ্যন হোৰাহোৰে কমিছে। বিপৰীতে ডিজিটেল মিডিয়াৰ ভিউৱাৰ্ছ বাঢ়িছে যদিও বিজ্ঞাপনৰ সৈতে থকা কণ্টেন্টৰ সম্পৰ্কৰ বাবে আশা কৰা ধৰণে লাভ হোৱা নাই। কিয়নো ডিজিটেল বিজ্ঞাপন দিয়া প্ৰতিষ্ঠানসমূহে নিজৰ বিজ্ঞাপন কৰ’নাৰ সৈতে জড়িত বাতৰিৰ সৈতে দেখুৱাবলৈ মুঠেই আগ্ৰহী নহয়। উপভোক্তাৰ মনত বিৰূপ ধাৰণাৰ জন্ম হ’ব পাৰে বুলিয়েই কৰ’না সম্পৰ্কীয় বা-বাতৰিত যাতে তেওঁলোকৰ বিজ্ঞাপন প্ৰদৰ্শিত নহয় তাৰ বাবে তেনে কণ্টেন্টক ব্লেকলিষ্টেড কৰিছে। আনহাতে এই সময়ছোৱাত কৰ’নাৰ বাবে আন কণ্টেন্ট দিয়াটোও ডিজিটেল সংবাদ মাধ্যমসমূহৰ পক্ষে সম্ভৱ নহয়।’-ডিজিটেল মাধ্যম এই সময়ছোৱাত কিদৰে প্ৰভাৱান্বিত হৈছে সেয়া ব্যখ্যা কৰি এই মন্তব্য কৰে নেলচনে।

তেওঁ আৰু কয় যে কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে মিডিয়া সংস্থাসমূহে কেবা বিলিয়ন ডলাৰৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। যদিহে আংশকা কৰা ধৰণে মিডিয়া সংস্থাসমূহে এনেদৰে ক্ষতিৰ সন্মুখীন হয় তেন্তে চলিত বৰ্ষত সমগ্ৰ বিশ্বতে অতি কমেও ১০ হাজাৰৰো অধিক সাংবাদিকে চাকৰি হেৰুৱাবলগীয়াত পৰিব বুলিও সদৰী কৰে  'ৰয়টাৰ্ছ ইনষ্টিটিউট ফৰ দ্য ষ্টাডী অব জাৰ্নেলিজম’ৰ সঞ্চালকগৰাকীয়ে। 

(বিবিচি, ৰয়টাৰ্ছ আৰু দ্য গাৰ্ডিয়ানৰ সহায় লৈ প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।)