গুৱাহাটীঃ কৰ’নাতংকই সমগ্ৰ বিশ্বক ত্ৰাসিত কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত ভাৰততো এতিয়া বিৰাজ কৰিছে যুদ্ধকালীন পৰিৱেশ। কেন্দ্ৰীয় চৰকাৰৰ লগে লগে ৰাজ্য চৰকাৰসমূহৰ প্ৰত্যেকটো বিভাগেই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰা দেখা গৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অহা ২২ মাৰ্চত 'জনতাৰ সান্ধ্য আইন' পালন কৰিবলৈ আহ্বান জনাইছে৷ 

কৰ’না ভাইৰাছৰ বাবে বিশ্বত বৰ্তমানলৈকে ১১,৪১৭ জন লোকৰ মৃত্যু হৈছে৷ আক্ৰান্ত হৈছে ২,৭৪,৪৬৯ জন লোকৰ৷ ভাৰতত এতিয়ালৈকে ২৮৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে৷ কিন্তু পঞ্চমগৰাকী ৰোগী আচলতে হৃদ ৰোগতহে মৃত্যু হৈছে, কৰ’না ভাইৰাছত নহয় বুলিও সামাজিক মাধ্যমৰ লগতে ভিন্ন মাধ্যমত ভিন্নজনে মন্তব্য কৰা দেখা গৈছে৷ 

ভাৰতৰ আন ৰাজ্যৰ তুলনাত উত্তৰ-পূবৰ লগতে অসমত বৰ্তমানলৈ এজনো লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য অহা নাই৷ অৰ্থাৎ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত অসম এতিয়াও প্ৰথম পৰ্যায়তে আছে৷ যদি ৰাজ্যত সংক্ৰমণ হ’বলৈ হয় তেন্তে এই ভাইৰাছ বাহিৰৰপৰা কোনোবাই আনিব লাগিব৷ সেয়েহে  পৰৱৰ্তী ১৪ দিন অসমবাসীয়ে সতৰ্ক হৈ থকাই নহয়, জটিল সময় হিচাপে ল’ব লাগিব৷ ৫ এপ্ৰিলৰ ভিতৰত যদি কোনো লোক সংক্ৰমিত নহয় তেতিয়া হ’লে ৰাজ্যখন প্ৰায় সংকটমুক্ত বুলি কোৱাৰ কিছু থল আছে৷ এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

কেনে আছে গুৱাহাটী?

অসমক কৰ’না ভাইৰাছৰপৰা ৰক্ষা কৰাৰ হেতুকে অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে জাৰি কৰা একাধিক নীতি-নিদেৰ্শনা আৰু নিষেধাজ্ঞা সীমিত হ’লেও ৰাইজৰ যথেষ্ট সহযোগিতা দেখা গৈছে৷ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলৰ জনসাধাৰণে কৰ’নাক লৈ সতৰ্ক আৰু সজাগ হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ ব্যতিক্ৰম নহয় সদাব্যস্ত উত্তৰ-পূবৰ মুখ্য দুৱাৰস্বৰূপ গুৱাহাটী মহানগৰীও৷ 

মহানগৰীত আন দিনতকৈ শনিবাৰৰ দিনটোত জনসমাগম হ্ৰাস পোৱা দেখা গৈছে৷ গুৱাহাটীৰ আটাইতকৈ ব্যস্ত গণেশগুৰি, চানমাৰি, ছয় মাইল, গুৱাহাটী ক্লাৱ, ফাচীবজাৰ, ভঙাগড়, উলুবাৰী আদিত পৰিৱেশ একেবাৰে নিমাওমাও বুলিয়ে ক’ব পাৰি৷ 

"এই কেইদিনত একেবাৰে গ্ৰাহক নাই৷ আগত যিমান বিক্ৰী হৈছিল তাৰ আধাও এতিয়া বিক্ৰী নহয়৷ আচলতে কৰ’না ভাইৰাছৰ বাবে মানুহবোৰ ঘৰৰপৰা ওলোৱা নাই৷"- আলি নামৰ এজন পাণ দোকানীৰ মন্তব্য।

সেইদৰে সীমিত সংখ্যক যাত্ৰীহে দেখা গৈছে মহানগৰীৰ চিটি বাছসমূহত৷ এগৰাকী চিটি বাছ চালকে কয়, "কৰ’না ভাইৰাছৰ বাবে চৰকাৰে স্কুল-কলেজ, অফিচ-কাচাৰীসমূহ বন্ধ হোৱাৰপৰাই যাত্ৰী একেবাৰে কম পাইছোঁ৷" কৰ’না ভাইৰাছৰ বাবে বহুতো চিটি বাছ চলা নাই বুলিও মন্তব্য কৰে চালকজনে৷ উল্লেখ যে, শনিবাৰৰ দিনটোত গুৱাহাটীৰ ট্ৰেফিকো যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ 

এই প্ৰতিবেদকে একাংশ লোকৰ সৈতে কথা পাতি জানিব পাৰিছে যে যিসকল লোক বাহিৰলৈ ওলাইছে, সেইসকলে কিন্তু অনিচ্ছা সত্ত্বেও বাহিৰলৈ ওলাবলগীয়া হৈছে৷ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বিষয়ে জ্ঞাত হৈয়ো অগত্যা নগ'লে নোহোৱাতহে ঘৰৰপৰা ওলাই আহিবলগীয়া হৈছে বুলিও বহুতেই জানিবলৈ দিছে।

"মই কৰ’না ভাইৰাছৰ কথা শুনিছো৷ টিভিত এই ভাইৰাছৰ ভয়াবহতা দেখিছো৷ ইটালীত কালিৰ দিনটোত বহুত মানুহৰ মৃত্যু হৈছে৷ কৰ’না ভাইৰাছৰ বাবে সতৰ্ক হৈছো৷ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক শিথিলতা দিছে। কিন্তু আমাৰ কি হ’ব? প্ৰাইভেট কোম্পানীৰ চাকৰি, ওলাই আহিবই লাগিব৷ মুখত মাস্ক লগাই দিনটোৰ বাবে ওলাই আহিছোঁ।"- এই মন্তব্য মিনাক্ষী নামৰ এগৰাকী প্ৰাইভেট কোম্পানীত কৰ্মৰত যুৱতীৰ৷

আনহাতে সজাগতাৰ সম্পূৰ্ণ বিপৰীত ছবিও মহানগৰীত বিৰাজ নকৰা নহয়৷ যিদৰে এচাম লোক এই ভাইৰাছৰপৰা হাত সাৰিবলৈ সজাগ-সচেতন হৈছে, ঠিক সেইদৰে কিছু সংখ্যক লোকৰ এইক্ষেত্ৰত আকৌ সজাগতাৰ অভাৱ দেখা গৈছে৷ এতিয়ালৈকে অসমত এজনো কৰ’নাত আক্ৰান্ত হোৱা নাই বা অসমলৈ এই ৰোগ নাহে বুলি ধাৰণা কৰি সমগ্ৰ বিষয়টোক গা এৰা দি চলিব খোজা লোকৰ সংখ্যাও মহানগৰীত কম নহয়।

'অসমত এইটো বেমাৰ নাহে। এতিয়া গৰম পৰিছে। গৰমত ভাইৰাছটো মৰি যায় বুলি আমি নিউজত পাইছো। মানুহবোৰে অলপ বেছি ভয় খাইছে। আমি কাম কৰি খোৱা মানুহ। কাম কৰিবই লাগিব। ঘৰত সোমাই থাকিলে খাবলৈ নাপাম। সেয়ে আল্লাহৰ নাম লৈ ওলাই আহিছো। আল্লাহে ৰাখিলে কোনে মাৰিব পাৰে?’-NNOৰ আগত এইদৰে কয় হাতীগাঁও অঞ্চলৰ এজন শ্ৰমিকে। 

গুৱাহাটী ষ্টেচনত থাৰ্মোমিটাৰ স্কেনিং

উত্তৰ-পূবৰ মুখ্যদ্বাৰ গুৱাহাটীৰ ৰে'লৱে ষ্টেচনত অহৰহ দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটে৷ কিন্তু পৰিতাপৰ বিষয়, বাতৰি সংগ্ৰহ কৰাৰ সময়ত ৰে'লৱে কৰ্তৃপক্ষ তথা স্বাস্থ্য বিভাগে ষ্টেচনটোত মাত্ৰ এগৰাকী নাৰ্ছে এটা থাৰ্মোমিটাৰ স্কেনাৰেৰে স্কেনিং কৰি থকা দেখা গৈছে৷ অসমৰ পৰা গৈ বহিঃ ৰাজ্যত কৰ্মৰত বহু যুৱক ঘৰলৈ ঘূৰি আহি এইকেইদিন গুৱাহাটীৰ ৰে’ল ষ্টেচনত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ 

"কৰ'নাতংকত এইকেইদিনত অসমৰ বহু যুৱক ঘৰলৈ ঘূৰি আহিছে৷ বিশেষকৈ কেৰালাৰপৰা বহু যুৱক অহাৰ বাতৰি পোৱা গৈছে৷ সেয়ে গুৱাহাটী ষ্টেচনত অতি কমেও ২ বা ৩ টা টেষ্ট লেবৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াত মাত্ৰ এটাহে টেষ্ট লেব আছে৷ সেয়ে আমি ভয় খাই আছো।"- ষ্টেচনত হোটেলৰ ব্যৱসায় কৰা অজয় গুপ্তাৰ মন্তব্য এয়া।

জনতাৰ সান্ধ্য আইনলৈ সাজু মহানগৰবাসী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চত সমগ্ৰ দেশবাসীক জনতাৰ সান্ধ্য আইন পালন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সহাৰি আগবঢ়াবলৈ সাজু হৈ আছে মহানগৰবাসী। চিটি বাছ সন্থা, ব্যৱসায়ী সন্থাকে আদি কৰি বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত কেবাটাও সন্থাৰ বিষয়ববীয়াই NNOৰ আগত কয় যে কাইলৈ আটায়ে কৰ’নাক ৰুধিবলৈ নিজকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰখাৰ পণ লৈছে।

একেদৰে প্ৰাতঃভ্ৰমণলৈ যোৱা লোকসকলেও কাইলৈ পুাৱৰ ভাগত ঘৰতে ব্যায়াম কৰাৰ সিদ্ধান্ত লৈছে। 'কাইলৈ আমি মৰ্ণিং ৱাকলৈ নাযাও। কাইলৈ আমি দিনটো ঘৰতে থাকিম। আমাৰ লগৰবোৰেও ঘৰতে থাকিব। কাইলৈ বুলিয়েই নহয়, পৰহিলৈও আমি নোলাও। সাৱধানতা হিচাপে আমি এই ব্যৱস্থা হাতত লৈছো।’-এইদৰে কয় এগৰাকী ৬০ উৰ্ধৰ লোকে।

এনেদৰেই এতিয়া কাইলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা 'জনতাৰ সান্ধ্য আইন’লৈ সাজু হৈছে মহানগৰবাসী। ডেকা-বুঢ়াৰ পৰা অৰম্ভ কৰি সকলোৱে কাইলৈৰ দিনটোত ঘৰতে থাকিবৰ বাবে আজিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সান্ধ্য আইনৰ সময়ছোৱা কেনেদৰে কটাব বুলি প্ৰশ্ন কৰাত শিলপুখুৰীস্থিত গাৰ্লছ হোটেলৰ কেবাগৰাকী ছাত্ৰীয়ে কাইলৈৰ দিনটো হোৱাটছএপ, ফেচবুক আৰু টিকটকতে বিজি থাকিব বুলি জনায়।

'আমি কৰ’নাক ৰোধ কৰিবই লাগিব। আমি সমাজ বৰ্জন নকৰো। কিন্তু  শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ বাহিৰলৈ ওলাব নালাগে। এয়া ছ’চিয়েল মিডিয়াৰ যুগ। আমি ছ’চিয়েল মিডিয়া, ফোন, ইণ্টাৰনেটৰ জৰিয়তে সামাজিক সম্পৰ্কবোৰ বৰ্তাই ৰাখিব পাৰো। কাইলৈ মই গোটেই দিনটো গান শুনিম। মোৰ লগৰ এজনীয়ে কৈছে যে কাইলৈ তাই নেটফ্লিক্স চাব। আজি তাই এক্সট্ৰা ৰিচাৰ্জ কৰিছে। এনেকৈ আমি কাৰ্ফিউ চেলিব্ৰেট কৰিম। চেলিব্ৰেটৰ মাজেৰেই আমি কৰ’নাৰ এগেইনষ্টত ফাইট কৰি যাম।’-শিল্পী নামৰ এগৰাকী ছাত্ৰীৰ মন্তব্য।