কনক দেউৰী,খেৰণি

খেৰণিঃ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত সৃষ্টি তীব্ৰ উত্তেজনা। সীমান্তত পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সীমান্ত উপ আৰক্ষী চকী(BOP) স্থাপন কৰাক কেন্দ্ৰ কৰি মেঘালয়ৰ ৰাইজে সৃষ্টি কৰে উত্তেজনাৰ।

যোৱা ১১ জুনত জেৰিকীণ্ডিং আৰক্ষী থানাৰ অন্তৰ্গত উমখ্ৰীমি গাঁওত অসম আৰক্ষীৰ এটা সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিছিল পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে। কিন্তু অসমৰ ভূমিত স্থাপন কৰা সীমান্ত উপ আৰক্ষী চকী উঠাই দিবলৈ ওলাই আহিল মেঘালয়ৰ ৰাইজ আৰু প্ৰশাসন।

সীমা নিৰ্ধাৰণ নোহোৱাকৈ সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিব নিদিয়াৰ হুংকাৰ মেঘালয়ৰ ৰাইজৰ। পৰৱৰ্তী সময়ত কাৰ্বি আংলংৰ দণ্ডাধীশ, আৰক্ষী, চি আৰ পিয়ে ঘটনাস্থলীত গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হোৱাৰ পিছত বাধ্যত পৰি কাৰ্বি আংলং প্ৰশাসনে আৰক্ষী চকীটো নিজেই ভাঙি সকলো বয়বস্তু গাড়ীত উঠাই লৈ আনিবলগীয়া পৰিস্থিতি হোৱাত সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰে।

অসমৰ প্ৰশাসনৰ এনে ভূমিকাৰ বিৰুদ্ধে তীব্ৰ প্রতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে অঞ্চলটোত সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰাৰ দাবী জনায় কাৰ্বি ছাত্ৰ সংগঠনৰ সভাপতি চেমচন টেৰণে। লগতে যিটো সময়ত অসমৰ বিজেপি চৰকাৰ বা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দি আহিছে তেনে সময়তে ৰাজ্যত এনে আগ্ৰাসনৰ ঘটনা সংঘটিত হোৱাটো অতি লজ্জাজনক কথা বা গৰিহনাযোগ্য বুলি তেৰণে উল্লেখ কৰে। 

আনহাতে, বিষয়টোক লৈ চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে পৰৱৰ্তী সময়ত কাৰ্বি ছাত্ৰ সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ছাত্র নেতাগৰাকীয়ে। উল্লেখযোগ্য যে, বিগত বহুদিনৰপৰা পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ মাজত চলি আছিল এনে সীমা বিবাদ। কিন্তু অসমৰ মাটিত স্থাপন কৰা সীমান্ত উপ আৰক্ষী চকী (BOP) মেঘালয়ৰ হেঁচাত উঠাই দিয়া কাৰ্যই সকলোকে এতিয়া স্তম্ভিত কৰি তুলিছে।