ছিলংঃ তেৰজন শ্ৰমিক আবদ্ধ হৈ পৰা মেঘালয়ৰ পূব জয়ন্তী পাহাৰৰ অবৈধ কয়লা খনিৰ স্বতাধীকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জাৰিণ চুলেট নামৰ লোকজনক নাৰৱান গাঁওৰ বাসগৃহৰপৰা শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ লগৰীয়াজন পলাতক হৈ আছে।  

উল্লেখ্য যে বৃহস্পতিবাৰে কয়লা খনিটোত পানী সোমাই যোৱাত ১৩ জন শ্ৰমিক গভীৰ কয়লাখনিত আবদ্ধ হৈ পৰে। আৰক্ষীয়ে জনোৱাৰ মতে প্ৰায় তিনি দিনৰ আগত লিটিয়ন নদীৰ ওচৰত এই কয়লা খনন কাৰ্য আৰম্ভ হৈছিল।

আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ ভিতৰত চাৰিজন অসমৰ, ছয়জনকৈ পশ্চিম গাৰো পাহাৰৰ আৰু তিনিজন পূব জয়ন্তী পাহাৰৰ আছিল বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে এন ডি এফৰ দলে ঘটনাস্থলিত উপস্থিত হৈ অভিযান চলাই যদিও কয়লাখনিত আবদ্ধ হোৱা ১৩ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।

শুকুৰবাৰে পুৱা ছয় বজাত ১৩ জন লোকে ৩৫০ ফুট গভীৰতালৈ নামি অবৈধভাৱে খনন কাৰ্য আৰম্ভ কৰিছিল৷

এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী কনৰেড ছাংমাই কয় যে এন ডি আৰ ফে আবদ্ধ হৈ পৰা লোককেইজনক উদ্ধাৰ কৰিবলৈ যথেষ্ট কষ্ট কৰিছে৷  কিন্তু এই পৰিস্থিতিৰপৰা উদ্ধাৰ হ’বলৈ সহজ নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদত প্ৰকাশ কৰে৷

উল্লখযোগ্য যে, এই ঘটনাৰ পূৰ্বেও ২০১২ চনত দক্ষিণ গাৰো পাহাৰত অবৈধ কয়লা খনন কাৰ্যত প্ৰায় ১৫ জন কৰ্মচাৰী কয়লাখনিত আৱদ্ধ হৈ পৰিছিল যদিও কেতিয়াও তেওঁলোকৰ শৰীৰ উদ্ধাৰ কৰিব পৰা নগ’ল৷ কয়লা অবৈধ খনন কাৰ্যক ৰাজ্য চৰকাৰে বাধা দিব পৰা নাই বুলি অভিযোগ উঠিছে।