লণ্ডনঃ বয়স আৰু স্বাস্থ্যৰ অৱস্থা অনুসৰি কৰ'না (covid-19)ত আক্ৰান্ত হ’লে প্ৰাণহানিৰ আশংকা প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ। এইকথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। কিন্তু কিছু শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য। সেয়া হৈছে, মহিলাৰ তুলনাত পুৰুষৰ কৰ'নাত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ সম্ভাৱনা বহুখিনি বেছি। 

কথাটো প্ৰথমতে চকুত পৰিছিল চীনত। দেশখনত কৰ'নাত আক্ৰান্ত পুৰুষৰ মৃত্যুৰ হাৰ ২.৪ শতাংশ হোৱাৰ বিপৰীতে নাৰীৰ ক্ষেত্ৰত এই হাৰ হৈছে ১.৭ শতাংশ। পৰৱৰ্তী সময়ত এই একেটা ঘটনা দেখিবলৈ পোৱা গ'ল ইটালী, স্পেইন, দক্ষিণ কোৰিয়া আৰু জাপানতো। ইটালীত মৃত কৰ’না ৰোগীৰ প্ৰায় ৭১ শতাংশই হৈছে পুৰুষ। একেদৰে স্পেইনত এতিয়ালৈকে মহিলাৰ তুলনাত প্ৰায় দুগুণ পুৰুষে এই ৰোগত প্ৰাণ হেৰুৱাইছে। 

পুৰুষৰ বাবে কৰ'না বেছি মাৰাত্মক নেকি?

প্ৰথমতে, এই বৈষম্যৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছিল ধূম্ৰপানক। চীনত ধূম্ৰপান কৰা পুৰুষৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশ হোৱাৰ বিপৰীতে নাৰীৰ সংখ্যা কেৱল ২ শতাংশ। ধূম্ৰপায়ীসকলৰ সাধাৰণতে পূৰ্বৰে পৰা শ্বাস-প্ৰশ্বাসৰ সমস্যা থাকে আৰু সেয়ে কৰ'নাত আক্ৰান্ত ধূম্ৰপায়ীৰ শৰীৰত এই ৰোগে জটিলতৰ ৰূপ ধাৰণ কৰে। 

তদুপৰি অন্য ব্যক্তিৰ তুলনাত যিহেতু ধূম্ৰপায়ীসকলে ঘনাই নিজৰ ওঁঠ স্পৰ্শ কৰি থাকে, সেয়ে কৰ’না ভাইৰাছে তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি। 

একাংশ বিশেষজ্ঞৰ মতে পুৰুষৰ জীৱন-প্ৰণালীও এইক্ষেত্ৰত বহু পৰিমাণে জগৰীয়া। নাৰীৰ তুলনাত পুৰুষে সাধাৰণতে নিজৰ হাত আৰু শৰীৰ অপৰিষ্কাৰকৈ ৰাখে আৰু পৰিচ্ছন্নতা সম্পৰ্কীয় বিধি-নিৰ্দেশনাসমূহ এক বৃহৎসংখ্যক পুৰুষে অৱজ্ঞা কৰে। লগতে ৰোগাক্ৰান্ত হোৱাৰ পাছতো চিকিৎসকৰ কাষ চাপিব নোখোজাৰ প্ৰৱণতাও পুৰুষৰ মাজত বেছি। 

অন্যহাতে জ'ন হ'পকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেলথৰ অধ্যাপক সাব্ৰা ক্লেইনৰ মতে ধূম্ৰপান বা তেনেকুৱা বাহ্যিক কাৰকৰ সলনি নাৰী আৰু পুৰুষৰ মাজত থকা কিছুমান প্ৰাথমিক জৈৱিক পাৰ্থক্যইহে এইক্ষেত্ৰত মূল ভূমিকা লৈছে। ক্লেইন আৰু আৰু কেবাগৰাকী বিশেষজ্ঞই চলোৱা অধ্যয়নত প্ৰমাণ হৈছে যে এইডচ্ আৰু হেপাটাইটিছ্ চি ৰোগৰ প্ৰতিৰোধ ক্ষমতা নাৰীৰ তুলনাত পুৰুষৰ কম। এই জন্মগত প্ৰতিৰোধ ক্ষমতা কৰ’না ৰোগৰ ক্ষেত্ৰতো কম হ'ব পাৰে বুলিও অনুমান কৰা হৈছে যদিও এই কথা এতিয়ালৈকে প্ৰমাণিত হোৱা নাই।

ৰোগ প্ৰতিৰোধত ভূমিকা লোৱা কোনো জিনৰ সক্ৰিয়তা নাৰীৰ তুলনাত কম হোৱাৰ বাবেও পুৰুষৰ মৃত্যুৰ হাৰ বেছি হ'ব পাৰে, এই সম্ভাৱনাও সাব্ৰা ক্লেইনৰ দৰে বিশেষজ্ঞসকলে নুই কৰা নাই। 

'দ্য গাৰ্ডিয়ান'ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বহু কেইখন দেশে কৰ'না ৰোগীৰ লিংগীয় পৰিসংখ্যা বৰ্তমানলৈকে প্ৰকাশ কৰা নাই। এনেকুৱা দেশবোৰৰ তথ্য উপলব্ধ হোৱাৰ পাছতহে ছবিখন অধিক স্পষ্ট হৈ পৰিব বুলি সদৰী কৰিছে বিশেষজ্ঞসকলে।