চিপাঝাৰঃ দৰঙৰ ঐতিহ্যমণ্ডিত দেৱান্দত সত্ৰত পূৰ্বৰ দৰে এই বেলিও তিনি দিনীয়াকৈ মথনী উৎসৱ অনুষ্ঠিত হৈছে৷ দেৱতা আৰু অসুৰৰ দ্বাৰা ক্ষীৰ সাগৰ মন্থন কৰাত লক্ষ্মী দেৱীৰ আৱির্ভাব হোৱা উপলক্ষে এই উৎসৱ পালন কৰা হয়৷

এই মথনী উৎসৱ অসমৰ হিন্দু সকলৰ এক অন্যতম পৰম্পৰাগত লোক উৎসৱ হিচাপে পৰিগণিত৷ বিশেষকৈ মধ্য অসমৰ দৰঙীয়া সমাজত এই উৎসৱ পৰম্পৰাগত ভাৱে পালন কৰা হয়৷

দৰঙৰ হাজৰিকা পাৰাৰ দেৱানন্দ সত্ৰত প্ৰতিবছৰে আহিন আৰু কাতি বিহুৰ সংক্ৰান্তিৰ দিনা মুলতঃ এই উৎসৱ পালন কৰা হয়৷ এই উৎসৱৰ সময়ত সত্ৰখনলৈ বিভিন্ন অঞ্চলৰ পৰা দৰ্শনাৰ্থী আৰু ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়৷