ডিজিটেল ডেস্কঃ বয়সৰ বাধা নেওচি সুঠাম শৰীৰ আৰু ব্যক্তিত্বৰ অধিকাৰী মডেলিং আৰু অভিনয় জগতৰ তাৰকা মিলিন সুমনৰ দেহত শনিবাৰে মাহ-হালধিৰ গোন্ধ। স্বাস্থ্য আৰু সৌন্দৰ্য সচেতন সুমনে শনিবাৰে পিন্ধিব দৰাৰ সাঁজ। কইনা অসমৰ। গুৱাহাটীৰ অংকিতা কোঁৱৰে শনিবাৰে বিবাহ পাশত আৱদ্ধ হ’ব মিলিন্দৰ সৈতে। 

শুকুৰবাৰৰ পৰা মিলিন্দৰ মাহ-হালধী সনা ফটো ফেচবুকত বিয়পি পৰিছে। হালধীয়া সাজত অংকিতা আৰু বগা সাজত মিলিন্দৰ মুখত বিৰিঙিছে আনন্দৰ হাঁহি৷ কেইবাদিন পূৰ্বে মিলিন্দ সুমন আৰু তেওঁৰ প্ৰেয়সী অংকিতা কোঁৱৰৰ বিচ্ছেদ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল৷ কিন্তু দুয়োয়েই সংবাদ মাধ্যমত ৰোমাঞ্চকৰ ছবি প্ৰকাশ কৰি সকলো খবৰ নস্যাৎ কৰিছিল। 

মিলিন্দ আৰু অংকিতাৰ বয়সৰ মাজৰ পাৰ্থক্যই সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছিল। পৰিয়ালৰ লোকেও অমান্তি প্ৰকাশ কৰা বুলি বাতৰি প্ৰকাশ পাইছিল৷ বয়সৰ প্ৰায় ২০ বছৰৰ ব্যৱধান ভালপোৱাত ব্যৱধান নহ’লগৈ অৱশেষত। মিলিন্দৰ দ্বিতীয় বিবাহ এয়া৷ ২০০৬ চনতে ফ্ৰান্সৰ এগৰাকী অভিনেত্ৰী মেলেন জামপানাইক বিয়া পাতিছিল সুমনে। ২০০৯ চনত ঘটিছিল বিবাহ বিচ্ছেদ। 

ইয়াৰ পাছত মিলিন্দে নিজতকৈ বয়সত ২০ বছৰৰ ব্যৱধান থকা সাহানা গোস্বামীৰ লগত সম্পৰ্কত আহে৷ প্ৰায় চাৰিবছৰীয়া সম্পৰ্কৰো যতি পৰে অলপতে৷ শেহতীয়াকৈ জানিব পৰা মতে ৫২ বছৰৰ মিলিন্দে সঁচা ভালপোৱাৰ সন্ধানত আছিল৷ সেই সন্ধান পালে অসমত। 

বিয়াৰ স্থান আলিবাগ। ফুলেৰে সু-সজ্জিত তোৰণ৷ মুঠৰ ওপৰত বয়স, স্থান কেতিয়াও বিবাহৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰাৰ নিদৰ্শন দাঙি ধৰিলে মিলিন্দ-অংকিতাই। 

অংকিতাৰ বিষয়ে কেইটামান নজনা কথাঃ 

► অংকিতাৰ আচল নাম সংকুস্মিতা কোঁৱৰ। 

► অংকিতা জন্মিছিল অসমৰ গুৱাহাটী চহৰত। 

► পিতৃ-মাতৃৰ নাম নিৰঞ্জনা কোঁৱৰ আৰু নগেন কোঁৱৰ। 

► ২০১৩ চনত এয়াৰ এছিয়াৰ কেবিন ক্ৰীউ এগজিকিউটিভ হিচাপে কাম কৰে অংকিতাই। 

► সম্প্ৰতি দিল্লীত থাকে অংকিতা।  

► শেহতায়ী খবৰ মতে অংকিতাৰ বয়স আনুমানিক ২৭ বছৰ।