জালাহঃ ভোগালী মানেই খোৱাৰ জুতি আৰু এই ভোগালীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে বাঘমাৰাৰ দৈৰ। ভোগালী বিহুৰ এই সময়ছোৱাত বহুজনে দৈ ক্ৰয় কৰাৰ বাবে ঢাপলি মেলে বৰপেটা জিলাৰ বাঘমাৰা অঞ্চললৈ।

অতীজৰে পৰা ভোগবাদী সমাজৰ মাজত বাঘমাৰাৰ দৈৰ যি সুনাম আছে সেয়া অটুত ৰাখিবলৈ বাঘমাৰাৰ দুগ্ধ ব্যৱসায়ীয়ে আজিও চেষ্টা অব্যাহত ৰাখিছে। তথাপি এচাম অসাধু ব্যৱসায়ীয়ে কেৱল মাত্ৰ ব্যক্তিগত মুনাফাক প্ৰাধান্য দি এই সুনাম নষ্ট কৰিবলৈ আৰম্ভ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে বাঘমাৰাৰ এজন সফল গাখীৰ ব্যৱসায়ী যতীন কলিতাই।

তেওঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ বৰগাঁওস্থিত বাথানৰ পৰা কেঁচা গাখীৰ আনি দৈ, ক্ৰীম, ঘিঁউ প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে। বাঘমাৰা অঞ্চলত দৈ ১২০ টকা প্ৰতি লিটাৰ, ঘিউঁ ৭০০ টকা প্ৰতি কেঃজিঃ , ক্ৰীম ৬০০ টকা প্ৰতি কেজি হিচাপত বিক্ৰী কৰি আহিছে। তেখেতে এই ব্যৱসায়ত প্ৰায় ৪৫ বছৰ ধৰি জড়িত হৈ আছে বুলি কয় ।

তেওঁৰ পৰিয়ালৰ সদস্যই ভৱিষ্যতে এই ব্যৱসায়ীৰ লগত জড়িত হ’বনে বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে নৱ প্ৰজন্মই এই ব্যৱসায়ৰ লগত জড়িত হ’বলৈ অনিচ্ছা প্ৰকাশ কৰে বাবে হয়টো তেৱেই এই ব্যৱসায় কৰা পৰিয়ালটোৰ অন্তিম ব্যক্তি হ’ব।

'আৰু ৫ বছৰ পিছত অসমৰ ৰাইজে হয়তো এনে খাঁটি দৈ খাবলৈ নাপাব। মাঘ বিহুতো পেকেটৰ দৈ খাব লাগিব। তথাপি আমি চেষ্টা কৰি যাম।'-যতীনে কয়।

তেঁও ক্ষোভেৰে কয় যে গাখীৰ ব্যৱসায়ীসকলক চৰকাৰে কোনো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা নাই বাবে আৰ্থিক দিশত বহু সমস্যাৰ সন্মুখীন হয়। কিয়নো বছৰৰ আৰম্ভণিতে এই ব্যৱসায়ত বাথানত প্ৰায় ৫-৮ লাখ পৰ্যন্ত অগ্ৰিম ধন দিবল’গা হয়।

বৰ্তমানে তেওঁ দৈ, ক্ৰীম, ঘিঁউ গুৱাহাটী, নলবাৰী, বৰপেটা আদি ঠাইলৈ বিক্ৰীৰ বাবে ব্যৱসায়ীয়ে লৈ যায় আৰু কিছুমানে নিজে আহি বাঘমাৰাত থকা দোকানৰপৰা লৈ যায় বুলিও কয় । আনহাতে সেই একে প্ৰশ্নৰ উত্তৰত বাঘমাৰাৰ আন এজন দুগ্ধ ব্যৱসায়ী চৰ্ণা গাঁওৰ জনাৰ্দন হীৰাই কয় যে কোনো ধৰণৰ চৰকাৰী সুবিধা অবিহনে এই ব্যৱসায়ী কৰোটা এক প্ৰকাৰৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে।

ব্যৱসায়ৰ লগত জড়িত মাটিৰ সাজ-বাচনবোৰো তেওঁলোকে গাঁৱৰ পৰাই সংগ্ৰহ কৰে। উল্লেখ্য যে চৰ্ণা গাঁওত থকা মৃৎ শিল্পৰ সৈতে এই গাখীৰ ব্যৱসায়ীসকলৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। এটা বুজন পৰিমাণৰ মাটিৰ বাচন এই ব্যৱসায়ীসকলে ক্ৰয় কৰি মৃৎ শিল্পৰ অস্তিত্ব ৰক্ষা কৰি আহিছে।

বাঘমাৰাত এই ব্যৱসায়ৰ সৈতে জড়িত আন এজন ব্যৱসায়ী হ'ল কঠালমূৰী গাঁওৰ অশ্বিনী কলিতা। তেওঁৰ পৰিয়ালসহ বংশানুক্ৰমে এই ব্যৱসায়ীত জড়িত হৈ আহিছে। দাসৰ পিতৃ প্ৰয়াত ভৱেন কলিতাই প্ৰায় ৪৫ বছৰ ধৰি বাঘমাৰাত দুগ্ধ ব্যৱসায়ী কৰি আহিছিল। আনহাতে কহিৰাম হীৰা, প্ৰদীপ হীৰা, সুবোধ দাসো একো একোগৰাকী প্ৰতিষ্ঠিত দুগ্ধ ব্যৱসায়ী, যিসকলৰ অশেষ শ্ৰমে বাঘমাৰাৰ এঠা দৈক অসমৰ ভিতৰতে এক সুকীয়া স্থান প্ৰদান কৰিছে।