newsnextone.com | গুৱাহাটীঃ দুদিন পূৰ্বে বিশ্বনাথ জিলাৰ বিহালীত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত অংশ লৈ বিহালীৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জীত দত্তই নাম নোলোৱাকৈয়ে তীব্ৰ সমালোচনা কৰে সমষ্টিটোৰ জাতীয়তাবাদী সংগঠনৰ নেতাক৷ জানিব পৰা মতে, যোৱা কিছুদিন ধৰি এতাংশ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতাই বিহালী সমষ্টিত কেইবাটাও আঁচনি নিৰ্মাণত ব্যাপক দুৰ্নীতি সংগটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ জাতীয় সংগঠনৰ এই অভিযোগৰ ফলত সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

দুদিন পূৰ্বে মন্ত্ৰী দত্তই এখন সভাত অংশ লৈ জাতীয়তাবাদী নেতাৰ পৰা সৱাধানে থাকিব বুলি কয় ৰাইজক৷ ইমানে নহয় তেওঁ জাতীয়তাবাদী নেতাৰ সকলো কথা জানো বুলি কয়৷

মন্ত্ৰী দত্তই কয় ‘‘জাতীয়তাবাদী নেতাৰ পৰা সৱাধানে থাকিব৷ এক শ্ৰেণীৰ লোক আছে যিয়ে উন্নয়ন নিবিচাৰে৷ ৰাইজক বিপথে পৰিচালিত কৰে৷ সকলো কামেই তেওলোকে বেয়া হৈছে বুলি কয়৷ মোক দুৰ্নীতিৰ সৈতে জৰিত বুলি কব খোজে৷ মই তেনে কথাকলৈ চিন্তা নকৰো৷ আমি পৰকীয়া প্ৰেম কৰিবলৈ চতিয়ালৈ গৈ বান্ধ খোৱা নাছিলো৷ সেই বিলাকে বিহালীৰ ৰক্ষক৷ গৰুৰ গাড়ীৰ পৰা টকা লৈ গাড়ী এৰি দিয়ে৷’’ মন্ত্ৰীয়ে এনেদৰে আক্ৰমণ কৰে মন্ত্ৰীয়ে জাতীয় সংগঠনক৷  

আনহাতে জলসিঞ্চনৰ কেনেলৰ দেৱাল ভাঙি পৰিছে বুলি নিজেই উল্লেখ কৰি তাতেও মোক জৰিত কৰা হৈছে বুলি কয়৷ কিন্তু সেই বোৰ মানুহ কিমান নিকা মানুহ সেই তথ্য আমাৰ হাতত আছে বুলি কয় বিহালীৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জীত দত্তই৷ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া সভা-সমিতিয়ে সমষ্টিৰ জাতীয় দল-সংগঠনৰ নেতাক এনেদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷