ডিজিটেল ডেস্কঃ ছোমালিয়াৰ ৰাজধানী মগদীশুত সুৰক্ষা বলে এজন মন্ত্ৰীকে সন্ত্ৰাসবাদী বুলি গুলীচালনা কৰাত থিতাতে মৃত্যু হয় মন্ত্ৰীজনৰ।

মগদীশুৰ মেয়ৰৰ মুখপাত্ৰ আবদিফটেহ ওমৰ হেলেনে কয় যে সাৰ্বজনিক কাৰ্যমন্ত্ৰী তথা সাংসদ আব্বাচ আব্দুল্লাহী শ্বেইখ চিৰাজীৰ নিজা বাহনখনত বৃহস্পতিবাৰে সেনাই সন্ত্ৰাবাদীৰ গাড়ী বুলি অতৰ্কিতে গুলিচালনা কৰে। ফলত থিতাতে মৃত্যু হয় মন্ত্ৰীগৰাকীৰ। 

ঘটনাৰ বিৱৰণী মতে, ৰাস্তাত তহলদাৰী সেনাই মন্ত্ৰীগৰাকীৰ গাড়ীখন ৰখাই পৰীক্ষা কৰিবলৈ লওতে উগ্ৰপন্থীজনিত সন্দেহত হঠাতে গুলীচালনা কৰে। ফলত গাড়ীখনৰ ভিতৰত থকা মন্ত্ৰীগৰাকীৰ মৃত্যু ঘটে। 

উল্লেখ্য যে আল কায়দাৰ সৈতে সম্পৰ্কিত আল সবাব নামৰ স্থানীয় উগ্ৰপন্থী গোটটোৱে দেশখন সততে অশান্ত কৰি তোলাৰ পৰিপ্ৰেক্ষিতত আইন-শৃখলা যথেষ্ট অৱনতি ঘটিছে দেশখনত। এই সংগঠনটোৱে দেশখনত বৰ্তমান নিয়োজিত আফ্ৰিকান সংঘৰ শান্তিসেনাক ঘূৰাই পঠোৱাৰ বাবে অহৰহ কূটাঘাট সংঘটিত কৰি আহিছে।