গুৱাহাটীঃ চাওতে চাওতে এবছৰ পাৰ হ’ল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ। পিছে একাধিক ঘোষণা সত্বেও আজিলৈকে সম্প্ৰসাৰণ নহ’ল মন্ত্ৰীসভাৰ। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও এটাৰ পিছত এটাকৈ অজুহাত দেখুৱাই পিছুৱাই লৈ গৈ আছে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দিন-বাৰ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছতে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিতো দিছিল ৰাজ্যিক সভাপতিগৰাকীয়ে। 

এতিয়া যোৱা সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পিছত সম্প্ৰসাৰণৰ বিষয়টোৱে পুনৰ উক দি উঠিছে। বহুতেই কোন কোন নতুন বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হ’ব সেই লৈ আকৌ গুণা-গথা আৰম্ভ কৰিছে।

তেনে মুহূৰ্ততে বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পন্ন হৈ গ’লেও অতি শীঘ্ৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। ইয়াৰ বাবে অতি কমেও আৰু ৩-৪ মাহৰ প্ৰয়োজন হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে। ইয়াৰ কাৰণ হিচাপে সূত্ৰটোৱে এগৰাকী মহিলা বিধায়িকাৰ প্ৰসংগ উত্থাপন কৰিছে। এই বিধায়িকা গৰাকী হৈছে বটদ্ৰৱা সমষ্টিৰ আঙুৰলতা ডেকা।

সূত্ৰটোৱে জনোৱা মতে মাতৃ হ’বলৈ ওলাইছে এইগৰাকী মোহময়ী বিধায়িকা। বৰ্তমান তেওঁ প্ৰায় ৮ মাহৰ অন্তসত্বা। আৰু কেইদিনমান পিছতে তেওঁ লাভ কৰিব মাতৃত্বৰ গৌৰৱ। মোহময়ী বিধায়িকা গৰাকীয়ে মাতৃত্ব লাভ কৰি আজৰি হ’লেই ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই আৰম্ভ কৰিব মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অন্তিম কুচ-কাৱাজ।

উল্লেখ্য যে মিত্ৰ দল বিপিএফ আৰু অগপক বাদ দিলে বিধানসভাত বিজেপি দলটোৰ মহিলা প্ৰতিনিধি হৈছে মাত্ৰ দুগৰাকী। এগৰাকী হৈছে আঙুৰলতা আৰু আনগৰাকী সাংসদ বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া। এই দুয়োগৰাকীৰ যিকোনে এগৰাকীক মন্ত্ৰীত্ব দিবলৈ একপ্ৰকাৰ বাধ্য বিজেপি নেতৃত্ব।

সূত্ৰটোৰ মতে, মন্ত্ৰীসভা সম্প্ৰসাৰণত আৰ এছ এছৰ প্ৰভাৱক কোনোপধ্যে অস্বীকাৰ কৰিব নোৱাৰি। সেই দিশৰ পৰা অধিক লাভান্বিত হ’ব আঙুৰলতা। কিয়নো আৰ এছ এছৰ এটি শক্তিশালী লবীৰ সৈতে আঙুৰলতাৰ আছে সু-সম্পৰ্ক। আৰ এছ এছৰ শক্তিশালী এই লবীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিধায়িকাগৰাকীয়ে মাতৃত্ব অৰ্জন কৰা সময়লৈকে বাট চাবলৈ ৰাজ্যিক বিজেপি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাধ্য হৈ পৰিছে বুলিও দলটোৰ শীৰ্ষ সূত্ৰই সদৰী কৰিছে।

ইফালে আৰ এছ এছ লবীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই এতিয়া সমষ্টিত অধিক শক্তিশালী হৈ পৰিছে বিধায়িকা আঙুৰলতাৰ অভিনেতা স্বামী আকাশদ্বীপ। আঙুৰলতাৰ অন্তসত্বা অৱস্থাৰ দোহাই দি বিধায়িকা স্বামীয়ে সমষ্টিৰ কাম-কাজত হস্তক্ষেপ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ সমষ্টিবাসীয়ে। এই লৈ বিজেপিৰ একাংশ তৃণমূল কৰ্মী ক্ষুব্ধ হৈ পৰা বুলিও শীৰ্ষ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। বিজেপিৰ কেবাটাও ছিক্ৰেট হোৱাটছএপ গ্ৰুপতো বিষয়টো সন্দৰ্ভত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে।

এনে ছিক্ৰেট হোৱাটছএপ গ্ৰুপসমূহত আঙুৰলতাৰ মাতৃত্ব লাভৰ সৈতে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্পৰ্কক লৈ চৰ্চা চলা বুলি জানিবলৈ দিছে সূত্ৰটোৱে। কেৱল সিমানেই নহয়, দিছপুৰতো এই লৈ দেখা গৈছে ব্যাপক চৰ্চা। বহু দলীয় কৰ্মীয়ে এগৰাকী বিধায়িকাৰ বাবে মন্ত্ৰীসভা সম্প্ৰসাৰণ দিন বিভিন্ন অজুহাত দেখুৱাই পিছুৱাই অহা কাৰ্যক সহজভাৱে ল’ব নোৱাৰা বুলিও জানিব পৰা গৈছে। বিশেষকৈ এই লৈ ভীষণ অসন্তুষ্ট হৈ পৰিছে দাদা ব্ৰিগেড।

বিধায়িকাগৰাকীৰ লগতে দাদা ব্ৰিগেডৰ অন্যতম সদস্য পীয়ুষ হাজৰিকাও মধ্য অসমৰ হোৱাত বিষয়টোৱে অংকত খেলিমেলি লগোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততে দাদা ব্ৰিগেডে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ নতুন হিচাপ-নিকাচ কৰাত ব্যস্ত হৈ পৰা বুলিও আন এটা সূত্ৰই সদৰী কৰিছে।

কিন্তু সেয়া যিয়েই নহওক আৰ এছ এছ লবীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই এতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অপ্ৰতিৰোধ্য হৈ পৰিছে মোহময়ী বিধায়িকাগৰাকী। এই অনুযায়ী মন্ত্ৰীসভাত নতুন মুখৰ বাবে ৰাজ্যবাসীয়ে আৰু কেইমাহমান যে অপেক্ষা কৰিব লাগিব সেয়া নিশ্চিত।

মাতৃত্ব লাভ কৰি বিধায়িকাগৰাকী আজৰি হৈ উঠালৈ হয়তো শৰৎ কাল পাৰ হ’ব। সেই দিশৰ পৰা সূত্ৰটোৱে অহা নৱেম্বৰৰ ভিতৰত মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে। অৱশ্যে দাদা ব্ৰিগেডে যদিহে নতুন অংকৰ সমাধান উলিয়াব পাৰে তেন্তে সূত্ৰটোৰ অনুমান অসত্য প্ৰমাণ হ’বলৈ এক মুহূৰ্তৰো যে প্ৰয়োজন নহ’ব সেয়া নিশ্চিত।