টকিঅ’: ৰূপৰ পদকেৰে টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক জিনিলে মনিপুৰৰ জীয়ৰী মীৰাবাঈ চানুৱে৷ মহিলাৰ ভাৰোত্তলনত ৪৯কিলো শাখাত ৰূপৰ পদক অৰ্জন কৰি ২১ বছৰৰ মুৰত ইতিহাস ৰচিলে মীৰাবাঈয়ে৷ এই শাখা চীনৰ হাউ ঝুয়ে স্বর্ণ আৰু ইন্দোনেচীয়াৰ উইণ্ডি আইছাহে ব্ৰঞ্জৰ পদক লাভ কৰে৷ মীৰা বাঈয়ে ২০২ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি এই সন্মান অৰ্জন কৰে৷ আনহাতে চীনা খেলুৱৈ গৰাকীয়ে ২১০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোনৰ পদক লাভ কৰে৷ 
উল্লেখযোগ্য যে কৰ্ণম মালেশ্বৰীৰ পিচত মীৰাবাঈ চানু এই অভিলেখ অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ৷