♦ জেডিয়েল চামাৰ-বিকাশ কুমাৰ প্ৰধান ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত

মিৰ্জাঃ ভাৰতলৈ প্ৰত্যাবৰ্তন ঘটা সৰ্ববৃহৎ পেপাৰ প্লেন প্ৰতিযোগিতাৰ পঞ্চম সংস্কৰণ ৰেড বুল পেপাৰ উইংগছ-২০১৯ প্ৰতিযোগিতাখনি এইবাৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তত আজাৰাৰ ডনবস্কো ইউনিভাৰ্চিটীত বৃহস্পতিবাৰৰ বিয়লিৰপৰা আৰম্ভ হৈ নিশা প্ৰায় ৯ বজাত অন্ত পৰে।

দুটা বিভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত বিশ্ববিদ্যালয়খনৰ ৮৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি কাগজৰ উৰাজাহাজ উৰুৱাই এক সুকীয়া পৰিৱেশ সৃষ্টি কৰে। নিজৰ কলা সুলভ মনৰে নিজে তৈয়াৰ কৰা কাগজৰ উৰাজাহাজ প্ৰতিযোগীসকলে আৰ্হি প্ৰদৰ্শন কৰি দুটা শাখা ক্ৰমে দীৰ্ঘতম দূৰত্ব আৰু দীৰ্ঘকালীন উৰণ সময়ত ভাগ লৈ কাগজৰ উৰাজাহাজ উৰুৱায়।

এই প্ৰতিযোগিতাত ডনবস্কো বিশ্ববিদ্যালয়ৰ ছাত্র জেডিয়েল চামাৰ আৰু বিকাশ কুমাৰ প্ৰধানে ক্ৰমে দীৰ্ঘতম দূৰত্ব ২৩.৯০ মিটাৰ আৰু দীৰ্ঘকালীন উৰণ ৮.৬০ ছেকেণ্ড সময় চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি তেওঁলোকে এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিজয়ীসকলে অষ্ট্ৰিয়াত অনুষ্ঠিত হ’বলগীয়া আইকনিক হেংগাৰ-৭ বিশ্ব চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ৰেড বুল পেপাৰ ইউংগছ বিশ্ব চেম্পিয়ন প্ৰতিযোগিতালৈ সমগ্ৰ বিশ্বৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।