ডিজিটেল ৰিপ'ৰ্টঃ যোৱা দুই তিনি বছৰৰ পৰা এখন অসমীয়া ছবিয়ে চাৰিওঁফালে চৰ্চিত হৈ আছে, বিহু মঞ্চৰ পৰা সংবাদ মাধ্যমলৈ, ছ'চিয়েল মিডিয়াৰ পৰা গাঁৱৰ চুক-কোণলৈ। হয় আৰু এই চৰ্চা এতিয়া তুংগত কাৰণ জুবিন গাৰ্গৰ মহা আয়োজন 'মিছন চাইনা'ৰ মুক্তিৰ দিন লাহে লাহে কাষ চাপি আহিছে।

ছবিখনৰ পোষ্টাৰ, টিজাৰ,ট্ৰেইলাৰে ছ'চিয়েল মিডিয়া, বৈদ্যুতিক মাধ্যম, ছপা মাধ্যম সকলোতে চৰ্চিত হৈ আছে। বিশেষকৈ ছবিখনৰ টিচাৰটোৱে দৰ্শকৰ পৰা অপাৰ সহাৰি লাভ কৰিছে। ছুপাৰহিট গান "দিন জ্বলে ৰাতি জ্বলে" গানটো যোৱা বহুদিনৰ পৰা মানুহৰ মুখে মুখে আছিল। গীতটোৰ ভিডিঅটো মুক্তি দিয়াৰ পিছত উৎসাহ-উৎকন্ঠা দুগুণে বাঢ়িছে ছবিখনক লৈ।

গানটো ইতিমধ্যে ইউটিউব চাৰ্টবাষ্টাৰ হিচাপে পৰিগণিত হৈছে। মুঠতে ছবিখনক লৈ মানুহৰ আশা বহুত, এতিয়া আমি আশা কৰিছো ছবিখনে দৰ্শকক নিৰাশ নকৰে। ছবিখন অহা ৮ ছেপ্তেম্বৰত সমগ্ৰ অসমত মুক্তিলাভ কৰিব।

ছবিখন সীমাহীন চৰ্চিত হোৱাৰ অন্যতম কাৰণ জুবিন গাৰ্গ নিজেই। তাৰ পিছতে আছে ছবিখনৰ বাজেট তথা প্ৰডাকচন। বৃহৎ বাজেটৰ ছবিখন প্ৰযোজনা কৰিছে "আই ক্ৰিয়েচন'ৰ বেনাৰত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে। ছবিখন পৰিচালনা কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে নিজেই, ছবিখনৰ মু্খ্য চৰিত্ৰত দেখা যাব জুবিন গাৰ্গক। তেওঁৰ চৰিত্ৰটো কৰ্ণেল গোস্বামীৰ।

আন চৰিত্ৰত ত্ৰিদীপ লাহন, দীপলিনা ডেকা,বিভুতি ভূষণ হাজৰিকা, নবদ্বীপ বৰগোঁহাই, পাৰ্থসাৰথি মহন্ত, পৱিত্ৰ ৰাভা, য়াংকী পৰাশৰৰ লগতে আৰু বহুতো ন-পুৰনি শিল্পীক দেখা যাব। ছবিখন কাৰিকৰী দিশত বলিউড তথা হলীউডৰ ছবিৰ লগত ফেৰ মাৰিব পৰা হৈছে বুলি জানিব পৰা গৈছে।

ছবিখনৰ কাহিনী/চিত্ৰনাট্য, সংগীত আৰু পৰিচালনা জুবিন গাৰ্গৰ নিজৰ আৰু তেওঁ ইতিমধ্যে "মিছন চাইনা" ছবিখনৰ প্ৰচাৰ পুৰ্ণগতিত চলাই আছে। ছবিখনৰ কষ্টিউম ডিজাইন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু গানবোৰত আৰু ট্ৰেইলাৰত তাৰ প্ৰভাৱ দেখা গৈছে। জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা সকলোৱে জানে অগণন, গতিকে অনুৰাগীৰ মাজত ছবিখনক লৈ বুজাব নোৱাৰা উৎসাহ দেখা গৈছে।

সকলোৱে প্ৰথম দিনৰ প্ৰথম শ্ব' চোৱাৰ বাবে অপেক্ষা কৰি আছে। অসমীয়া ছবি ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ছবি 'মিছন চাইনা'ই বক্স অফিচত বাম্পাৰ আৰম্ভণি লাভ কৰাৰ লগতে বহুতো ৰেকৰ্ড ভংগ কৰিব পাৰিব বুলি আশা কৰিব পাৰি। আমিওঁ আশাবাদী অসমীয়া ছবিৰ শুকান মাটিত 'মিছন চাইনা'ই পানী দি অসমীয়া ছবিজগতক আকৌ ঠন ধৰি উঠাত সহায় কৰিবলৈ সমৰ্থ হ'ব।