ডিজিটেল ডেস্কঃ ডিজিটেল ইণ্ডিয়াক বাস্তাৱায়িত কৰিবলৈ পূৰ্ণোদ্যমে আগবাঢ়িছে মোদী চৰকাৰ৷ সাধাৰণ লোকৰ সুবিধাৰ্থে এইবাৰ মুকলি কৰা হ’ল এম আধাৰ এপ৷ 

ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়া (UIDAI) য়ে টুইটাৰৰ জড়িয়তে আজি এই কথা প্ৰকাশ কৰিছে৷ এই এপত ইউজাৰৰ ছবি, নাম, জন্ম চন, লিংগ, ঘৰৰ ঠিকনা আৰু আধাৰ নম্বৰ থাকিব৷ 

বৰ্তমান এনড্ৰইড ফোনসমূহতে থাকিব এই এপ৷ ইউজাৰৰ সুৰক্ষাৰ বাবে বায়মেট্ৰিক লক ফিচাৰ সন্নিবিষ্ট কৰা হৈছে এই এপত৷ তদুপৰি এই এপটো ব্যৱহাৰ কৰিবলৈ ম’বাইল নম্বৰ পঞ্জীকৃত হ’ব লাগিব৷