গুৱাহাটীঃ অসম চৰকাৰৰ যোগান বিভাগে আজিৰে পৰা গুৱাহাটীৰ ৮২টা স্থানত পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈকে দৈনিক ভাৱে শাক-পাচলি সুলভ মূল্যত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে উক্ত স্থানসমূহত স্থাপন কৰা হৈছে ভ্ৰাম্যমাণ বিক্ৰী কেন্দ্ৰ।

যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, কৃষিমন্ত্ৰী অতুল বৰা, কৃষি বিষয়া আৰু প্ৰশাসনিক বিষয়াসকলে যোৱা ৭ এপ্ৰিলত এক আলোচনাত মিলিত হৈ গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে এই ব্যৱস্থা হাতত লৈছে। ৰাইজে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত শাক-পাচলিবোৰ কিনিব পৰাকৈ এই কেন্দ্ৰসমূহ চোৱা-চিতাৰ দায়িত্বত আছে অসম কৃষি বিপনন পৰিষদৰ বিষয়া-কৰ্মচাৰীসকল।

ইফালে আজি এই কেন্দ্ৰ মুকলি কৰাৰ পিছতে মহানগৰবাসীয়ে সামাজিক দূৰত্ব মানি চলি শাক-পাচলি ক্ৰয় কৰা দেখা গৈছে। ওপৰৰ ফটোত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ সমীপত স্থাপিত শাক-পাচলিৰ এটা বিক্ৰী কেন্দ্ৰৰ বুধবাৰৰ দৃশ্য দেখা গৈছে।