ডিজেটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত বলীউডত নিৰ্মাণ হ’ব চলচিত্ৰ৷ শেহতীয়াকৈ প্ৰকাশ হোৱা এই খবৰে বলীউডৰ ভিতৰতো যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে৷

খবৰ অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিব অক্ষয় কুমাৰে৷ চিবিএফচিৰ অধ্যক্ষ পহলাজ নিহলানীয়ে চলচিত্ৰখনৰ সন্দৰ্ভত মতামত আগবঢ়াইছে৷ নিহলানীয়ে মতামত দি কয় যে প্ৰধানমন্ত্ৰীৰ চৰিত্ৰৰ বাবে অক্ষয় কুমাৰতকৈ শ্ৰেষ্ঠ কোনো হ’বই নোৱাৰে৷

আনহাতে বলীউডৰ জ্যেষ্ঠ অভিনেতা তথা বিজেপি সাংসদ শত্ৰুঘ্ন সিনহাই মিঃ ক্লিন আখ্যা দিছে অক্ষয়ক৷ অৱেশ্যে এনডিটিভিৰ সাক্ষাতকাৰত অভিনেতাজনৰ ব্যাক্তিগত সচিবে এই কথা অস্বীকাৰ কৰে৷

এতিয়ালৈ তেনে কোনো চলচিত্ৰৰ কাম অভিনেতাগৰাকীয়ে লোৱা নাই বুলি উল্লেখ কৰিছে সচিবে৷ উল্লেখযোগ্য যে কেইদিনমানৰ ভিতৰতে মুক্তি পাব অক্ষয় অভিনীত 'টয়লেটঃ এক প্ৰেম কথা' নামৰ চলচিত্ৰখন৷ মূলতঃ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানক উদ্যেশি নিৰ্মাণ কৰা হৈছে এই চলচিত্ৰখন৷