Printer-friendly version

নতুন দিল্লীঃ কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে পুনৰ গঠন হৈছে মোডী চৰকাৰ৷ ভাৰত চৰকাৰৰ দ্বাৰা এইবাৰ ৮ খনকৈ কেবিনেট কমিটি গঠন কৰে৷ 

৮ টাৰ ভিতৰত ৬ টা কেবিনেট কমিতিৰ দায়িত্ব গ্ৰহণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ গৃহ মন্ত্ৰী অমিত শ্বাহক ৮ কেবিনেট কমিতি দায়িত্ব দিয়াৰ উপৰিও ৰাজনাথ সিঙক মাথো ২টা কেবিনেট কমিটিৰ প্ৰতি দায়িত্ব ভাৰ দিয়া হয়৷

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক ৬, ৰে’ল মন্ত্ৰী পীয়ুয গোৱেল ৫ খন কেবিনেট কমিতিৰ দায়িত্ব দিয়া হৈছে৷ 


 
দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰ্থিক সমস্যাই দেখা দিয়া মোদীয়ে এই পদক্ষেপ গ্ৰহণ কৰে৷        

এই ৮ খন কেবিনেট কমিতি হৈছেঃ এপইণমেণ্টছ কমিতি অৱ দ্যা কেবিনেট, কেবিনেট কমিতি অন এক’মডেচন, কেবিনেট কমিতি অন ইক’ন’মিক অফেয়ৰ্ছ, কেবিনেট কমিতি অন পাৰ্লিয়ামেণ্টেৰি অফেয়ৰ্ছ, কেবিনেট কমিতি অন পলিটিকেল অফেয়ৰ্ছ, কেবিনেট কমিতি অন ছিকিউ’ৰটি, কেবিনেট কমিতি অন ইনভেছমেণ্ট এণ্ড গ্ৰ’থ, কেবিনেট কমিতি অন ইমপ্ল’ইমেন্ট এণ্ড স্কিল ডেভেলপমেণ্ট৷